Gauhati Press Club GPC ChronicleDigital Edition · Gauhati Press Club
GPC Chronicle October 2026 cover
Inside this edition

Contents

01
শক্তিৰূপেণ…
Article · MONTU SAIKIA
4
02
সাংবাদিকৰ ঐক্যই সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল শক্তি
Article · KHAGEN KALITA
11
03
দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ
Article · ANUPAMA DEKA
14
04
দেৱীৰ ভক্ত হোৱাৰ অৰ্হতা কি ?
Article · JATIN BHAGAWATI
23
05
জুবিন গাৰ্গৰ আদৰ্শেৰে বধ হওক মনৰ মহিষাসুৰ
Article · Hemanta Sarma
25
06
সংবাদ মাধ্যম আৰু সাহিত্য
Article · Naresh Kalita
29
07
ধৰ্মীয় উন্মাদনাৰ জুইকুৰাই এদিন সকলোকে দহিব
Article · Nayan Kumar Sarma
35
08
ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…
Article · Achyut Kumar Patowary
39
09
THE GODDESS AND THE WOMEN ON EARTH
Article · DURBA GHOSH
50
10
সাংবাদিকৰ ভাষা
Article · Gautam Sharma
53
11
একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ
Article · JITENDRA KUMAR CHOUDHURY
64
12
ভুৱা খবৰ-অপপ্ৰচাৰৰ বিৰুদ্ধে সাংবাদিকতাই হওক আধুনিক যুগৰ দুৰ্গাশক্তি
Article · SHAH ALAM
69
13
অলৌকিক
Story · Pranjal Sen Deka
71
14
জীৱন্ত দেৱী দুর্গা!
Photo Gallery · Dibya Jyoti Rabha
90
15
নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন
Article · Mousumi Konwer
91
❦
কবিতা · Poetry
7 poems
99
16
এলবাম
Poem · Ranjit Patgiri
100
17
যেতিয়া আমি শেষবাৰৰ বাবে দেখা হৈছিলো
Poem · Udaijit Buragohain
102
18
শৰৎ
Poem · Dristirupa Bordoloi
104
19
পিতাই
Poem · DIGANTA DAS
106
20
খবৰ
Poem · Tushmita Gogoi
108
21
শৰতে মোৰ খিৰিকীৰে
Poem · Moni Mahanta
109
22
বিষাদৰ ডায়েৰী
Poem · KALYAN KUMAR KALITA
110
23
সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ
Other Writing · Subham Goswami
111
GPC Chronicle · October 202602

শাৰদীয় অনুভৱৰে এক নতুন যাত্ৰা; সাধাৰণ সম্পাদকৰ বাৰ্তা

শৰৎ মানেই এক অনিৰ্বচনীয় অনুভৱ। নীলা আকাশ, শুকুলা ডাৱৰ, শেৱালিৰ সুবাস আৰু কঁহুৱাৰ কোমল দোলনিয়ে কঢ়িয়াই আনে শৈশৱৰ মধুৰ স্মৃতি। পূজাৰ নতুন কাপোৰ, ঢাক-ঢোলৰ শব্দ আৰু মণ্ডপে মণ্ডপে ঘূৰি ফুৰাৰ আনন্দই মনত জগাই তোলে শাৰদীয় নষ্টালজিয়া। সময় সলনি হ’লেও এই আৱেগ চিৰন্তন।

এই শাৰদীয় অনুভৱৰ মাজতে গুৱাহাটী প্ৰেছ ক্লাবে আমাৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে ই-মেগাজিন প্ৰকাশৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ‘GPC Chronicles’ কেৱল এখন ই-মেগাজিন নহয়; ই সাংবাদিকসকলৰ চিন্তা, সৃষ্টিশীলতা, অভিজ্ঞতা আৰু সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশৰ এক উমৈহতীয়া মঞ্চ।

শাৰদীয় দুৰ্গোৎসৱৰ বিশেষ সংখ্যাৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিছোঁ। পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়; ই আমাৰ সংস্কৃতি, সম্প্ৰীতি আৰু মানৱীয় সম্পৰ্কৰ প্ৰতিফলন। এই বিশেষ সংখ্যাৰ জৰিয়তে শাৰদীয় আৱেগক শব্দৰ মাজেৰে ধৰি ৰখাৰ বিনম্ৰ প্ৰয়াস কৰা হৈছে।

এই প্ৰয়াসক সাৰ্থক কৰি তুলিবলৈ লেখা আগবঢ়োৱা প্ৰতিগৰাকী সাংবাদিকলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। ব্যস্ততা আৰু কৰ্মক্ষেত্ৰৰ প্ৰত্যাহ্বানৰ মাজতো আপোনালোকে আগবঢ়োৱা সহযোগিতা আৰু উৎসাহে আমাক অনুপ্ৰাণিত কৰিছে।

‘GPC Chronicles’-ৰ যাত্ৰা ইয়াতে সীমাবদ্ধ নাথাকক। শিল্প, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি, অৰ্থনীতি আৰু সমসাময়িক বিষয়সমূহক লৈ আপোনালোকৰ চিন্তা-চৰ্চা আৰু সৃষ্টিশীল লেখাৰে এই মঞ্চ সমৃদ্ধ কৰি তুলক। জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো সাংবাদিকৰ সক্ৰিয় অংশগ্ৰহণেৰে ই জ্ঞান, চিন্তা আৰু সৃষ্টিশীলতাৰ এক শক্তিশালী মঞ্চ হৈ উঠক।
আমাৰ বিশ্বাস, এই ক্ষুদ্ৰ আৰম্ভণিয়ে ভৱিষ্যতে এক সুদূৰপ্ৰসাৰী যাত্ৰাৰ বাট মুকলি কৰিব।

আপোনালোকৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

হেঁপাহেৰে,
অমৰেন্দ্ৰ ডেকা
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

শাৰদীয়SPECIAL EDITION
Gauhati Press Club · Sharadiya Special03
Writer
Article

শক্তিৰূপেণ…

MONTU SAIKIA17 October 2026

দুৰ্গা পূজে ৰামচন্দ্ৰই ৰাৱণ বধিবে
ৰামচন্দ্ৰই পাতে পূজা শৰৎ কালতে...

দুৰ্গোৎসৱ সনাতনী হিন্দুসকলৰ এক জাকজমকীয়া সৰ্বজনীন ধৰ্মীয় উৎসৱ৷ আহিন মাহ অৰ্থাৎ শৰৎকালত পতা দুৰ্গাপূজা শাৰদীয় দুৰ্গোৎসৱ নামেৰে পৰিচিত৷ ইফালে শৰৎকালৰ উপৰি চ’ত মাহত অৰ্থাৎ বসন্ত কালতো দুৰ্গাপূজা পালন কৰা হয় বাসন্তী পূজা হিচাপে৷ চ’ত মাহৰ প্ৰতিপদৰ পৰা নৱমীলৈকে পতা এই পূজাভাগ চৈত্ৰ নবৰাত্ৰি নামেৰে জনাজাত৷ আনহাতে ষষ্ঠীৰ পৰা দশমীলৈ পতা শক্তি পূজাভাগেই শাৰদীয় দুৰ্গাপূজা৷ সহজ কথাত চ’ত মাহত তথা বসন্ত কালত পতা কাৰণে বাসন্তী পূজা আৰু শৰৎ কালত পতা কাৰণে শাৰদীয় দুৰ্গাপূজা৷

GPC Chronicle · October 20264
CONTINUED · PART 2 OF 7

শক্তিৰূপেণ…

শ্ৰীৰামচন্দ্ৰই ৰাৱণ বধৰ হেতু লংকা আক্ৰমণৰ বাবে আপদকালীনভাৱে শৰৎ কালত দুৰ্গাপূজাৰ আয়োজন কৰিছিল৷ মহাপঞ্চমীৰ পৰা শাৰদীয় পূজাভাগ আৰম্ভ হ’লেও প্ৰকৃততে কৃষ্ণাষ্টমী মহালয়াৰ পৰাই দুৰ্গাপূজাৰ আদিপৰ্ব আৰম্ভ হয়৷ দুৰ্গোৎসৱ শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত বা চ’ত মাহৰ শুক্লপক্ষত পালন কৰা হয়৷
ভাৰতীয় উপ-মহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে৷ বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলে দুৰ্গাপূজা পালন কৰে সৰ্বাত্মক ৰূপত৷ বাংলাদেশৰ ঢাকেশ্বৰী দুৰ্গাপূজা বিখ্যাত৷ নেপালতো দুৰ্গতি নাশিনীৰ পূজা হয়, অসুৰ নাশ হয়৷ অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ডত দুৰ্গোৎসৱ মানেই জনসমুদ্ৰ৷ পশ্চিমবংগত এই উৎসৱৰ ব্যাপকতা সাৰ্বজনীন আৰু সৰ্বাত্মক৷ ঢাক-ঢোল-মাদলৰ শব্দত কঁপি উঠে গংগা-পদ্মাৰ পাৰ৷ কলকাতাৰ দুৰ্গাপূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিৱিষ্ট হৈছে৷

বংগদেশত প্ৰায় চাৰে তিনিশ বছৰৰ পূৰ্বে তাহেৰপুৰৰ ৰজা কংসনাৰায়ণে সৰ্বপ্ৰথমে দুৰ্গাপূজা অনুষ্ঠিত কৰা বুলি প্ৰবাদ আছে৷ দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ মাজত থাকে৷ মূৰ্তিৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ৷ দেৱীৰ বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক৷ কলকাতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰা বুলি ইউকিপিডিয়াত উল্লেখ আছে৷

GPC Chronicle · October 20265
CONTINUED · PART 3 OF 7

শক্তিৰূপেণ…

দেৱী দুৰ্গা শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে যুগে যুগে পূজিত হৈ আহিছে৷ দুৰ্গাপূজা প্ৰচলনক লৈ কেইবাটাও প্ৰাচীন কাহিনী পোৱা যায়৷ কৃত্তিবাসী ৰামায়ণৰ মতে ত্ৰেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবৰ হেতু শক্তিলাভৰ কাৰণে অকালতে শৰৎকালত শক্তিপূজা অৰ্থাৎ দুৰ্গাদেৱীৰ পূজাৰ আয়োজন কৰে৷ প্ৰচলিত ৰীতি-নীতিৰ ব্যতিক্ৰম ঘটাই শ্ৰীৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনাই অকালবোধন দুৰ্গোৎসৱ পালন কৰে৷ প্ৰবাদ মতে ৰামচন্দ্ৰই পতা দুৰ্গোৎসৱৰ পুৰোহিত আছিল আকৌ ৰাৱণেই৷ প্ৰকৃততে ৰাৱণ বৰ ধাৰ্মিক আছিল৷ যাৰ বাবে ঘোৰ শত্ৰু ৰামে আয়োজন কৰা পূজাৰ পুৰোহিত হৈছিল, যিখন পূজাৰ মূল উদ্দেশ্য হ’ল তেওঁৰেই বিনাশ৷ অৱশ্যে বাল্মীকি ৰামায়ণত ৰামচন্দ্ৰই পতা দুৰ্গোৎসৱৰ কোনো নাম-গোন্ধ নাই৷

GPC Chronicle · October 20266
CONTINUED · PART 4 OF 7

শক্তিৰূপেণ…

আনহাতে, পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাৰ গৰ্ভত দুৰ্গাদেৱী কিম্বা উমাৰ জন্ম৷ দেৱ দেৱ মহাদেৱ নীলকণ্ঠ জঁটাধাৰী ভোলানাথ হ’ল দুৰ্গাদেৱীৰ স্বামী৷ দুৰ্গাদেৱী দশভুজা, ৰণচণ্ডী, কালী, কপালী, নৃমুণ্ডমালিনী, মহিষমৰ্দিনী, উমা আদি বিভিন্ন নামেৰে অভিহিতা৷ সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমলৈ গৈ মুনিৰ শৰণাপন্ন হয়৷ মুনিৰ পৰামৰ্শ মতেই সুৰথ ৰজাই বসন্ত কালত সৰ্বপ্ৰথম দুৰ্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ আশিস লাভেৰে শত্ৰুক পৰাভূত কৰি হেৰুওৱা ৰাজ্য উদ্ধাৰ কৰে৷ বসন্ত কালত অনুষ্ঠিত হোৱা বাবে এই পূজাক বাসন্তী পূজা নামেৰেও জনা গৈছিল৷ দশভুজা দেৱীয়ে দশহস্তে দহপাট শাণিত অস্ত্ৰ ধৰি, সিংহৰ পিঠিত আৰোহণ কৰি অশুভ শক্তি মহিষাসুৰক বধ কৰিছিল৷ যি মহিষাসুৰৰ ভয়ত দেৱতা, মনুষ্য, ঋষি থৰহৰি কম্পমান হৈছিল আৰু উমাই দশভুজা শক্তিদায়িনীৰূপে অশুভশক্তি মহিষাসুৰক বধ কৰিছিল৷ আদ্যাশক্তি দুৰ্গাই দহহাতে দহপাট অস্ত্ৰ লৈ দশোদিশৰ পৰা মহাবীৰ্যমান অসুৰৰূপী অশুভ শক্তিক নাশ কৰি বিশ্ববাসীৰ মাজৰ মহাশান্তি প্ৰতিষ্ঠা কৰিছিল৷

GPC Chronicle · October 20267
CONTINUED · PART 5 OF 7

শক্তিৰূপেণ…

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত দেৱীৰ বোধন কাৰ্য আৰম্ভ কৰি সপ্তমী, অষ্টমী, আৰু নৱমীত ভক্তসকলে যথাৰীতিমতে দেৱী পূজা কৰি ভক্তি অঞ্জলি নিবেদনেৰে ধূপ-বন্তি জ্বলাই, নৈবেদ্য আগবঢ়াই দশমীৰ দিনা দেৱীক বিসৰ্জন দিয়ে৷ দুৰ্গোৎসৱৰকেইদিন ধূপ-ধূনা আৰু হোমৰ গোন্ধই এক অনাবিল পৰিৱেশৰ সৃষ্টি কৰে আৰু দবা, কাঁহ-শংখ ঘণ্টাৰ লগতে মাদলৰ সন্মিলিত শব্দই দহোদিশ ৰজনজনাই যায়৷ বিজয়া দশমীত দেৱী বিসৰ্জনৰো এক তাৎপৰ্য আছে৷ প্ৰবাদ আছে যে– হিমালয়ৰ কন্যা দুৰ্গাই বিবাহৰ বহু বছৰৰ পাছত পুত্ৰ-কন্যা সমন্বিতে মাত্ৰ তিনি-চাৰি দিনৰ বাবেহে পতি গৃহৰ পৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ মেনকা সমন্বিতে সকলো আত্মীয়কে কন্দুৱাই চতুৰ্থ দিনাই পুনৰ পতিঘৰলৈ গমন কৰিছিল৷ সেই বাবেই দুৰ্গাপূজাৰ চতুৰ্থ দিনাই দেৱীক বিসৰ্জন দিয়া হয়৷

ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ৷ দুৰ্গাপূজা প্ৰৱৰ্তনক লৈ এক আখ্যানো পোৱা যায়৷ অৱশ্যে এই আখ্যানৰ কোনো প্ৰামাণিক তথ্য নাই৷

দেৱী ভাগৱত পুৰাণ অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে৷ মনুৰ তপস্যাত প্ৰসন্ন হৈ দেৱী দুৰ্গাই তেওঁক বৰ দিলে– ‘হে মহাবাহু, তোমাৰ তপস্যা সিদ্ধ হওক৷ বৎস তোমাক বৰ দিলো– তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰিবা৷’

GPC Chronicle · October 20268
CONTINUED · PART 6 OF 7

শক্তিৰূপেণ…

আদিশক্তি হিচাপে আমি অম্বিকা নামটোও পুৰণি শাস্ত্ৰত পাওঁ৷ অম্বিকা হ’ল দুৰ্গা বা পাৰ্বতীৰ এক ৰূপ৷ এইগৰাকী দেৱী অষ্টভুজা৷ তেওঁক ভাগৱতী বা চণ্ডী নামেৰেও জনা যায়৷ অম্বিকা নামৰ অৰ্থ হ’ল আদিশক্তি তথা বিশ্বজগতৰ মা৷ স্বচন্দ পুৰাণত দেৱী মহামায়া বুলি উল্লেখ আছে আৰু পাৰ্বতীৰ দেহৰ পৰা আৱিৰ্ভাৱ হোৱা বুলি বৰ্ণিত৷ দেৱী অম্বিকাই সন্ত আৰু নিসন্ত নামৰ দুটা দৈত্যক হত্যা কৰিছিল৷ দেৱীক অম্বা, দুৰ্গা, ভগৱতী, পাৰ্বতী, ভৱানী, অম্বে, শেৰাৱালি, মাতাৰাণী আদি নামেৰেও জনা যায়৷ প্ৰকৃততে দেৱী মাৰ সৈতে মহাকালী, মহাদুৰ্গা, পাৰ্বতী, ভৱানী, চণ্ডীকা, সতী, ভুবনেশ্বৰী, ভৈৰৱী, ত্ৰিপুৰা সুন্দৰী, মা কালী, দক্ষিণা কালী, সিদ্ধিদাত্ৰী, নৱদুৰ্গা, অন্নপূৰ্ণা আদি নাম জড়িত আৰু সম্পৰ্কিত৷ দেৱী দুৰ্গা বা পাৰ্বতীৰ নটা ৰূপ৷ যাক নৱছগা ৰূপে জনা যায়৷ প্ৰতিগৰাকী দেৱীক নটা ভিন্ন ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়৷ এয়ে হ’ল দেৱনাগৰী নৱৰাত্ৰি৷ মহাদেৱৰ পত্নী গৌৰীৰ নৱৰূপ৷ দুৰ্গা বা পাৰ্বতীৰ এই নটা ভিন্ন ৰূপ হ’ল– কাত্যায়নী, কালৰাত্ৰি, সিদ্ধিদাত্ৰী, শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা আৰু মহাগৌৰী৷

 

GPC Chronicle · October 20269
CONTINUED · PART 7 OF 7

শক্তিৰূপেণ…

স্মৰ্তব্য যে দেৱী পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰ ভিতৰত অন্যতম চামুণ্ডা৷ চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ সমষ্টি চামুণ্ডা৷ পাৰ্বতীৰ আন এক বিকটৰূপ কালীৰ সৈতে চামুণ্ডাৰ সম্পৰ্ক অতি ওচৰৰ৷ প্ৰাচীন কালত চামুণ্ডালৈ নৰবলিও আগবঢ়োৱা হৈছিল৷ শদিয়াৰ শক্তিশালী শক্তিপীঠ কেঁচাইখাতী গোঁসানীৰ ওচৰত ৰজা-মহাৰজাৰ দিনত নৰবলি প্ৰথা প্ৰচলনৰ প্ৰবাদ আছে৷ নেপালত দেৱীক বৰাহী বুলি কোৱা হয়৷ বৰাহী হৈছে বিষ্ণুৰ দহ অৱতাৰৰ এক অৱতাৰ বৰাহৰ নাৰী শক্তি৷ দেৱী দুৰ্গাৰ এক অৱতাৰ কাত্যায়নী৷ দেৱী কাত্যায়নীক চতুৰ্ভুজা, অষ্টভুজা অথবা দশভুজা ৰূপত আৰাধনা কৰা হয়৷

 

কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ বাবে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল৷ ৰঙা ৰঙৰ প্ৰতীক কাত্যায়নী৷ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কাত্যায়নী দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত৷ পতঞ্জলিয়ে ৰচনা কৰা ‘মহাভাষ্য’ত ৰঙা ৰঙৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে৷ যজুৰ্বেদতো দেৱী কাত্যায়নীৰ কথা উল্লেখ আছে৷ দেৱী ভাগৱত পুৰাণ আৰু মাৰ্কণ্ডেয় পুৰাণতো দেৱীৰ মাহাত্ম্য বৰ্ণনা আছে৷ বৌদ্ধ, জৈন আৰু তান্ত্ৰিক প্ৰাচীন পুথিসমূহতো কাত্যায়নী পূজাৰ কথা পোৱা যায়৷ কালিকা পুৰাণৰ মতে উদ্ৰেদেশৰ [ওড়িশা] দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি৷ মহাদেৱীৰ এক শক্তিশালী ৰূপ দেৱী চণ্ডী বা চণ্ডিকা৷ দেৱীয়ে অশুভ শক্তি নাশ কৰিছিল৷

য়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ৷

GPC Chronicle · October 202610
Writer
Article

সাংবাদিকৰ ঐক্যই সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল শক্তি

KHAGEN KALITA18 October 2026

সাংবাদিকতা গণতন্ত্ৰৰ অন্যতম শক্তিশালী স্তম্ভ। এখন সুস্থ আৰু গণতান্ত্ৰিক সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জনসাধাৰণৰ সমস্যা, সমাজৰ সমস্যা তুলি ধৰাতো সাংবাদিকতাৰ অন্যতম প্ৰধান দায়িত্ব। কিন্তু এই দায়িত্ব পালন কৰিবলৈ গৈ সমগ্ৰ দেশতে সাংবাদিক সমাজে বিভিন্ন পক্ষৰ পৰা আক্ৰমণ, ভাবুকি আৰু বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে পৰিস্থিতিত সাংবাদিকতাৰ স্বাধীনতা আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সকলো স্তৰৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান।

সাংবাদিকসকলৰ মাজত সংবাদ প্ৰতিষ্ঠান, মতাদৰ্শ আৰু দৃষ্টিভংগীৰ পাৰ্থক্য থকাটো স্বাভাৱিক। কিন্তু এই পাৰ্থক্যৰ বাবে সাংবাদিক সমাজৰ সামূহিক স্বাৰ্থ আৰু পেছাগত সংহতি যাতে দুৰ্বল নহয়, তাৰ প্ৰতি আমি সচেতন হোৱা উচিত। এজন সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ কেৱল তেওঁৰ ব্যক্তিগত সমস্যা নহয়; ই সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰৰ প্ৰতিও এক প্ৰত্যাহ্বান। সেয়েহে কোনো সাংবাদিক অন্যায়ৰ সন্মুখীন হ'লে তেওঁৰ কাষত থিয় দিয়াটো সমগ্ৰ সাংবাদিক সমাজৰ দায়িত্ব।

GPC Chronicle · October 202611
CONTINUED · PART 2 OF 3

সাংবাদিকৰ ঐক্যই সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল শক্তি

বৰ্তমান সময়ত সাংবাদিকসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ চলোৱা যিকোনো প্ৰচেষ্টাৰ প্ৰতি সজাগ হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। মতভেদ থাকিলে যুক্তি, আলোচনা আৰু তথ্যৰ আধাৰত তাৰ সমাধান বিচৰা উচিত। কোনো ব্যক্তি বা গোটৰ নিজস্ব দৃষ্টিভংগী থাকিলে সেই মতৰ সমৰ্থনত যুক্তি আগবঢ়াই জনমত গঢ়ি তোলাৰ স্বাধীনতা তেওঁলোকৰ আছে। কিন্তু সাংবাদিক সমাজৰ মাজত বিভাজন সৃষ্টি কৰি সামূহিক শক্তি দুৰ্বল কৰাৰ চেষ্টা কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে।

সাংবাদিকতাৰ স্বাধীনতা মানে দায়িত্বহীনতা নহয়। সত্য আৰু নিৰ্ভৰযোগ্য তথ্যৰ আধাৰত সংবাদ পৰিৱেশন কৰা, জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়া আৰু পেছাগত নীতি-নিয়ম মানি চলাটো প্ৰতিগৰাকী সাংবাদিকৰ কৰ্তব্য। একেদৰে, নিৰ্ভীকভাৱে প্ৰশ্ন উত্থাপন কৰা বা জনস্বাৰ্থৰ বিষয় উন্মোচন কৰাৰ বাবেই কোনো সাংবাদিকক আক্ৰমণ কৰা, ভাবুকি দিয়া অথবা তেওঁৰ কামত বাধা সৃষ্টি কৰাটোও গ্ৰহণযোগ্য নহয়। সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ সাংবাদিকসকলৰ পেছাগত দায়বদ্ধতা আৰু সমাজৰ প্ৰতি থকা কৰ্তব্যবোধ দুয়োটাই সমানে গুৰুত্বপূৰ্ণ।

এই পৰিপ্ৰেক্ষিতত সাংবাদিক সংগঠনসমূহৰ ভূমিকাও বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। সাংবাদিকৰ নিৰাপত্তা, পেছাগত অধিকাৰ আৰু স্বাধীনভাৱে কাম কৰাৰ পৰিৱেশ নিশ্চিত কৰাৰ বাবে সংগঠনসমূহে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ আৰু সাংবাদিকৰ অধিকাৰ সুৰক্ষাৰ দাবীত সংগঠিত পদক্ষেপ গ্ৰহণ কৰাটো সময়ৰ প্ৰয়োজন। লগতে সাংবাদিকসকলৰ মাজত পাৰস্পৰিক সহযোগিতা, বিশ্বাস আৰু সংহতিৰ পৰিৱেশ শক্তিশালী কৰিব লাগিব।

GPC Chronicle · October 202612
CONTINUED · PART 3 OF 3

সাংবাদিকৰ ঐক্যই সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল শক্তি

মোৰ দৃঢ় বিশ্বাস, সাংবাদিক সমাজৰ প্ৰকৃত শক্তি নিহিত হৈ আছে সত্যৰ প্ৰতি দায়বদ্ধতা, জনসাধাৰণৰ আস্থা আৰু সহকৰ্মীসকলৰ মাজৰ ঐক্যৰ মাজত। মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, কিন্তু সাংবাদিকতাৰ স্বাধীনতা আৰু নিৰাপত্তাৰ প্ৰশ্নত আমি সকলোৱে একত্ৰিত হ'ব লাগিব। বিভ্ৰান্তি আৰু বিভাজনৰ প্ৰচেষ্টাৰ প্ৰতি সজাগ হৈ যুক্তি, বিবেক আৰু পেছাগত মূল্যবোধৰ আধাৰত আগবাঢ়িলেহে এখন শক্তিশালী সাংবাদিক সমাজ গঢ়ি তোলা সম্ভৱ হ'ব।

সেয়েহে মই সকলো স্তৰৰ সংবাদ মাধ্যমৰ সাংবাদিকলৈ আহ্বান জনাওঁ—নিজৰ মাজৰ পাৰ্থক্যসমূহৰ ঊৰ্ধ্বত উঠি সাংবাদিকতাৰ স্বাধীনতা, পেছাগত মৰ্যাদা আৰু নিৰাপত্তা ৰক্ষাৰ স্বাৰ্থত ঐক্যবদ্ধ হওক। কাৰণ সাংবাদিকৰ স্বাধীন কণ্ঠস্বৰ সুৰক্ষিত হ'লেহে গণতন্ত্ৰ অধিক শক্তিশালী হ'ব আৰু জনসাধাৰণৰ তথ্য জনাৰ অধিকাৰ সুৰক্ষিত থাকিব।

GPC Chronicle · October 202613
Writer
Article

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

ANUPAMA DEKA17 October 2026

চৌদিশে শৰতৰ সুবাস বলিছে। এয়া যে শৰতৰ আগমনৰ সময়।
শাৰদীয় দুর্গোৎসৱৰ সময়। ঋতুৰাজ শৰতৰ আগমনক লৈ মানৱ সমাজৰ মন এতিয়া থৌকি-বাথৌ হৈ পৰিছে। ইতিমধ্যে আৰম্ভ হৈছে দেৱী পক্ষ। ধৰাধামলৈ দুৰ্গতিনাশিনীৰ আগমনক লৈ উচৱমুখৰ পৰিবেশ বিৰাজ কৰিছে।
মহিষমৰ্দিনীৰ আগমনে ধৰাধামৰ পৰা অসূয়া, অপ্ৰীতি আঁতৰাই শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব, সেয়া সকলোৰে কাম্য।
শৰতৰ জোনাক নিশাই দুৰ্গা পূজাৰ আগমনৰ বতৰা লৈ আহিব। নিশা সুবাস বিলাই পুৱা তলসৰা দূবৰিত চেঁচা পৰি থকা শেৱালি ফুলেও লৈ আলফুলে আদৰি আনিব ঋতুৰাজ শৰৎ আৰু শাৰদীয় দুৰ্গা পূজাক। লুইতৰ দুয়োপাৰ শুৱনি কৰি শুভ্ৰ দলিচা পাৰি নাচি-বাগি কঁহুৱাই ইতিমধ্যে উৎসৱৰ বতৰা কঢ়িয়াই আনিছে। এয়া যে মা দুৰ্গাক আদৰাৰ সময়। আনন্দৰ সময়।

GPC Chronicle · October 202614
CONTINUED · PART 2 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দুসকলৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত দুৰ্গা পূজা সৰ্বাধিক জাকতজিলিকা হয়।

 

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী বুলি কোৱা হয়। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় আৰু পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। দুৰ্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে এই নামসমূহ হ'ল -১. শৈলপুত্ৰী, ২. ব্ৰহ্মচাৰিণী, ৩. চন্দ্ৰঘণ্টা, ৪. কুষ্মাণ্ডা, ৫. স্কন্দমাতা, ৬.কাত্যায়নী, ৭. কালৰাত্ৰি, ৮. মহাগৌৰী, ৯. সিদ্ধিদাত্ৰী।

 

GPC Chronicle · October 202615
CONTINUED · PART 3 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

এই নামৰ বৈশিষ্ট্য হ’ল-
১. “শৈলপুত্ৰী
: মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্বতৰাজ হিমালয়ৰ তাত পুত্ৰীৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁহাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এওঁ হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্বজন্মত মা দুৰ্গাই প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্মগ্ৰহণ কৰিছিল। তেতিয়া মাৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে মাৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ যজ্ঞৰ আয়োজন কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰণ নকৰিলে। পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃগৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃগৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাৎ তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্মগ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ও মাৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।

২.“ব্ৰহ্মচাৰিণী” : মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’। 

GPC Chronicle · October 202616
CONTINUED · PART 4 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম।” এই ব্ৰহ্মচাৰিণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। তেওঁৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেওঁ তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেওঁক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্ৰদ। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্যপথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত তেওঁৰ স্বৰূপৰ উপাসনা কৰা হয়।

 

৩.“চন্দ্ৰঘণ্টা” : মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা তেওঁৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। তেওঁৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। তেওঁৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেওঁক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। তেওঁৰ শৰীৰৰ বৰণ সুবৰ্ণৰ দৰে উজ্জ্বল। তেওঁ দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰৰে আৰু বাণ আদি অস্ত্ৰৰে বিভূষিত। তেওঁৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা তেওঁৰ ভাৱ-মুদ্ৰা! ঘণ্টাৰ নিচিনা তেওঁৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক।

GPC Chronicle · October 202617
CONTINUED · PART 5 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

৪.“কুষ্মাণ্ডা” : মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেওঁক দেৱী কুষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰহে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে তেওঁ হ’ল সৃষ্টিৰ আদিস্বৰূপা, আদি শক্তি। তেওঁৰ আঠখন হাত থকা বাবে তেওঁ অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। তেওঁৰ সাতোখন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃতপূৰ্ণ কলহ, চক্ৰ আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ মালা থাকে তেওঁৰ বাওঁহাতত। তেওঁৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কুষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা বলি তেওঁৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কুষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয়।

৫.“স্কন্দমাতা” : মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱা-সুৰ সংগ্ৰামত তেওঁ দেৱ–সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি তেওঁৰ মহিমা বৰ্ণোৱা হৈছে। তেওঁৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। তেওঁৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্ৰহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।

GPC Chronicle · October 202618
CONTINUED · PART 6 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

৬.“কাত্যায়নী” : মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যায়নী”। তেওঁৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল, ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱন্তৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰীৰূপে জন্ম লওক” -তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্ব প্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে তেওঁ ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰীৰূপেও তেওঁ উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমীলৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয়।

GPC Chronicle · October 202619
CONTINUED · PART 7 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

৭.“কালৰাত্ৰি” : মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ৰূপে জনাজাত। তেওঁৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি। তেওঁ ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। তেওঁৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে। তেওঁৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেওঁ সদায় শুভ ফলহে প্ৰদান কৰে। তাৰ কাৰণে তেওঁৰ এটা নাম হ’ল ‘শুভঙ্কৰী’। গতিকে ভক্তসকলে মাতৃ কালৰাত্ৰিৰ স্বৰূপ দেখি ভয়-ভীত বা আতংকিত হ'ব নালাগে। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।

৮.“মহাগৌৰী” : মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। তেওঁ সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি তেওঁ হ’ল আঠ বছৰীয়া। তেওঁৰ সকলো বস্ত্ৰ আৰু আ-অলঙ্কাৰো শ্বেত বৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত তেওঁ ভগৱান শিৱক পতিৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। তেওঁৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই তেওঁৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া তেওঁৰ শৰীৰ বিদ্যুৎপ্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা তেওঁৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।

GPC Chronicle · October 202620
CONTINUED · PART 8 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

৯.“সিদ্ধিদাত্ৰী” : মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল,- ‘সিদ্ধিদাত্ৰী’। তেওঁ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠবিধ। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম-

১.অণিমা, ২.লঘিমা, ৩.প্ৰাপ্তি, ৪.প্ৰাকাম্য, ৫.মহিমা, ৬. ঈশিত্ব, ৭.সৰ্ৱকামাৱসায়িতা, ৮. সৰ্বজ্ঞত্ব, ৯.দূৰ শ্ৰৱণ, ১০.পৰকায়প্ৰৱেশন, ১১.বাক্ সিদ্ধি, ১২.কল্পবৃক্ষত্ব, ১৩.সৃষ্টি, ১৪.সংহাৰ কৰণ সামৰ্থ্য, ১৫.অমৰত্ব, ১৬.সৰ্ব নায়কত্ব, ১৭.ভাৱনা আৰু ১৮.সিদ্ধি।

ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্ৰীয়ে এই সকলো ধৰণৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ। দেৱী পুৰাণৰ মতে এখেতৰে কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। তেওঁৰ অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰেবাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্বপ্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা। বাহন হ’ল সিংহ। নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা তেওঁৰ উপাসনাত প্ৰবৃত্ত হয়। এই সিদ্ধিদাত্ৰী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলোবিধ মনোকামনা পূৰণ হৈ যায়। মহিষাসুৰ এটা অসুৰ। তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে। মহিষাসুৰ অসুৰ হ’লেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে।

গণেশ : গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকৈ অন্য কোনো পূজা কৰাৰ বিধান নাই।
লক্ষ্মী : লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।
সৰস্বতী : সৰস্বতী জ্ঞানৰ প্ৰতীক।
কাৰ্তিক : কাৰ্তিক সৌন্দৰ্যৰ প্ৰতীক।

GPC Chronicle · October 202621
CONTINUED · PART 9 OF 9

দুৰ্গা পূজাৰ আনন্দ আৰু মা দুর্গাৰ নৱৰূপ

শৈশৱতে দুৰ্গা পূজাই মন প্ৰফুল্লিত কৰি হৈ তুলিছিল। এযোৰ নতুন কাপোৰ, ৰং বিৰঙী বেলুন কিনা, পুতলা পিষ্টল কিনা, নতুন চোলা জেলেপিৰ ৰসেৰে লেতেৰা কৰি পেলোৱা দিনবোৰ আজিও সজীৱ হৈ উঠে। তেতিয়া চাৰিওফালে ঢাকৰ শব্দ, ৰং বিৰঙী আলোকে আমাক আকৰ্ষিত কৰিছিল। পূজাও অনুষ্ঠিত হৈছিল মাত্ৰ কেইখনমান। নাছিল কোনো পূজাৰ থিম, বিগ বাজেট। আধ্যাত্মিকতাক প্ৰাধান্য দিয়া হৈছিল। আমাৰ আনন্দ, উৎসাহবোৰ সেইখিনিতেই সীমাবদ্ধ আছিল। সেইখিনি আনন্দৰ বাবে যেন আমি এটা বছৰ অপেক্ষা কৰিছিলোঁ। সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনৰ সৈতে আমি খোজ মিলাই চলিব লাগিব যদিও দূৰ্গা পূজাৰ আধ্যাত্মিকতা বৰ্তাই ৰাখিব লাগিব। যুগে যুগে মা দুৰ্গাই ভক্তৰ মংগলৰ বাবে কৈলাশৰ পৰা ধৰা ধামলৈ আহে। এইবেলি 'মা দুর্গাৰ' ঘোঁৰাত আগমন হ'ব আৰু নৌকাত গমন হ'ব।

GPC Chronicle · October 202622
Writer
Article

দেৱীৰ ভক্ত হোৱাৰ অৰ্হতা কি ?

JATIN BHAGAWATI17 October 2026

দুৰ্গা দেৱীৰ পূজা সনাতন হিন্দু ধৰ্মৰ এটি মহান উৎসৱ। বছৰটোত দুবাৰকৈ মা দেৱী মহিষমৰ্দিনীৰ পূজা কৰি ভক্তসকলে মাৰ পৰা বৰ বিচাৰে। এইখিনিতে মোৰ মনলৈ অহা প্ৰশ্নটো হ'ল মাই বাৰু সকলো ভক্তক বৰ দিয়েনে? পাঠকসকল আপোনালোকৰ মতামত কি হয় মোৰ অৱগত নহয় কিন্তু মোৰ পৰ্যবেক্ষণ মতে মা দেৱীয়ে বৰ দিয়াৰ সময়ত পক্ষপাতিত্ব কৰে। যিসকল ভক্তই মাৰ ওচৰত বেছিকৈ দক্ষিণা দিয়ে তেওঁলোকে মাৰ আশীৰ্বাদ বেছিকৈ পায়। মাই বাৰু জানেনে নাজানে কোন ভক্তই কি উপায়েৰে অৰ্জন কৰা ধন তেওঁৰ পূজাত দিছে। হয়তো জানে কিন্তু ভৱিষ্যতৰ দিনত পূজা নোপোৱাৰ আশংকাত মনে মনে থাকে। আনফালে যিসকলে দেৱীৰ পূজাৰ আয়োজন কৰে তেওঁলোকেও পৰৱৰ্তী অধিক দানৰ আশাত দুৰ্নীতিৰ কোৰোণাৰে চপাই অনা ধন লাভ কৰি দুৰ্গা মাৰ কাণে কাণে কয়, মা এখেতক (অধিক ধন দিয়াজন) আগলৈ সেৱিবৰ বাবে শক্তি দিয়ক। মোৰ ভাব হয় দেৱী মা যেন ভৱিষ্যতৰ বাবে শংকিত। তেওঁ হয়তো অধিক পূজা পোৱাৰ লোভত অসৎ পন্থাৰে অৰ্জন কৰি পূজাৰ বাবে ধন দিয়াজনক অধিক ধন আহৰণৰ উদগনি যোগায়। পূজাৰ চান্দাৰ বাবে বেছি লোকৰ ওচৰলৈ যোৱাতকৈ কেইজনমানৰ পৰা শকত অংকৰ টকা লৈ আয়াসতে পূজা পাতিব পৰা হয়। দীনহীনজনে পূজাৰ বাবে টকা-সিকি এটা দিব বিচাৰে, লোৱা হয়, কিন্ত্ত তেওঁ যদিহে পূজাৰ

GPC Chronicle · October 202623
CONTINUED · PART 2 OF 2

দেৱীৰ ভক্ত হোৱাৰ অৰ্হতা কি ?

থলীলৈ আহে তেওঁৰ বাবে এষাৰ মাত এবাৰলৈও দিবলৈ কাৰো সময় নহয়। আমি নাভাবো যে এটকাটো এজনৰ কঠোৰ শ্ৰমৰ ফল। দেৱীয়ে এইজন ভক্তক বাৰু আশিস দিয়েনে। জাকজমকতাৰে আমি পূজা পাতো, ময়ো ভাল পাওঁ, ভাল লাগে পূজাৰকেইদিন। কিন্তু আমি নাভাবো দেৱী পৃথিৱীলৈ আহিবলৈ ইচ্ছুক নে, দেৱীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে আমি আনো আমাৰ মনোকামনা সিদ্ধিৰ আশাৰে। মই নাভাবো যে দেৱীয়ে অসৎ উপায়ে ধন আৰ্জন কৰাজনক, নৰঘাতী, নৰমাংস লোলুপক ভাল পায় বুলি। কিন্তু দেৱী নিৰুপায়, কাৰণ যিসকলে তেওঁক মৰতলৈ অহাৰ বাবে আহিবলৈ সুবিধা কৰি দিয়ে তেওঁলোকক অসন্তুষ্ট কৰিব নোৱাৰে। দেৱীক লগ পালে সুধিবৰ মন আছে -- হে দেৱী তুমি কি বিচাৰা। তুমি জানো বিচাৰা আনৰ সম্পদ হৰণ কৰি তোমাক দিয়ক, শিশুৰ মুখৰ ভাত কাঢ়ি তোমাক দিয়ক, বন ধ্বংস কৰি, বন্যপ্ৰাণী হত্যা কৰি, ৰাইজৰ ধন লুণ্ঠন কৰি আনি তোমাৰ পূজা পাতা। হে দেৱী যদি নিবিচাৰা তেন্তে এইবাৰৰ পূজাৰ পৰা তুমি চকুত কাপোৰ বান্ধি হাতলৈ নোচোৱাকৈ সকলোকে আশীৰ্বাদ দিয়া, সকলোৰে ভাল হওক। তেতিয়াহে বুজিম তোমাৰ দৈৱিক শক্তি আছে। অন্যথা বুজিম তুমিও সহজলভ্য ধনৰ মোহত বন্দী হৈহে ধৰালৈ আহা। হে দেৱী দিবলৈ একো নাই, তথাপি তোমাৰ বাবে সৰ্বস্ব উজাৰি দিম, যদিহে তুমি তোমাৰ ভক্তৰ সুমতি দিয়া। এইখিনি কোৱা বাবে তুমি মোক শাস্তি দিলেও মোৰ কবলগা মই, মোৰখিনি ক'লো, যদি বেয়া পাইছা তথাপি ক'ম যে সকলোকে সমানে দিয়া।

GPC Chronicle · October 202624
Writer
Article

জুবিন গাৰ্গৰ আদৰ্শেৰে বধ হওক মনৰ মহিষাসুৰ

Hemanta Sarma17 October 2026

শাৰদীয় দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশ। অসুৰৰ বিনাশ আৰু শক্তিৰ আৰাধনাৰ এই সময়ত আমাৰ সমাজখনলৈ এবাৰ ঘূৰি চোৱাৰ প্ৰয়োজন আছে। কাৰণ, অসুৰ কেৱল পৌৰাণিক কাহিনীৰ চৰিত্ৰ নহয়। মানুহৰ মনৰ মাজতো কেতিয়াবা অসুৰে বাহ লয়। আনৰ ভাল কামক সহ্য কৰিব নোঁৱাৰা, কোনোবাই নতুন কিবা এটা কৰিবলৈ আগবাঢ়িলে তেওঁক উৎসাহ দিয়াৰ সলনি সমালোচনাৰে মনোবল ভাঙি দিয়া, ইতিবাচক চিন্তাকো নেতিবাচক দৃষ্টিৰে বিচাৰ কৰা —এই মানসিকতাবোৰেই সমাজৰ সৃষ্টিশীল শক্তিক দুৰ্বল কৰে। এই শৰৎত সেয়ে কেৱল বাহিৰৰ অসুৰ বধৰ কথা নহয়, আমাৰ নিজৰ মনৰ ভিতৰত থকা মহিষাসুৰকো পৰাস্ত কৰাৰ সংকল্প লোৱা উচিত।

GPC Chronicle · October 202625
CONTINUED · PART 2 OF 4

জুবিন গাৰ্গৰ আদৰ্শেৰে বধ হওক মনৰ মহিষাসুৰ

আনহাতে, জুবিন গাৰ্গৰ আদৰ্শৰ কথা কওঁতে এই কথাবোৰ বিশেষভাৱে মনলৈ আহে। তেওঁ কেৱল গান গোৱা অথবা সাংস্কৃতিক জগতত নিজৰ পৰিচয় গঢ়া এজন শিল্পী নাছিল। তেওঁৰ চিন্তা আৰু কৰ্মৰ মাজত আত্মনিৰ্ভৰশীলতা, সৃষ্টিশীলতা, নিজস্ব চিন্তাৰে আগবঢ়াৰ সাহস আৰু মানুহৰ প্ৰতি দায়বদ্ধতাৰ কথাও আছিল। তেওঁ কিতাপ পঢ়া, কিতাপ লিখা আৰু সৃষ্টিশীল কৰ্মৰ প্ৰতি গুৰুত্ব দিছিল। তেওঁৰ আদৰ্শৰ প্ৰকৃত তাৎপৰ্য তেতিয়াহে উপলব্ধি কৰিব পাৰিম, যেতিয়া আমি এই মূল্যবোধবোৰ নিজৰ জীৱনত গ্ৰহণ কৰিম। জুবিন গাৰ্গক ভালপোৱা মানে কেৱল তেওঁৰ গান শুনা অথবা তেওঁৰ নাম উচ্চাৰণ কৰা নহয়; তেওঁৰ চিন্তাৰ পৰা প্ৰেৰণা লৈ নিজকে গঢ়া আৰু সমাজখনক আগুৱাই নিয়াৰ চেষ্টা কৰাটোহে অধিক অৰ্থপূৰ্ণ।

জুবিন গাৰ্গে প্ৰতিনিধিত্ব কৰা আত্মনিৰ্ভৰশীলতাৰ চিন্তাটো আজিৰ সময়ত বিশেষভাৱে প্ৰাসংগিক। নিজৰ সামৰ্থ্য চিনাক্ত কৰি, নিজৰ চিন্তাৰে, নিজৰ পৰিশ্ৰমেৰে কিবা এটা সৃষ্টি কৰা আৰু আনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ আগবাঢ়িবলৈ চেষ্টা কৰাটো সহজ কথা নহয়। এনে প্ৰচেষ্টাৰ বাবে সাহস লাগে, অধ্যৱসায় লাগে আৰু সমাজৰ পৰা ইতিবাচক সহযোগিতাও লাগে। কিন্তু আমাৰ সমাজত বহু সময়ত ইয়াৰ বিপৰীত ছবিহে দেখা যায়। কোনোবাই নতুন উদ্যোগ ল’লে, নতুন চিন্তা আগবঢ়ালে অথবা নিজাকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিলে তেওঁৰ কামৰ ভাল দিশটো চোৱাৰ আগতেই ভুল বিচৰা আৰম্ভ হয়। ফলত বহু সম্ভাৱনা অংকুৰতে মৰহি যায়। এই মানসিকতাৰ পৰিৱৰ্তন নহ’লে আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ সপোন বাস্তৱায়িত কৰাটো কঠিন।

GPC Chronicle · October 202626
CONTINUED · PART 3 OF 4

জুবিন গাৰ্গৰ আদৰ্শেৰে বধ হওক মনৰ মহিষাসুৰ

জুবিন গাৰ্গৰ আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ’লে আমি কিতাপৰ প্ৰতি আগ্ৰহ বঢ়াব লাগিব, জ্ঞান আহৰণৰ অভ্যাস গঢ়িব লাগিব, সৃষ্টিশীল প্ৰতিভাক উৎসাহ দিব লাগিব আৰু নতুন প্ৰজন্মক নিজৰ চিন্তাৰে আগবাঢ়িবলৈ সুযোগ দিব লাগিব। কোনোবাই কিবা এটা সৃষ্টি কৰিলে তেওঁৰ কামৰ গঠনমূলক সমালোচনা নিশ্চয় হ’ব পাৰে; কিন্তু সমালোচনাৰ উদ্দেশ্য হ’ব লাগে উন্নতিৰ পথ দেখুওৱা, মানুহজনক ভাঙি পেলোৱা নহয়। আনৰ সাফল্যত ঈৰ্ষা কৰাৰ সলনি তাৰ পৰা শিকাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেহে সমাজত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ’ব। জুবিন গাৰ্গৰ নামত স্মৃতি ৰোমন্থন আদি অনুষ্ঠান আয়োজন কৰাতকৈ তেওঁৰ আদৰ্শ অনুসৰি পঢ়া-শুনা, সাহিত্য-সংস্কৃতি, নতুন সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ কৰাটোৱেহে অধিক গভীৰ অৰ্থ বহন কৰিব।

জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা তেওঁৰ আদৰ্শক দৈনন্দিন জীৱনত জীয়াই ৰখাৰ মাজত নিহিত হৈ আছে। মানুহৰ প্ৰতি সহমৰ্মিতা, আনৰ দুখ বুজাৰ ক্ষমতা, সৃষ্টিৰ প্ৰতি শ্ৰদ্ধা আৰু নিজৰ কৰ্মৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱাৰ মানসিকতাই তেওঁৰ আদৰ্শক অধিক অৰ্থৱহ কৰি তুলিব পাৰে। এখন সমাজৰ পৰিৱৰ্তন কেৱল ভাষণ অথবা শ্লোগানেৰে নহয়, মানুহৰ চিন্তা আৰু আচৰণৰ পৰিৱৰ্তনৰ জৰিয়তেহে সম্ভৱ হয়। সেয়ে জুবিন গাৰ্গৰ আদৰ্শক সঁচাকৈয়ে আগুৱাই নিবলৈ বিচাৰিলে আমি নিজকে সুধিব লাগিব যে আমি তেওঁৰ কথা কিমান কওঁ, কিমান লিখোঁ, কিমান ৰিলছ্ ভিডিঅ' বনাও আৰু তাৰ বিপৰীতে তেওঁৰ চিন্তা অনুসৰি আমি কাম কিমান কৰোঁ?

GPC Chronicle · October 202627
CONTINUED · PART 4 OF 4

জুবিন গাৰ্গৰ আদৰ্শেৰে বধ হওক মনৰ মহিষাসুৰ

এই শৰৎতেই সেয়ে বতৰ হওক আমাৰ মানসিকতা সলনি কৰাৰ। বতৰ হওক আত্মনিৰ্ভৰশীলতাৰ, কিতাপ পঢ়া আৰু জ্ঞান আহৰণৰ, নতুন সৃষ্টিক আদৰণি জনোৱাৰ, আনৰ ভাল কামক স্বীকাৰ কৰাৰ আৰু মানুহৰ প্ৰতি অধিক মানৱীয় হোৱাৰ। জুবিন গাৰ্গৰ আদৰ্শ কেৱল স্মৃতিৰ মাজত আবদ্ধ নাথাকক। চিৰপ্ৰবাহিত হৈ থাকক আমাৰ কৰ্মত, চিন্তাত আৰু সমাজ গঢ়াৰ প্ৰচেষ্টাত। দুৰ্গোৎসৱৰ প্ৰকৃত তাৎপৰ্যও তেতিয়াহে অধিক সাৰ্থক হ’ব যেতিয়া আমি নিজৰ ভিতৰৰ নেতিবাচকতাক পৰাস্ত কৰি সৃষ্টিশীলতা, আত্মনিৰ্ভৰশীলতা আৰু মানৱীয়তাৰ জয় নিশ্চিত কৰিবলৈ চেষ্টা কৰিম।

এই শৰৎতেই বতৰ হওক— জুবিন গাৰ্গৰ আদৰ্শক কেৱল স্মৰণ কৰাৰ নহয়, জীৱনত ধাৰণ কৰাৰ বতৰ হওক। তেওঁক কেৱল শ্ৰদ্ধা জনোৱাতেই সীমাবদ্ধ নাথাকি তেওঁৰ চিন্তাক কৰ্মৰ মাজেৰে আগুৱাই নিয়াৰ বতৰ হওক।

জয় জুবিনদা।

GPC Chronicle · October 202628
Writer
Article

সংবাদ মাধ্যম আৰু সাহিত্য

Naresh Kalita · Editor, Niyomiya Barta17 October 2026

অসমৰ সংবাদ মাধ্যম বিশেষ সুকীয়া বৈশিষ্ট্যৰে মহীয়ান। অৰুনোদইৰ পৰা আৰম্ভ হোৱা বিগত ১৭৮ বছৰীয়া অসমৰ বাতৰিকাকত আৰু আলোচনীসমূহৰ ইতিহাস মাথোঁ সংবাদ ক্ষেত্রখনতে সীমাবদ্ধ হৈ থকা নাই, ইয়াৰ পৰিধিয়ে সাহিত্য, সংস্কৃতিকে ধৰি অঞ্চলটোৰ সৃষ্টিৰাজিক উজ্জীৱিত কৰি ৰাখিছে। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম অথবা ৰাজ্যভিত্তিক বাতৰিকাকত আৰু আলোচনীসমূহতকৈ অসমৰ সংবাদ মাধ্যমৰ সুকীয়া বৈশিষ্ট্যৰ অন্যতম কাৰণ হ'ল- ৰাজ্যখনৰ সংবাদ মাধ্যমৰ গুৰু দায়িত্বত থকাসকল আছিল আমাৰ ভাষা আৰু সাহিত্যৰ একোগৰাকী পুৰোধা ব্যক্তি। অসমৰ সংবাদ ক্ষেত্ৰখনক মহীয়ান কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞিবৰুৱা, হেমচন্দ্ৰ গোস্বামী, ডিম্বেশ্বৰ নেওগ, মহেশ্বৰ নেওগ, বেণুধৰ শৰ্মা, আনন্দ চন্দ্ৰ আগৰৱালা, দুর্গাপ্রসাদ মজিন্দাৰ বৰুৱা, লম্বোদৰ বৰা, সত্যনাথ বৰা, ৰাধানাথ ফুকন, ৰজনীকান্ত বৰদলৈ, দেৱেশ্বৰ চলিহা, অমল চন্দ্ৰ শৰ্মা, ৰাধাকান্ত সন্দিকৈ, পীতাম্বৰ দেৱগোস্বামী, সত্যেন্দ্ৰ নাথ শৰ্মা, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অগ্নিকবি কমলাকান্ত ভট্টাচার্য, অম্বিকাগিৰী ৰায়চৌধুৰী, বাগ্মীবৰ নীলমণি ফুকন, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়া, ড° নগেন শইকীয়া, ড° ভবেন্দ্র নাথ শইকীয়া,

GPC Chronicle · October 202629
CONTINUED · PART 2 OF 6

সংবাদ মাধ্যম আৰু সাহিত্য

হোমেন বৰগোহাঞি, কনকসেন ডেকা, লক্ষ্মীনন্দন বৰা আদি একো একোজন লব্ধপ্রতিষ্ঠ ভাষা-সাহিত্যৰ পূজাৰী।

GPC Chronicle · October 202630
CONTINUED · PART 3 OF 6

সংবাদ মাধ্যম আৰু সাহিত্য

এইসকল ব্যক্তিয়ে সংবাদ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে অসমৰ সংবাদ মাধ্যম বন্দিত হোৱাই নহয়, তেওঁলোকৰ অমৰ সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অসমৰ সংবাদ-পত্ৰৰ গৌৰৱোজ্জ্বল বৈশিষ্ট্য এয়ে যে অসমৰ একোখন বাৰ্তালোচনীৰ নামেৰে অৰুনোদই যুগ, জোনাকী যুগ, বাঁহী যুগ, আৱাহন যুগ, ৰামধেনু যুগ আদি নামেৰে সাহিত্যৰ যুগ নির্ণয় হৈছে। অসমৰ বাহিৰে দেশৰ অন্যান্য ৰাজ্যত এইদৰে একোখন বার্তালোচনীৰ নামত সাহিত্যৰ যুগ অথবা সাহিত্যিকক চিহ্নিত কৰাৰ ধাৰা পাবলৈ নাই। এয়া নিশ্চিতভাৱে অসমৰ সংবাদ মাধ্যম আৰু সাহিত্যৰ বাবে বিশেষ বৈশিষ্ট্য বুলি অভিহিত কৰিব পাৰি। অসমৰ সংবাদ-পত্ৰই এতিয়াও সৃষ্টিশীল সাহিত্যক অগ্রাধিকাৰ দি আহিছে। দেশৰ ৰাজধানীৰ পৰা ভৌগোলিক দূৰত্ব অধিক হোৱাৰ ফলত অঞ্চলটোৰ প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত অনাদৰ-অৱহেলাৰ অভিযোগ দীর্ঘকাল চলি আছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ আৱেগ-অনুভূতি আৰু সমস্যাৰাজিক সংবাদ মাধ্যমে অগ্ৰাধিকাৰ দিয়াৰ লগতে অঞ্চলটোৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে ধাৰাবাহিক প্রচেষ্টা অব্যাহত ৰাখিছে। অসমৰ অধিকাংশ সংবাদ-পত্র অথবা বার্তালোচনীত মাথোঁ দৈনন্দিন বাতৰিসমূহ প্রকাশ নহয়, প্রকাশ হয় গল্প-কবিতাকে ধৰি সৃষ্টিশীল সাহিত্যৰ ৰচনাৰাজি। অসমত পঢ়ুৱৈ সৃষ্টিৰ ক্ষেত্রত সংবাদ-পত্রসমূহে গ্ৰহণ কৰা এনে নিৰলস প্রচেষ্টাৰ বাবেই অসমীয়া ভাষা-সাহিত্যই আজি দেশৰ অন্যতম হৈ জিলিকি উঠিছে। দেশৰ অন্যান্য বহু ভাষা-সাহিত্যৰ তুলনাত অসমীয়া ভাষা-সাহিত্যৰ মান বহু উন্নত। ১৮৪৬ত অৰুনোদই আলোচনী প্ৰকাশৰ পিছতে অসমৰ সংবাদ-পত্ৰৰ ইতিহাস আৰম্ভ হৈছিল। ব্রিটিছ শাসনকালত পি আৰ গৰ্ডন, নাথান ব্রাউন, মাইলছ ব্রনছন, হেমচন্দ্র গোস্বামী আদিয়ে প্ৰথমখন অসমীয়া ভাষাৰ অভিধানত অন্তর্ভুক্ত কৰিছিল প্রায় ২৪ হাজাৰ শব্দ।

GPC Chronicle · October 202631
CONTINUED · PART 4 OF 6

সংবাদ মাধ্যম আৰু সাহিত্য

পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাৰ অভিধানৰ প্ৰথম সংস্কৰণত অন্তর্ভুক্ত হৈছিল প্ৰায় ২৫ হাজাৰ শব্দ। বিগত প্রায় ডেৰ দশকৰ ভিতৰত অসমীয়া অভিধানত এক লাখ ২৫ হাজাৰৰো অধিক শব্দ অন্তর্ভুক্ত হৈছে। এয়া অসমীয়া ভাষা-সাহিত্যৰ বাবে গৌৰৱৰ বিষয়। বিশ্বৰ বহু ভাষাৰ তুলনাত এতিয়া অসমীয়া ভাষা-সাহিত্য চহকী হৈছে। অসমীয়া ভাষা-সাহিত্যৰ এই সমৃদ্ধ অৱস্থাৰ মূলতে অসমৰ সংবাদ-পত্ৰ আৰু আলোচনীসমূহৰ বিশেষ অৰিহণা আছে। সমৃদ্ধ অসমীয়া ভাষাই শেহতীয়াকৈ দেশৰ ধ্রুপদী সাহিত্যৰ স্বীকৃতি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। কিন্তু আমাৰ ভাষা-সাহিত্যৰ ৰাজহাড়ডাল শক্তিশালী কৰি ৰাখিবলৈ হ'লে অসমীয়া ভাষাৰ চৰ্চা আৰু অধিক বৃদ্ধি হ'ব লাগিব। পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি নহ'লে আমাৰ ভাষাত সৃষ্টিশীল ৰচনা আৰু গৱেষণাই পূর্ণতা লাভ নকৰে। এই ক্ষেত্ৰত আমাৰ ভাষাটোৰ প্ৰতি প্ৰতিজন লোকে দায়বদ্ধ হ'ব লাগিব।

GPC Chronicle · October 202632
CONTINUED · PART 5 OF 6

সংবাদ মাধ্যম আৰু সাহিত্য

বিগত ৩৫ বছৰে অসমৰ সংবাদ-পত্ৰৰ সৈতে জড়িত থকাৰ সূত্ৰে তিনিগৰাকী লব্ধপ্রতিষ্ঠ সম্পাদকৰ স'তে কাম কৰাৰ সুযোগ পাইছোঁ। তেওঁলোক হ'ল প্রয়াত চন্দ্রপ্রসাদ শইকীয়া, হোমেন বৰগোহাঞি আৰু কনকসেন ডেকা। অসমৰ সংবাদ মাধ্যমৰ ইতিহাসত তিনিওগৰাকী প্রথিতযশা সাংবাদিকেই নহয়, বিশিষ্ট সাহিত্যিকো। তিনিওগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল। সংবাদ ক্ষেত্রখনত বলিষ্ঠ নেতৃত্ব প্ৰদান কৰাৰ সময়ছোৱাতে চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ কলমত সৃষ্টি হৈছিল মহাৰথী, তোৰে মোৰে আলোকৰে যাত্রা, জন্মান্তৰ, সূর্যস্নান, মন্দাক্রান্তা, মেঘমল্লাৰ, উত্তৰকাল, এদিন আদি উপন্যাস। ইয়াৰ উপৰি মায়ামৃগ, নাচপতি ফুল, চক্ৰবত, অংগীকাৰ আদি গল্প সংকলনৰ জৰিয়তে অসমীয়া সাহিত্য জগতখনক মহীয়ান কৰিছে বিশিষ্ট সাহিত্যিক-সাংবাদিকগৰাকীয়ে। সাহিত্য আৰু সাংবাদিকতাত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা, অসম ভেলী সাহিত্য বঁটা আৰু ভাৰত চৰকাৰৰ পদ্মভূষণ বঁটাও লাভ কৰিছিল। সংবাদ-পত্ৰৰ ক্ষেত্ৰখনত সুদীর্ঘ প্রায় চাৰি দশক কাম কৰাৰ সৌভাগ্য লাভ কৰা ৰাজ্যখনৰ প্রথিতযশা সাংবাদিকসকলৰ ভিতৰত অন্যতম কনকসেন ডেকা এগৰাকী সাহিত্যৰ অন্যতম কাণ্ডাৰী। প্রায় সাত দশক ধৰি সংবাদ ক্ষেত্ৰখনক নেতৃত্ব দি থকা কনকসেন ডেকাই সাম্প্রতিক সমাজ ব্যৱস্থাৰ ওপৰত কেইবাখনো অমূল্য গ্রন্থ ৰচনা কৰাৰ উপৰি লুইতক ভেটিব সিহঁতে, সূর্য পূবত নুঠে, টেম্‌ছ আৰু লুইত, সোণৰ পালেঙে নুশুৱায়, সূর্যমুখী বিহংগিনী, গৃহযুদ্ধ, ষ্টনগান সোঁৱে-বাঁৱ, বিপ্লৱৰ খোজ আদি উপন্যাসৰ জৰিয়তে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। ইয়াৰ উপৰি ৰঙীন পর্দা, ৫ ছেপ্টেম্বৰৰ পুৱা আদি গল্প সংকলনৰ উপৰি সাহিত্য আৰু জীৱন, ১০০খন মহৎ গ্রন্থ, ১০০ গৰাকী মহান ব্যক্তি আৰু পাঁচখন একাংক নাটৰ সংকলন প্রকাশ হৈছে।

GPC Chronicle · October 202633
CONTINUED · PART 6 OF 6

সংবাদ মাধ্যম আৰু সাহিত্য

অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত ডেকাই অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শ্রীমন্ত শংকৰদেৱ বঁটা আৰু সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি বিভিন্ন বঁটাৰে সন্মানিত হৈছে। কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পদ্মশ্রী বঁটা তেওঁ অগ্রাহ্য কৰিছিল। অসমৰ সাহিত্য আৰু সাংবাদিকতা জগতৰ মহীৰূহ কথাশিল্পী হোমেন বৰগোহাঞিৰ স'তেও প্রায় ৫ বছৰ সংবাদ-পত্ৰত কাম কৰাৰ সুযোগ পাইছিলোঁ। আপোচহীন সাংবাদিকতাৰ সংবাদ ক্ষেত্ৰখনত মহীয়ান কৰা বৰগোহাঞিয়ে অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা সৃষ্টিশীল ৰচনাৰাজিয়ে আমাৰ ভাষা-সাহিত্যক চহকী কৰি ৰাখিছে। সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, তিমিৰ তীৰ্থ, পিতা-পুত্র, কুশীলৱ, বিষণ্ণতা, সুবালা, মৎস্যগন্ধা, এদিনৰ ডায়েৰীৰ দৰে উপন্যাসে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। সাহিত্য অকাডেমি, অসম উপত্যকা সাহিত্য বঁটাপ্রাপক বৰগোহাঞিৰ গল্পসমূহ অসমীয়া সাহিত্যৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ২০২১ চনৰ ১২ মে'ত ইহলীলা সম্বৰণ কৰালৈকে বৰগোহাঞিয়ে 'নিয়মীয়া বার্তা'ৰ মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰিছিল। তেওঁৰ সাহিত্যৰাজিক লৈ কেইবাখনো চলচ্চিত্র নির্মাণ হৈছে। অসমৰ সংবাদ মাধ্যম আৰু সাহিত্যৰ বান্ধোন নিকপকপীয়া। এই তথ্য বিগত প্রায় দুটা শতকৰ অসমৰ সংবাদ-পত্ৰৰ ইতিহাসত বাৰে বাৰে প্রমাণ হৈছে।

GPC Chronicle · October 202634
Writer
Article

ধৰ্মীয় উন্মাদনাৰ জুইকুৰাই এদিন সকলোকে দহিব

Nayan Kumar Sarma17 October 2026

সময়ৰ লগে লগে সলনি হৈছে ধৰ্মৰ সংজ্ঞা । পৃথিৱীৰ প্ৰতিটো ধৰ্মৰ ক্ষেত্ৰতেই এই ছবিখন স্পষ্ট হৈ পৰিছে । প্ৰতিটো ধৰ্মৰ মূল দৰ্শনক একাংশ লোকে অপব্যাখ্যা কৰি সকলোকে বিপথে পৰিচালিত কৰাৰ মানসিকতাই গা কৰি উঠিছে । অস্বাস্থ্যকৰ শ্ৰেষ্ঠত্বৰ যুঁজখনত অৱতীৰ্ণ হোৱাসকলে স্বাৰ্থ পূৰণৰ বাবে মানুহৰ মাজত ভেদাভেদৰ সৃষ্টি কৰাই নহয়,আন ধৰ্মৰ লোকক ঘৃণাৰে চাবলৈও প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰৰোচিত কৰিছে । অথচ কোনো ধৰ্মই আন ধৰ্মৰ লোকক কেতিয়াও ঘৃণাৰ চকুৰে চাবলৈ শিকোৱা নাই । হিংসাৰ পৰিৱৰ্তে প্ৰতিটো ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থত আন ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈহে কোৱা হৈছে। হিন্দু, খ্ৰীষ্টিয়ান, মুছলমান, বৌদ্ধ, জৈন, শিখ, ইহুদি ধৰ্মৰ মূল দৰ্শনৰ বিষয়ে একো অধ্যয়ন নকৰাকৈয়ে একাংশই আজি চৌদিশে সৃষ্টি কৰিছে ধৰ্মীয় উন্মাদনা, কিন্তু কোনো ধৰ্মই তেনে কৰিবলৈ কেতিয়াও কাকো শিকোৱা নাই ।

GPC Chronicle · October 202635
CONTINUED · PART 2 OF 4

ধৰ্মীয় উন্মাদনাৰ জুইকুৰাই এদিন সকলোকে দহিব

ধৰ্মীয় উন্মাদনা আধুনিক শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক সমাজ ব্যৱস্থাত কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় । কাৰণ ধৰ্ম হৈছে মানুহৰ ব্যক্তিগত বিশ্বাস, আধ্যাত্মিকতা আৰু নৈতিকতাৰ চৰ্চা । সেয়া মানুহভেদে বেলগ বেলেগ হোৱাটো স্বাভাৱিক । ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই প্ৰতিটো ধৰ্মই সমাজত শান্তি, কৰুণা আৰু ভাতৃত্ববোধ গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰি আহিছে ; কিন্তু যেতিয়াই এই বিশ্বাস উন্মাদনালৈ পৰ্যবসিত হয়, তেতিয়াই সমাজৰ বাবে অধিক ক্ষতিকাৰক হৈ পৰে । ইতিহাস ইয়াৰে সাক্ষী হৈ আহিছে । ধৰ্মৰ মূল উদ্দেশ্য হ'ল মানুহৰ মাজত শান্তি, সম্প্ৰীতি, নৈতিকতা আৰু ভাতৃত্ববোধ গঢ়ি তোলা; কিন্তু যেতিয়া ধৰ্মক লৈ উন্মাদনাৰ সৃষ্টি হয়, ই সমাজৰ বাবে হৈ পৰে তেনেই ক্ষতিকাৰক ।

ঐতিহাসিক প্রেক্ষাপট তথা মানৱ সভ্যতাৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখা যায় যে ধর্মীয় উন্মাদনা কোনো এটি নিৰ্দিষ্ট যুগতে সীমাবদ্ধ থকা নাই । এই উন্মাদনা বিভিন্ন যুগত ভিন্ন ভিন্ন ৰূপত আত্মপ্রকাশ কৰি আহিছে । আমি যদি মধ্যযুগলৈ উভতি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে এই যুগটো আছিল ধর্মীয় উন্মাদনাৰ উল্লেখযোগ্য সময় । ইতিহাসবিদসকলেও মধ্যযুগক ধর্মীয় উন্মাদনাৰ সবাতোকৈ উল্লেখযোগ্য সময় হিচাপে উল্লেখ কৰিছে । এই যুগতেই ধর্মৰ নামত কেইবাখনো ডাঙৰ যুদ্ধ সংঘটিত হৈছিল।

GPC Chronicle · October 202636
CONTINUED · PART 3 OF 4

ধৰ্মীয় উন্মাদনাৰ জুইকুৰাই এদিন সকলোকে দহিব

আনহাতে, একাদশৰ পৰা ত্রয়োদশ শতিকাপর্যন্ত খ্ৰীষ্টিয়ান আৰু মুছলিম বিশ্বৰ মাজত জেৰুজালেম নিয়ন্ত্রণক লৈ ধাৰাবাহিক যুদ্ধ হৈছিল, যাক আমি ধর্মযুদ্ধ বুলি আখ্যায়িত কৰি আহিছো ।
মধ্যযুগৰ শেষৰ ফালে ইউৰোপত বিশেষকৈ স্পেইনত ভিন্ন মতাৱলম্বী আৰু বিজ্ঞানমনস্ক মানুহক ধর্মদ্রোহী বুলি জীয়াই জীয়াই পুৰি মাৰিছিল। পৰৱৰ্তী সময়ত প্রাচীন যুগতো ধর্মীয় বিশ্বাসক কেন্দ্র কৰি তীব্র উন্মাদনাই গা কৰি উঠিছিল। ৰোমান সাম্ৰাজ্যৰ আৰম্ভণিৰ ফালে খ্ৰীষ্টিয়ানৰ ওপৰত আৰু পৰৱৰ্তী সময়ত খ্ৰীষ্টিয়ান ধৰ্ম ৰাষ্ট্ৰীয় ধর্ম হোৱাৰ পিচত অন্য ধৰ্মাৱলম্বীৰ ওপৰত নির্যাতন হোৱাৰ বিষয়েও বুৰঞ্জীৰ পাতত পোৱা যায়। অৱেশ্যে এইবোৰৰ স্থায়িত্ব নাছিল। বহুতে এই উন্মাদনা সু-সংগঠিতভাৱে আগুৱাই নিবলৈ চেষ্টা কৰিলেও ক'ৰবাত উজুটি খাই পৰিবলগীয়া হৈছিল ।

এই উন্মাদনাৰ ঢৌৱে আধুনিক আৰু সমসাময়িক যুগকো কোৱাই নোযোৱাকৈ থকা নাই । বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্রগতিৰ চৰম পৰ্যায়তো আধুনিক যুগত ধর্মীয় উন্মাদনাৰ অন্ত পৰা নাই। অৱেশ্যে এতিয়া ধর্মীয় উন্মাদনাক মৌলবাদ আৰু উগ্ৰপন্থা বুলি আখ্যা দিয়া হৈছে। এই উন্মাদনাই ধৰ্মীয় দিশতকৈ ধৰ্মৰ নামত ৰাজনৈতিক, অৰ্থনৈতিকৰ লগতে প্ৰতিখন দেশৰ ভূখণ্ডলৈও বিপদ মাতি আনিছে । ধৰ্মীয় উন্মাদনাৰে মানুহৰ মাজত 'আমি' আৰু 'তেওঁলোক' বুলি সকলোৰে মাজত বিভাজন সৃষ্টি কৰি একাংশই স্বাৰ্থসিদ্ধিৰ বাবে অমোঘ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । ইয়াৰ ফলত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত থকা দীৰ্ঘদিনীয়া সম্প্ৰীতিৰ এনাজৰীডাল একেবাৰেই দুৰ্বল হৈ পৰিছে ।
ইতিহাস আৰু বৰ্তমান সময়লৈ চকু ফুৰালে দেখা যায় যে ধৰ্মীয় উন্মাদনাই বহু সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত লাখ লাখ নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়াৰ দৰে ঘটনাও সংঘটিত হৈ আছে।

GPC Chronicle · October 202637
CONTINUED · PART 4 OF 4

ধৰ্মীয় উন্মাদনাৰ জুইকুৰাই এদিন সকলোকে দহিব

ধৰ্মীয় উন্মাদনাৰে যে এটা ধৰ্মৰ লোকে আন ধৰ্মৰ লোককেই আঘাত কৰিছে তেনে নহয়, কেতিয়াবা কেতিয়াবা একেটা ধৰ্মৰ মাজতেই বিভেদ, অশান্তি আৰু সংঘৰ্ষৰো সৃষ্টি কৰিছে। ধৰ্মক কেন্দ্ৰ কৰিয়েই ভায়ে ভায়ে যুদ্ধ কৰিছে, বঙহে বঙহৰ মঙহ খাইছে । কোন শত্ৰু, কোনজন মিত্ৰ সেয়াও ধৰিবই নোৱৰা হৈছে । ধৰ্মীয় উন্মাদনাই এতিয়া সকল ধৰ্মৰ লোককেই অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে । আজি অন্ধ ধৰ্মীয় উন্মাদনাই মানুহৰ যৌক্তিক চিন্তা-চৰ্চা আৰু বৈজ্ঞানিক মানসিকতাত আঘাত হানিছে আৰু সমন্বয়ত ব্যাঘাত জন্মাইছে। যি সমাজত ধৰ্মীয় উন্মাদনা বৃদ্ধি পায়, সেই সমাজত শিক্ষা, বিজ্ঞান আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিৱৰ্তে পদে পদে অপ্ৰয়োজনীয় সংঘাতৰহে সৃষ্টি হয়।
যিকোনো ধৰ্মতকৈ মানৱতা সদায় ঊৰ্ধ্বত। ধৰ্মীয় উন্মাদনাই মানুহক ইমান অন্ধ কৰি তোলে যে তেওঁলোকে আন এজন মানুহৰ প্ৰতি থকা ন্যূনতম দয়া বা প্ৰেমৰ কথাও পাহৰি যায়। এক সুস্থ, শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঠনৰ বাবে ধৰ্মীয় উন্মাদনাৰ পৰিৱৰ্তে ধৰ্মীয় সহনশীলতা, পাৰস্পৰিক শ্ৰদ্ধা আৰু মানৱীয় প্ৰমূল্যবোধকহে সমৰ্থন কৰা উচিত। এই পৃথিৱীত ভালদৰে জীয়াই থাকিবলৈ শিকিব লাগিব । সকলোৱে মনত ৰখা উচিত শিলে শিলে ঘঁহনি খালে পানী নহয়, জুইৰহে সৃষ্টি হয়। এই জুইকুৰাই দহিলে কাকো ধৰ্মৰ কথা নোসোধে, এফালৰ পৰা ভস্মহে কৰিব। সেয়ে শান্তিৰ ন'বেল বঁটা বিজয়ী মাদাৰ টেৰেছাৰ ভাষাৰেই ক'ব পাৰি, "বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি ।"

GPC Chronicle · October 202638
Writer
Article

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

Achyut Kumar Patowary · Chief Associate Editor ,Asomiya Pratidin.18 October 2026

অসমৰ সাংস্কৃতিক চূড়ামণি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটা চিৰসেউজ গীত 'বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে...।' ব্যঞ্জনাত্মক কথা, বৈশিষ্ট্যপূৰ্ণ সুৰ আৰু সোণালী কণ্ঠেৰে ডঃ হাজৰিকাই গীতটোক অনন্য আবেদনপূৰ্ণ কৰি তুলিছে।

এই বিশেষ গীতটোৰ কথা আলোচনা কৰাৰ আগতে অমৃত পুৰুষ ভূপেন হাজৰিকাৰ ব্ৰহ্মপুত্ৰৰ লগত থকা একাত্মতাৰ কথা উল্লেখ কৰা উচিত হ'ব। শদিয়া, তেজপুৰ, ধুবুৰী, গুৱাহাটী সকলোতে ডঃ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ নিকট সান্নিধ্য লাভ কৰিছে। বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ জীৱনৰ সংগীত আৰু লোকগাথাৰ মাজতেই তেওঁ ডাঙৰ -দীঘল হৈছে। তেওঁ সদায় নিজকে ব্ৰহ্মপুত্ৰৰ পাৰৰ গৰ্বিত সন্তানৰূপে পৰিচয় দিয়ে আৰু নদীখন যেন তেওঁৰ আত্মাৰ সঙ্গী হৈ পৰিছিল। অন্য কথাত, ব্ৰহ্মপুত্ৰ আৰু ড° ভূপেন হাজৰিকা যেন অসমীয়া মানুহৰ পৰিচয়ৰ দুটা সাকাৰ ৰূপ আছিল। ব্ৰহ্মপুত্ৰক লৈ ৰচা উচ্চ ভাবপূৰ্ণ গীত আৰু সংগীতৰ বাবে ভূপেন হাজৰিকা 'ব্ৰহ্মপুত্ৰৰ চাৰণ' (the Bard of Brahmaputra)ৰূপে পৰিচিত হৈছিল। তেওঁৰ ৰচনাত ব্ৰহ্মপুত্ৰৰ উল্লেখ স্পষ্টভাৱে বাৰে বাৰে আহে। ডঃ হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰক কেতিয়াবা ভিন্ন সংস্কৃতি, পৰম্পৰা আৰু উপভাষাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহা মিলনৰ তীৰ্থযাত্ৰাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰে ভৰা শান্ত আৰু নিস্তব্ধ

জলধাৰাৰূপে বৰ্ণনা কৰা হৈছে আৰু কেতিয়াবা ই হৈ পৰে ৰূঢ়, অস্থিৰ আৰু ধ্বংসৰ উৎস। ডঃ হাজৰিকাৰ মতে স্বকীয় ৰূপ লৈ ব'হাগনো আহে ক'লৈ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ নহয় জানো! এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যৰ ছবিখন দাঙি ধৰিয়েই তেওঁ লিখিছে---

GPC Chronicle · October 202639
CONTINUED · PART 2 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

'মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ...।'
ব্ৰহ্মপুত্ৰই দুই পাৰৰ জনতাক দিয়া সংগ্ৰামৰ প্ৰেৰণাও তেওঁ গীতেৰেই প্ৰকাশ কৰিছে। 'সহস্ৰজনৰ সাহস দেখি আজি পৃথিৱী কম্পমান' বুলি কোৱা ডঃ হাজৰিকাই অৰ্থপূৰ্ণভাৱে গাইছে---
'সৌৱা বজ্ৰ নিনাদৰ প্ৰতিধ্বনি
ভৈয়ামে-পৰ্বতে বাজে
সংগ্ৰামী সুস্থ প্ৰকাশ
বলিষ্ঠ সংযম মাজে
প্ৰচণ্ড অৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান
আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান।'
লুইতখনক সাহস-শৌৰ্যৰ প্ৰতীক ৰূপে অংকন কৰা হাজৰিকাই ইয়াৰ সৌন্দৰ্য বৰ্ণনা কৰিবলৈও পাহৰা নাই। সেয়ে তেওঁৰ কলমেৰে নিগৰিছে-- 'অস্ত আকাশৰে সপোন ৰহন সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়.....।' এই গীতটিতো ডঃ হাজৰিকাই অগণন মানুহৰ আশা-আকাংক্ষা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ সাক্ষীৰূপে নদীখনক অংকন কৰিছে---
'দুয়ো পাৰে কত মানুহ,
কত যে ইতিহাস
কত যুগৰ,
শত আশা-নিৰাশাৰে নিশ্বাস।..'
ব্ৰহ্মপুত্ৰৰে একান্ত আত্মীয়তা অনুভৱ কৰা বাবেই তেওঁ এটা গীতত কৈছে---
'লুইততে মোৰ ঘৰ
লুইতেই মোৰ পৰ
লুইতে যে ভাঙে গঢ়ে
সপোন মৰমৰ।'
আনহাতে 'প্ৰাণ দিলা তেজ দিলা' গীতটিত ডঃ হাজৰিকাই ব্ৰহ্মপুত্ৰক ত্যাগ, সংকল্পৰো উৎস হিচাপে লৈ গাইছে....
'লুইত থাকিব
পণ থাকিব
গণ-তৰণীও নিতে চলিব
সমূহৰ কালিৰ বাবে
আজিক দিলা বন্ধু...।'
নদীখন অতিকে আপোন বাবেই ডঃ হাজৰিকাই ইয়াৰ তাণ্ডৱ ৰূপক তিৰস্কাৰ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। সেয়ে তেওঁ লিখিছিল--
'লুইতৰ বলিয়া বান
তই ক'লৈনো ঢাপলি মেলিছ
হিৰ হিৰ শৱদে কালৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?...'

GPC Chronicle · October 202640
CONTINUED · PART 3 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

তাৎপৰ্যপূৰ্ণভাৱে অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাব লগাৰ বিপৰীতে গীতৰ ভাষাৰে সুধাকণ্ঠই ব্ৰহ্মপুত্ৰৰ পাৰক লৈয়ে তাৰ সমিধান দি গৈছে--
'প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে
মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয়
হ'ল নতুন ৰূপৰ অসমীয়া।...'

GPC Chronicle · October 202641
CONTINUED · PART 4 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

'লুইততে নাও মেলিও পদ্মাত ভাটিয়লি ৰচো' বোলা ভূপেন হাজৰিকাৰ প্ৰাণৰ স্পন্দন হ'ল ব্ৰহ্মপুত্ৰ। বিশ্ব নাগৰিক হাজৰিকাই লুইতৰ পৰা মিছিছিপি হৈ ভল্গাৰ ৰূপ চাইছে আৰু পুনৰ আপোন নদীখনৰ পাৰলৈকে উভতি আহিছে। সেই একাত্মবোধেৰেই তেওঁ 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ' গীতটিত কৈছে-- 'লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোজন্ম ল'লো ইয়াতেই, ইয়াতে যেন মৰো।...'ভূপেন হাজৰিকা এগৰাকী সংগ্ৰামী শিল্পী আছিল যদিও মাত্ৰ ১৩ বছৰ বয়সতে 'অগ্নিযুগৰ ফিৰিঙতি মই , নতুন অসম গঢ়িম' গীতটো ৰচনা কৰা শিল্পীজনে লক্ষণীয়ভাৱে পৰৱৰ্তীকালত স্বাধীনতা সংগ্ৰামক লৈ আন কোনো উল্লেখযোগ্য গীত ৰচনা কৰা নাছিল। ভূপেন হাজৰিকাই তেওঁৰ পূৰ্বসূৰী জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা সমতা আৰু মুক্তিৰ চিন্তাধাৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। কিন্তু তেওঁ যদি আমেৰিকালৈ গৈ কিংবদন্তি কৃষ্ণাংগ গায়ক তথা নাগৰিক অধিকাৰ কৰ্মী পল ৰ’বছনক লগ নাপালেহেঁতেন তেন্তে তেওঁ হয়তো সামাজিক সংস্কাৰ আৰু ন্যায়ৰ সন্ধানত গণমুখী গীতৰ এটা ধাৰা সৃষ্টি কৰাৰ হেঁপাহ অনুভৱ নকৰিলেহেঁতেন। নিঃসন্দেহে ভাৰতীয় গণনাট্য সংঘৰ সৈতে তেওঁৰ সংযোগে এই ধৰণৰ গণসংগীতক সমৃদ্ধ কৰি তুলিছিল। পল ৰ'বছনৰ 'অ'ল মেন ৰিভাৰ' (Ol' Man River) ৰ বিষয়বস্তু আৰু চিত্ৰকল্পৰ আধাৰতেই 'বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে'...শীৰ্ষক বিখ্যাত গীতটি ৰচিবলৈ ভূপেন হাজৰিকা উদ্বুদ্ধ হৈছিল।মন কৰিবলগীয়া যে ‘অল মেন ৰিভাৰ' বহু সময়ত ভুলভাৱে কেৱল পল ৰ'বছনৰ সৃষ্টি বুলি কৈ অহা হৈছে। আচলতে গীতটো

GPC Chronicle · October 202642
CONTINUED · PART 5 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

লিখিছিল দ্বিতীয় অস্কাৰ হামাৰষ্টেইনে আৰু সুৰ কৰিছিল জেৰম কেৰ্নে। ১৯২৭ চনৰ ২৭ ডিচেম্বৰত শ্ব' ব'টৰ মূল মঞ্চ প্ৰযোজনাত এই গীতটো প্ৰথমবাৰৰ বাবে জুলছ

GPC Chronicle · October 202643
CONTINUED · PART 6 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

ব্লেডছ'ৱে পৰিবেশন কৰিছিল। পল ৰ'বছনে ১৯২৮ চনত পল হোৱাইটমেন আৰু তেওঁৰ কনচাৰ্ট অৰ্কেষ্ট্ৰাৰ সৈতে গীতটো ৰেকৰ্ডিং কৰে, আৰু ১৯৩০ চনত একাধিকবাৰ ৰেকৰ্ডিং কৰে। তাৰ পিছৰ পৰাই এই গীতটো বিভিন্ন ৰূপত বহু বিখ্যাত, অচিনাকি আৰু স্বল্প পৰিচিত গায়কে গাইছে।পল ৰ'বছনে ১৯৩৬ চনৰ জেমছ ৱেলৰ ক্লাছিক চলচ্চিত্ৰ সংস্কৰণ শ্ব' ব'টত ইয়াক স্মৰণীয়ভাৱে কণ্ঠেৰে জীপাল কৰি তুলিছিল। গীতটোত কপাহ কঢ়িয়াই নিয়া জাহাজত খালাচী হিচাপে কাম কৰা জো নামৰ এজন কৃষ্ণাংগ যুৱকৰ যন্ত্ৰণা আৰু ক্ষোভ হৃদয়স্পৰ্শী ৰূপত প্ৰকাশ কৰা হৈছে। গীতটোৰ স্ৰষ্টাই অবিৰতভাৱে বৈ যোৱা মিছিছিপিক এনে এজন নীৰৱ দৰ্শক হিচাপে চিত্ৰিত কৰিছে, যিয়ে কৃষ্ণাংগ দাসৰ বিৰুদ্ধে হোৱা অন্যায় আৰু অবৰ্ণনীয় দুখ-কষ্ট দেখিও কোনো প্ৰতিবাদ নকৰে।ভূপেন হাজৰিকাই 'বিস্তীৰ্ণ পাৰৰে' গীতটিত মিছিছিপিৰ পাৰৰ কৃষ্ণাংগসকলৰ ওপৰত হোৱা অত্যাচাৰৰ মৰ্মবেদনাক অসমৰ প্ৰেক্ষাপটত ক্ষয়িষ্ণু সমাজত আপোন মানুহখিনিয়ে ভোগ কৰা দুখ-দুৰ্দশালৈ স্থানান্তৰিত কৰিছিল। ইয়াত নদীখন হ'ল ব্ৰহ্মপুত্ৰ। তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰত পশ্চিমীয়া বেছ ছ'ল', গীতিময় পেন্টাটনিক স্কেলৰ সুৰ আনিছিল। দুয়োটা গীততে নদীখনকে মানুহৰ দুখ-কষ্টৰ নীৰৱ সাক্ষী বুলি অভিযোগ উত্থাপন কৰা হৈছে। 'অ'ল মেন ৰিভাৰ'ত আমি পাওঁ : 'অ'ল মেন ৰিভাৰডেট অ'ল মেন ৰিভাৰহি ডু নট চে নাথিংবাট হি মাষ্ট ন' ছামথিংহি জাষ্ট কিপছ ৰ'লিংহি কিপছ অন ৰ'লিং এলং...'আৰু ভূপেন হাজৰিকাৰ গীতটো আৰম্ভ হৈছে এইদৰে---'বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰেহাহাকাৰ শুনিও নি:শব্দে নীৰৱেবুঢ়ালুইত তুমি, বুঢ়ালুইত বোৱা কিয়?'

GPC Chronicle · October 202644
CONTINUED · PART 7 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

যদিও ‘বিস্তীৰ্ণ পাৰৰে’ৰ উৎপত্তি ‘অ'ল মেন ৰিভাৰ'ত হৈছিল, গীতটো পল ৰ’বছনক লগ পোৱাৰ প্ৰায় ডেৰ দশকৰ পিছত ১৯৬৫ চনতহে হাজৰিকাই ৰচনা কৰিছিল। সময়ৰ প্ৰতিফলন ঘটাই হাজৰিকাৰ গীতটিত সমসাময়িক অসমীয়া সমাজত নৈতিক মূল্যবোধৰ অৱনতিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াতেই 'অ'ল মেন ৰিভাৰ'ৰ পৰা হাজৰিকাৰ গীতটোৱে এক বেলেগ দিশত গতি কৰিছে।
ডঃ হাজৰিকাই আক্ষেপ কৰিছে:
'নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ-অলসভাৱে বোৱা কিয়?'

GPC Chronicle · October 202645
CONTINUED · PART 8 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

গীতটিৰ এই শাৰীকেইটাই সমাজ গ্ৰাস কৰিবলৈ লোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ কথালৈ মনত পেলাই দিয়ে। সমাজত নৈতিক মূল্যবোধৰ কেনে অৱক্ষয় হৈছে আৰু মানৱতা যে সম্পূৰ্ণৰূপে স্খলিত হৈছে তাক ভূপেন হাজৰিকাই দ্বৰ্থহীনভাৱে আঙুলিয়াই দিছে। গীতটি ৰচনাৰ সময়ত স্বাধীনতাৰ প্ৰায় দুটা দশকৰ পাছতো দেশৰ দৰিদ্ৰতা আৰু শোচনীয় শিক্ষাই ভূপেন হাজৰিকাৰ মনক ব্যথিত কৰি তুলিছিল। সেই সময়ত উপযুক্ত নেতৃত্বৰ অভাৱো তেওঁ অনুভৱ কৰিছিল। গতিকে, তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল এইদৰে---'জ্ঞানবিহীন নিৰক্ষৰৰখাদ্যবিহীন নাগৰিকৰনেতৃত্ববিহীনতাত নিমাত কিয়?'নিৰক্ষৰ আৰু দৰিদ্ৰসকলে অশেষ দুখ-কষ্ট ভোগে আৰু ভূ-স্বামীসকলে এই দীন-হীনসকলৰ নিৰক্ষৰতাৰ সুযোগ লৈ আহিছে। গীতটোৱে ভাৰতত সাক্ষৰতাৰ প্ৰয়োজনৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰিছে। বাৰিষাৰ সময়ত অস্থিৰ হৈ পৰা নদীখনৰ শক্তিৰ বিষয়ে ড° হাজৰিকাই অনুভৱ কৰিছিল। বছৰ বছৰ ধৰি ই বিধ্বংসী ৰূপ লৈ আহিছে। কিন্তু হাজৰিকাই বিচাৰে ফেনে ফোটোকাৰে বাঢ়ি অহা নদীখনৰ উন্মাদনাৰ অভিজ্ঞতাই দুই পাৰৰ মানুহক শক্তিশালী কৰি তোলক। নিজকে দুৰ্বল বুলি ভবা মানুহক সাহসেৰে আগুৱাই যাবলৈ প্ৰেৰণা দিয়ক। গতিকে, তেওঁ গাইছিল :'সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰেপংগু মানৱকসবল,সংগ্ৰামী আৰু অগ্ৰগামীকৰি নোতোলা কিয়?'প্ৰগতিশীল চিন্তানায়ক ভূপেন

GPC Chronicle · October 202646
CONTINUED · PART 9 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

হাজৰিকাই সামাজিক উদাৰতাবাদ আৰু সামাজিক গণতন্ত্ৰৰ জৰিয়তে এখন নতুন সমাজ গঢ়াৰ পোষকতা কৰে। অশুভ সমাজ ভাঙি পেলাবলৈ আমূল পৰিৱৰ্তনৰ বাবে আহ্বান জনায়। তেওঁ ব্যক্তিকেন্দ্ৰিক, স্বাৰ্থপৰ সমাজৰ বিদ্যমান চৰিত্ৰক সমালোচনা কৰে:'ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে শিথিল সমাজক নাভাঙা কিয়?'ব্ৰহ্মপুত্ৰৰ জন্মৰ ৰহস্যৰ কিংবদন্তি অনুসৰণ কৰি ভূপেন হাজৰিকাই ইয়াক পুৰুষ নদী বুলি উল্লেখ

GPC Chronicle · October 202647
CONTINUED · PART 10 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

কৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ পিছতো নদীখনে কিয় অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰেৰণা দিয়া নাই বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।'তুমিয়ে যদি ব্ৰহ্মাৰ পুত্ৰ সেই পিতৃত্ব তেনে নামমাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয়?'গীতটিত এখন নতুন ভাৰতৰ সপোনৰ কথাও প্ৰতিফলিত হৈছে। ভূপেন হাজৰিকাই পুৰাণ আৰু মহাভাৰতৰ কাহিনীৰ প্ৰসংগৰে অসমৰ্থ-অচেতন হৈ পৰি থকা শ শ বীৰক জগাই তুলিব বিচাৰিছে। ভীষ্মৰ দৰে মহাকাব্যিক চৰিত্ৰ উপস্থাপন কৰি তেওঁ গাইছে:'উন্মত্ত ধৰাৰেকুৰুক্ষেত্ৰতে শৰশয্যাকে আলিংগণশন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয়?''অ'ল মেন ৰিভাৰ'ত গায়কজন নিজেই বঞ্চিত আৰু নিপীড়িত শ্ৰেণীৰ প্ৰতিনিধি; তেওঁ মিছিছিপি নদীৰ পাৰত এখন জাহাজত হৃদয়স্পৰ্শী কণ্ঠেৰে গীতটো গায়। চৌপাশৰ দুখ-কষ্ট, দৰিদ্ৰতা আৰু মূল্যবোধৰ অৱক্ষয় দেখি তেওঁৰ খং উঠিছে নদীখনৰ ওপৰত। কিন্তু "বিস্তীৰ্ণ পাৰৰে'ত ড° হাজৰিকা কেৱল এজন দৰ্শক।চৌপাশৰ কৰ্ম-কাণ্ডবোৰক লৈ তেওঁ সুখী নহয়, তেওঁৰ ক্ষোভটো নদীৰ ফালে নিৰ্দেশিত কৰি প্ৰশ্ন কৰিছে 'বুঢ়ালুইত, বোৱা কিয় ?' তেওঁ নদীখনক নিষ্ক্ৰিয় হৈ ৰোৱাৰ পৰিৱৰ্তে কিছু পদক্ষেপ ল’বলৈ অনুৰোধ কৰে।এই গীতটি ইতিমধ্যে বহু ভাষালৈ তৰ্জমা হৈছে। অসমীয়া, বাংলা আৰু হিন্দী ভাষাত স্বয়ং ড° হাজৰিকাই বিস্ময়কৰ কণ্ঠৰে গাইছে গীতটি। বাংলা

সংস্কৰণত ‘বিস্তীৰ্ণ দুপাৰেৰ’ আৰু হিন্দীত ‘গংগা বেহতি হো কিউ’ত নদীখন ব্ৰহ্মপুত্ৰৰ সলনি গংগা হৈ পৰিছে। হিন্দু পৰম্পৰাৰ বিশ্বাসৰ প্ৰতীক আৰু ভাৰত উপমহাদেশৰ জীৱিকাৰ উৎসও গংগা নদী। ভূপেন হাজৰিকাই বিচাৰে গংগাই নিজৰ লুকাই থকা ক্ষোভ প্ৰকাশ কৰি আস্থা ভংগ আৰু দেশ প্ৰদূষিত কৰাসকলক নিৰ্ভয়ে পৰাভূত কৰক।গীতটোৰ সাৰ্বজনীন আবেদনে ইয়াক দশক দশক ধৰি জনপ্ৰিয়

আৰু

GPC Chronicle · October 202648
CONTINUED · PART 11 OF 11

ডঃ ভূপেন হাজৰিকা আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…

প্ৰাসংগিক কৰি ৰাখিছে। ভূপেন হাজৰিকাই যদিও নদীখনৰ আগত নিজৰ যন্ত্ৰণা প্ৰকাশ কৰিছিল, ইয়াত নদীখন এক উপমা। তেওঁৰ এটা লক্ষ্য হৈছে নদীৰ দুয়োপাৰৰ লাখ লাখ মানুহক সাহস আৰু প্ৰেৰণাৰে নিজৰ অধিকাৰৰ বিষয়ে জাগ্ৰত কৰা। প্ৰকৃততে ই সমাজ ব্যৱস্থাৰ প্ৰহসনৰ লগতে শাসকৰ দুৰ্নীতি উদঙাই দি ৰাইজক ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱা এক বিপ্লৱী গীত। ভূপেন হাজৰিকাৰ আত্মাস্পৰ্শী পৰিবেশনে ইয়াক এক মহাকাব্যিক গীতত পৰিণত কৰিছে।

GPC Chronicle · October 202649
Writer
Article

THE GODDESS AND THE WOMEN ON EARTH

DURBA GHOSH18 October 2026

THE GODDESS AND THE WOMEN ON EARTH
Durba Ghosh

__My Durga is there at roadsides, at schools
My Durga calls me Ma in danger and
My Durga is self-defense, her body burns not the mind
Born from a woman’s womb she is all flesh and blood…
My Durga wields the trident on earth and in heaven
My Durga has learnt to survive on her own terms._

_Kanyashlok – (A Shloka for the Daughter) by Mallika Sengupta__

GPC Chronicle · October 202650
CONTINUED · PART 2 OF 3

THE GODDESS AND THE WOMEN ON EARTH

It is that time of the year when autumn winds blow in the air and be it the feminist poet or the upholders of patriarchy, almost all eagerly await the ascent of Goddess Durga on earth, marking ten days of celebration along with venerating her as the symbol of divine power or ‘Shakti’.
This year, too, is no different but before the celebrations began, the country was rocked by protests against an alleged threat to democracy and women were at the forefront demanding political rights for all citizens to ensure that the country’s democratic institutions maintain their sanctity.
Against this backdrop, it is but natural that women are once again placed on the pedestal of divine ‘Shakti’ or power but it is time that her representation as the invincible in popular culture and imagination is handled more realistically. It is indeed a paradox that women on one hand, are considered a symbol of divine power but on the other, there is no let up on violence against them in all spheres of life.
Even to this day, Goddess Durga is symbolised as invincible, unassailable, unwavering in her resolve and unyielding to the unrighteous as the ‘Dashabhuja’ (ten-armed) Mahishashurdarmani (slayer of the demon), riding the lion symbolizing unlimited power while she is also the nurturer as a mother, who with her four children, makes an annual sojourn as the demure and dutiful daughter to her parents’ home.
It is these perceptions of the Goddess which, for centuries, have manifested in the psyche of the ordinary people, as she is venerated annually over ten days for destroying the evil forces and finds reflection for a few days in the lives of women before she is again reviled, abused, harassed and treated abominably in reality.
The Goddess in her varied mythological forms and essence has been imprinted in the inner recesses of the majority with their idea of womanhood taking root from this concept of the divine. It evolved along the way, traversing many a convoluted path with the myth of divinity converging with the ordinary world.
The journey of women along this path has not been easy as they straddle a world where dichotomy rules where she may be momentarily venerated but is largely left to battle misogyny and patriarchy.
She may occasionally be put on a pedestal and revered but mostly women bear the brunt of being ridiculed, burdened with excessive workload, harassed, tortured, subjected to heinous atrocities, and even killed without hesitation.
The paradox is inherent-the very name of Durga symbolizes power, valour and strength and it cannot be denied that women need these in abundance to tackle the prevalent norms stacked against her. She is denied the basic rights and as she fights to assert her identity, there are many who will not budge an inch to give her the rightful place she deserves even as they worship devoutly the Goddesses of clay and bow their heads in obeisance before mythical figures.
Come any adversity and the woman is pushed to the front and mostly to the edge, just like the myth that has become popular over the years— that alarmed Gods approached Shiva to send Durga to vanquish ‘Mahishasura’, the buffalo-demon, who after years of prayers had sought the boon of immortality from the Father of Creation ‘Brahma’ but on being denied, asked for the next best option of being killed only by a woman, which was granted.
Dealing with adversities seems to come naturally to women and this has been amply illustrated over time when difficult situations arise and they don the mantle, albeit reluctantly on many occasions, of being a prototype of the ‘Dasabhuja Durga’.
Popular media has further added to the myth that women with their immense patience, drive, hard work and above all, as the nurturer must skilfully navigate both their work and domestic arenas.
Most women fall into this trap easily and strive hard to achieve perfect balance between the two, overexerting themselves which leads to consequent health issues. It does not help much as a patriarchal society serves its vested interests by further perpetuating this myth.
Added to this, in complete antithesis to the concept of the Devi or the empowered woman who must conquer all, are the continuous hurdles—including violence and killing—posed along her way to ensure she remains suppressed but she rises like the phoenix, time and again, to fight her battle for assertion and identity.
The Gods bestowed each hand of Durga with weapons like the chakra, sword, bow and arrow, mace, trident along with the conch, lotus, thunderbolt, snake and flame, each symbolising the power to deal with evil forces and protect the Universe. Women, however, have rarely received the tools to empower or deal with her many struggles but acquire them as she tackles each hurdle that comes her way.

GPC Chronicle · October 202651
CONTINUED · PART 3 OF 3

THE GODDESS AND THE WOMEN ON EARTH

#_The poem ‘Kanyashlok’ has been translated from the Bengali by historian Bhaswati Bhattacharya._

GPC Chronicle · October 202652
Writer
Article

সাংবাদিকৰ ভাষা

Gautam Sharma · Executive Editor, Amar Asom18 October 2026

সংবাদ মাধ্যমৰ ভাষা মানেই সংবাদৰ ভাষা বা সাংবাদিকৰ ভাষা। অর্থাৎ সাংবাদিকে যেনে ধৰণৰ ভাষা ব্যবহাৰ কৰি এটা ঘটনা ৰাইজৰ মাজলৈ লৈ যায়, সেই ধৰণৰ ভাষাকে পোনপটীয়াকৈ সাংবাদিকৰ ভাষা বা সংবাদ মাধ্যমৰ ভাষা বুলি কোৱা হয়। সংবাদ মাধ্যমৰ ভাষা বুলি কওঁতে আকৌ বিভিন্ন সংবাদ মাধ্যমৰ ভাষাও কিছু পৃথক। বাতৰিকাকতৰ সাংবাদিকৰ ভাষা আৰু টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমৰ সাংবাদিকৰ ভাষাৰ মাজত কিছু পার্থক্য আছে। আকৌ ৰেডিঅ'ৰ সাংবাদিকৰ ভাষা কিছু পৃথক। অসমীয়াই হওক বা ইংৰাজীয়েই হওক, হিন্দীয়েই হওক বা উর্দুবেই হওক, বাংলাই হওক বা ফৰাচীয়েই হওক- সকলো ভাষাৰ ক্ষেত্ৰতে এই কথা প্রযোজ্য।

GPC Chronicle · October 202653
CONTINUED · PART 2 OF 11

সাংবাদিকৰ ভাষা

ধৰি লোৱা হ'ল কোনো এঠাইত এটা দুর্ঘটনা সংঘটিত হৈছে। বাতৰিকাকতত এই বাতৰিটো প্রকাশ কৰাৰ ক্ষেত্ৰত এগৰাকী সাংবাদিকে যিধৰণৰ ভাষা ব্যৱহাৰ কৰে বা কৰিব লাগে, টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমৰ সাংবাদিকে ব্যৱহাৰ কৰা বা কৰিবলগীয়া ভাষাতকৈ কিন্তু ই কিছু পৃথক। টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমত দুর্ঘটনাৰ বাতৰিটো পৰিৱেশন কৰাৰ সমান্তৰালভাৱে সংশ্লিষ্ট দুর্ঘটনাৰ ভিডিঅ' ফুটেজ সম্প্ৰচাৰ কৰাৰ অৱকাশ থাকে। সেইবাবে টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমৰ বাতৰিটো বাতৰিকাকতৰ বাতৰিতকৈ চুটি হ'ব। কিয়নো, ভিডিঅ' ফুটেজে ইতিমধ্যে

GPC Chronicle · October 202654
CONTINUED · PART 3 OF 11

সাংবাদিকৰ ভাষা

স্পষ্ট কৰি দিয়া কথাখিনি পুনৰ শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ অৱকাশ নোহোৱা হৈ পৰে। সংশ্লিষ্ট বাতৰিটো বাতৰিকাকতৰ পাঠকে বুজি পোৱাকৈ পৰিৱেশন কৰিব লাগিলে সাংবাদিকে তাত এনে ধৰণৰ ভাষা ব্যৱহাৰ কৰিব লাগে, যাতে ভিডিঅ' ফুটেজে শব্দহীনভাবে বুজাই দিয়া কথাখিনি বাতৰিকাকতৰ পাঠকে শব্দৰ মাধ্যমেৰে বুজিব পাৰে। বাতৰিকাকতত আলোকচিত্ৰ ব্যৱহাৰ কৰাৰ অৱকাশ থাকে যদিও টেলিভিছন চেনেলৰ ভিডিঅ' ফুটেজ আৰু বাতৰিকাকতৰ আলোকচিত্ৰৰ মাজত তফাৎ আছে। কেৱল দুর্ঘটনাই নহয়, কলা-সংস্কৃতিৰ পৰা খেল-ধেমালিলৈ, ভূগোল-বুৰঞ্জীৰ পৰা বিজ্ঞানলৈ, সন্ত্রাসবাদীৰ কাৰ্যকলাপৰ পৰা ৰাজনৈতিক নেতাৰ ভাষণলৈ, ৰাজহুৱা সভাৰ পৰা গোপন বৈঠকলৈ সকলো ক্ষেত্রতে টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যম আৰু বাতৰিকাকতৰ সংবাদৰ ভাষাৰ মাজত কিছু প্রভেদ আছে। এই প্রভেদ যিগৰাকী সাংবাদিকে শুদ্ধকৈ বুজিব পাৰে, তেওঁ সফল সাংবাদিক হোৱাৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি যোৱাৰ সুযোগ থাকে। বাতৰিকাকত পঢ়ুৱৈয়ে পড়ে। টেলিভিছন-ডিজিটেলৰ বাতৰি দৰ্শকে চায়। ইয়াৰ বিপৰীতে ৰেডিঅ'ৰ বাতৰি শ্রোতাই শুনে। গতিকে ৰেডিঅ'ত এটা বাতৰি এনেদৰে লিখিবলগীয়া হয়, য'ত শ্রোতাই পঢ়া আৰু দেখা দুয়োটা কথা উপলব্ধি কৰিব পাৰে।

সেই সূত্রেই কেৱল শ্রোতাৰ বাবে প্রযোজ্য ৰেডিঅ' সাংবাদিকতাৰ ক্ষেত্ৰত শব্দৰ যাদুকৰী শক্তিৰ কৌশলগত প্রয়োগ নিঃসন্দেহে এৰাব নোৱৰা বিষয় হৈ পৰে।

মই ব্যক্তিগতভাবে সাংবাদিকৰ ভাষাৰ সৈতে গীত বা সংগীতক সততে তুলনা কৰোঁ আৰু পুলক অনুভৱ কৰোঁ। সকলো ধৰণৰ গীত সুন্দৰভাৱে গাব পৰা এজন গায়ক বা এগৰাকী গায়িকাৰ প্ৰসংগ এইক্ষেত্ৰত উল্লেখ কৰিব খুজিছোঁ। এগৰাকী সফল গায়ক বা গায়িকাই প্রায় সকলো ধৰণৰ গীত গাব পাৰে যদিও প্রতিটো গীত গোৱাৰ কৌশল, আংগিক, আয়োজন আৰু পৰিৱেশনৰ শৈলী ভিন্ন ভিন্ন। বৰগীত পৰিৱেশনৰ শৈলীৰ সৈতে জ্যোতি

GPC Chronicle · October 202655
CONTINUED · PART 4 OF 11

সাংবাদিকৰ ভাষা

সংগীত,

বিষ্ণু ৰাভাৰ গীত, ভূপেন্দ্র সংগীত, পার্বতিপ্ৰসাদ বৰুৱাৰ গীত বা জুবিন গাৰ্গৰ গীতৰ পৰিৱেশনশৈলীৰ কিছু প্রভেদ আছে। সেইদৰে জ্যোতি সংগীত বা ভূপেন্দ্র সংগীতৰ পৰিৱেশনশৈলীৰ সৈতে বিহুনামৰ পৰিৱেশনশৈলীৰ, টোকাৰী বা দেহবিচাৰৰ গীতৰ পৰিৱেশনশৈলীৰ সৈতে গজল বা ভজনৰ পৰিৱেশনশৈলীৰ, বিয়ানাম বা নাঙেলী গীতৰ পৰিৱেশনশৈলীৰ সৈতে আইনাম বা গোসাঁই নামৰ পৰিৱেশনশৈলীৰ কিছু প্রভেদ আছে। প্রতিবিধ গীতৰে নিজস্ব কিছু ধৰণ-কৰণ আৰু আংগিক আছে। সেই স্বকীয়তা যিগৰাকী গায়ক বা গায়িকাই শুদ্ধভাবে উপলব্ধি কৰিব নোৱাৰে, তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে। আকৌ চিনেমাৰ গীতৰ সৈতে ভ্রাম্যমাণ থিয়েটাৰ বা এমেচাৰৰ গীতৰ প্রভেদ আছে। তেনেদৰে মুকলি মঞ্চত গোৱা গীত আৰু প্রেক্ষাগৃহত গোৱা গীতৰ মাজতো কিছু পার্থক্য আছে। জন্মদিনত গোৱা গীত আৰু মৃত্যুবার্ষিকীত গোৱা গীতৰো প্রভেদ আছে। ব'হাগ বিহুত গোৱা গীত আৰু দুর্গা পূজাত গোৱা গীতৰো প্রভেদ আছে। গুৰুজনাৰ আবিৰ্ভাৱ বা তিৰোভাৱ তিথিত গোৱা গীত আৰু 'নমামি ব্রহ্মপুত্র'ত গোৱা গীতৰো আছে কিছু পার্থক্য। গীতৰ নির্বাচনৰ ক্ষেত্ৰতেই হওক, পৰিবেশনৰ ক্ষেত্ৰতেই হওক, ভাষাৰ ক্ষেত্ৰতেই হওক বা আংগিকৰ ক্ষেত্ৰতেই হওক- প্রতিবিধ গীতৰে নিজা নিজা কিছু বৈশিষ্ট্য আছে। ক'ত, কিয়, কাৰ বাবে, কেতিয়া আৰু কেনেকৈ- এইকেইটা দিশৰ প্ৰতি লক্ষ্য ৰাখিহে সফল গায়ক বা গায়িকাই গীত পৰিৱেশন কবে বা সংশ্লিষ্ট দিশকেইটাৰ প্রতি নজৰ দি ভালদৰে গীত পৰিবেশন কৰিব পাৰিলেহে কোনো প্রতিভাশালী গায়ক বা গায়িকা সফল হোৱাৰ পথ প্রশস্ত হৈ পৰে।

GPC Chronicle · October 202656
CONTINUED · PART 5 OF 11

সাংবাদিকৰ ভাষা

মই ব্যক্তিগতভাবে বিশ্বাস কৰোঁ যে এগৰাকী সাংবাদিকৰ ক্ষেত্ৰত এই কথা বহুলাংশে প্রযোজ্য হয়। তেওঁ কি সংবাদ পৰিবেশন কৰিব খুজিছে, কাৰ বাবে পৰিৱেশন কৰিব খুজিছে, কিয় পৰিৱেশন কৰিব খুজিছে, কেতিয়া পৰিৱেশন কৰিব খুজিছে আৰু কেনেকৈ পৰিৱেশন কৰিব খুজিছে- এই সকলো কথা বিশেষভাবে চালি-জাৰি চোৱাৰ দৰকাৰ আছে, সংবাদ পৰিৱেশনৰ আগতেই। অন্যথা সেই সংবাদ অর্থহীন বা লক্ষ্যহীন সংবাদলৈ পর্যবসিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

GPC Chronicle · October 202657
CONTINUED · PART 6 OF 11

সাংবাদিকৰ ভাষা

বাতৰিকাকত বিভিন্ন শ্ৰেণীৰ মানুহে পঢ়ে।বৰ্ণমালাৰ আখৰকেইটা চিনি পোৱাজনৰ পৰা আৰম্ভ কৰি বিদগ্ধ পণ্ডিতলৈকে প্রায় সকলোৱেই বাতৰিকাকত পঢ়ে। সেইবাবে সংবাদ পৰিৱেশনৰ সময়ত এই কথা মনত ৰখা দৰকাৰ যে সংশ্লিষ্ট সংবাদটো সমাজৰ বিভিন্ন শ্ৰেণীৰ আৰু পৃথক মেধা তথা জ্ঞানসম্পন্ন লোকে পঢ়িব। একেবাৰে কম পঢ়া লোকৰ পৰা সাংঘাতিক মেধাসম্পন্নজনলৈকে সকলোৰে বাবে গ্রহণযোগ্য আৰু বোধগম্য ভাষাত সংবাদ পৰিৱেশন কৰাটো বাতৰিকাকতৰ সাংবাদিকৰ সফলতাৰ অন্যতম পূৰ্বচৰ্ত। টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত এই কথা আৰু অধিক জটিল। একেবাৰে পঢ়া-শুনা নথকা বা নিৰক্ষৰ লোকে বাতৰিকাকত পঢ়িব নোৱাৰে, কিন্তু টেলিভিছন-প'ৰ্টেল চাব পাৰে। বাতৰিকাকত পঢ়িব নোৱৰাজনেও টেলিভিছন-প'র্টেলত বাতৰি চাই বুজি পাব পাৰে, মন্তব্য দিব পাৰে, সিদ্ধান্ত ল'ব পাৰে। সেইবাবেই টেলিভিছন চেনেল তথা ডিজিটেল মাধ্যমৰ বাতৰিৰ ভাষা বাতৰিকাকতৰ ভাষাতকৈও অধিক সৰল আৰু পোনপটীয়া হোৱা উচিত। ৰেডিঅ'ৰ বাতৰিৰ ভাষাৰ ক্ষেত্ৰতো এই কথা প্রযোজ্য। ইয়াৰ অৰ্থ এইটো নহয় যে বাতৰিকাকতৰ বাতৰিৰ ভাষা জটিল হ'ব লাগে। সকলো শ্ৰেণীৰ পাঠকৰ বোধগম্য আৰু গ্রহণযোগ্য হোৱাকৈ এটা সহজ-সৰল, পোনপটীয়া অথচ শক্তিশালী গদ্যৰীতি আয়ত্ত কৰাটো সকলো সাংবাদিকৰে অবশ্য কৰণীয়। এটা নির্দিষ্ট বিষয় সম্পর্কে উল্লেখ থকা সংবাদতকৈ কেইবাটাও বিষয়

সম্পর্কে উল্লেখ থকা সংবাদৰ ভাষা আৰু অধিক সৰল আৰু পোনপটীয়া হ'ব লাগে, যাতে বর্ণনাৰ জটিলতা, শব্দৰ আধিক্য আৰু বাক্যৰ প্রাচুর্যই কোনো পঢ়ুৱৈ, শ্রোতা-দর্শকৰ মাজত অস্পষ্টতা বা বিভ্রান্তিৰ সৃষ্টি নকৰে। এয়া এটা জটিল কাম যদিও নিৰৱচ্ছিন্ন প্রচেষ্টা আৰু প্ৰণালীবদ্ধ পৰিকল্পনাৰ উপৰি অবিৰত অধ্যয়নে এই জটিলতা আঁতৰ কৰাৰ ক্ষেত্ৰত মকৰধ্বজৰ কাম কৰিব পাৰে। সকলো ধৰণৰ বাতৰিৰ ক্ষেত্ৰতে

GPC Chronicle · October 202658
CONTINUED · PART 7 OF 11

সাংবাদিকৰ ভাষা

নির্দিষ্ট

বাতৰিৰ আৰ্হি আৰু কলা-কৌশল আয়ত্ত কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰাটো সাংবাদিকৰ সফলতাৰ আন এক পূৰ্বচৰ্ত বুলি ক'ব পাৰি। অৱশ্যে এই লেখাত কেৱল ভাষাৰ কথাহে প্রধানকৈ উল্লেখ কৰা হৈছে। বাতৰিৰ বিষয়ে চিন্তা কৰাৰ সময়তে বাতৰি পৰিৱেশনৰ ভাষা সম্পর্কেও পৰিকল্পনা কৰা যুগুত। বাতৰিটো কাৰ বাবে লিখিবলৈ লৈছে, কেতিয়া লিখিবলৈ লৈছে, কিয় লিখিবলৈ লৈছে- এইকেইটা কথা নিশ্চিত হোৱাৰ সমান্তৰালভাবে এই কথাও নিশ্চিত হ'ব লাগে যে সংশ্লিষ্ট বাতৰিটো কেনেকৈ লিখিবলৈ লোৱা হৈছে।

GPC Chronicle · October 202659
CONTINUED · PART 8 OF 11

সাংবাদিকৰ ভাষা

আমি আগতেই উল্লেখ কৰিছোঁ যে বেলেগ বেলেগ ঘটনা বা কাৰ্যৰ সংবাদ পৰিৱেশনৰ আৰ্হি, শৈলী আৰু ভাষাও কিছু পৃথক। এইখিনি কথা স্বীকাৰ কৰি লৈয়ো এই কথা ক'ব খুজিছোঁ যে ঘটনা বা কার্য যিয়েই নহওক কিয়, সকলো ধৰণৰ সংবাদ পৰিৱেশনৰে এটা উমৈহতীয়া আর্হি থাকে, আংগিক থাকে, ভাষা থাকে। সেই আৰ্হি আৰু আংগিক হ'ব লাগে সকলোৱে উপলব্ধি কৰিব পৰা, চিন্তা কৰিব পৰাবিধৰ। সেই ভাষা হ'ব লাগে সকলোৱে বুজি পাব পৰা ধৰণৰ। সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত ভাষাৰ জটিলতা আৰু শব্দ প্রয়োগৰ চাতুর্য আক্ষৰিক অর্থতে বর্জনীয়। অন্যথা সেই সংবাদে সকলো শ্ৰেণীৰ পঢ়ুৱৈ, দর্শক বা শ্রোতাৰ মনত সাঁচ বহুৱাব নোৱাৰে। কোনো এটা বাতৰি লিখিবলৈ লোৱাৰ আগতে সংশ্লিষ্ট বাতৰিটোৰ বিষয়ে প্রাথমিক জ্ঞান আৰু পর্যাপ্ত তথ্য আহৰণ কৰাটো যুগুত। ইয়াৰ পিছতে আহি পৰে মনৰ ভিতৰত কৰা পৰিকল্পনাৰ প্ৰসংগ। নিজে জনা কথাখিনি প্রথমে মনৰ ভিতৰত 'চিজিল' কৰি ল'ব লাগে। যিমান পৰিপাটিকৈ আৰু প্ৰণালীবদ্ধভাবে কথাবোৰ চিজিল কৰি লোৱা যাব, সিমানেই সোনকালে এটা উন্নতমানৰ বাতৰি যুগুত কৰাৰ থল ওলাব। বাতৰিকাকত, টেলিভিছন আৰু ৰেডিঅ' সকলোৰে ক্ষেত্রত এই কথা প্রযোজ্য। কোৱা বাহুল্য যে মনৰ ভাব চিজিল হ'লে ভাষা নিজে নিজেই চিজিল হ'বলৈ বাধ্য।যেতিয়া এটা বিষয়ত নিজৰ জ্ঞান

GPC Chronicle · October 202660
CONTINUED · PART 9 OF 11

সাংবাদিকৰ ভাষা

আৰু ধাৰণা স্পষ্ট হয়, তেতিয়া সেই বিষয়ে লিখিব খোজাৰ গোটেই প্রক্রিয়াটো চিজিল হৈ পৰে। চিজিল ভাবে চিজিল ভাষাশৈলীক আমন্ত্রণ জনায়। পোনপটীয়াকৈ ক'বলৈ গ'লে বাতৰিৰ ভাষা বা সংবাদ মাধ্যমৰ ভাষা সহজ-সৰল, পোনপটীয়া, সকলোৰে বাবে বোধগম্য আৰু বাহুল্যবর্জিত হ'ব লাগে, য'ত দহটা শব্দৰেই কাম চলে, তাত কুৰিটা শব্দৰ কি প্রয়োজন? য'ত দুটা বাক্যৰেই কথাটো বুজাব পাৰি, তাত চাৰিটা বাক্যৰ কি প্রয়োজন? এটা বাক্যত এটা কথা কোৱাৰ সলনি এটা বাক্যতে

কেইবাটাও কথা ক'ব পাৰি- কিন্তু তাৰ বাবে বিশেষ দক্ষতাৰ প্রয়োজন।

GPC Chronicle · October 202661
CONTINUED · PART 10 OF 11

সাংবাদিকৰ ভাষা

এই লেখাত সংবাদ মাধ্যমৰ ধৰ্ম, সংবাদ মাধ্যমৰ লক্ষ্য আৰু সংবাদ মাধ্যমৰ উদ্দেশ্যৰ প্ৰসংগ উল্লেখ কৰা হোৱা নাই যদিও এই কথাও অস্বীকাৰ কৰিব নোৱাৰি যে সংবাদ মাধ্যমৰ ধৰ্ম, লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সংবাদ মাধ্যমৰ ভাষাৰ এৰাব নোৱৰা সম্পর্ক আছে। সেয়া আন এক প্রসংগ। এই লেখাত কেৱল সংবাদ মাধ্যমৰ ভাষা সম্পর্কে কিছু কথা উল্লেখ কৰাৰ প্ৰয়াস কৰা হৈছে। ব্যক্তিগতভাবে মই এই কথা বিশ্বাস কৰোঁ যে প্ৰতিগৰাকী সাংবাদিকে প্রথমে কেনেকৈ সংবাদ পৰিৱেশন কৰিব, সেই কথা নিশ্চিত কৰিব লাগে আৰু তাৰ পূৰ্বে এই কথা নিশ্চিত কৰিব লাগে যে সংশ্লিষ্ট সংবাদটো কেতিয়া, ক'ত আৰু কিয় পৰিৱেশন কৰিব। এই বিষয়ত এটা সুস্থিৰ সিদ্ধান্তত উপনীত হোৱাৰ লগে লগে আহি পৰে ভাষাব প্রসংগ। যি ভাষাতেই সংবাদ পৰিবেশন নকৰক কিয়, সেই ভাষাৰ বিষয়ে সাংবাদিকৰ বিশদ জ্ঞানৰ প্রয়োজন অনস্বীকার্য। অৱশ্যে এই কথাও সত্য যে এগৰাকী সাংবাদিক ভাষাবিদ হ'ব লাগিব বুলি কোনো ধৰা-বন্ধা নিয়ম নাই। কিন্তু সেই বুলিয়েই সাংবাদিকে ভাষাৰ বিষয়ে বিশেষ একোৱেই জানিব নালাগিব বা তেওঁলোকে যিয়েই নিলিখক কিয়, আর্হিকাকত চাওঁতাই সেয়া নিয়মমাফিক শুধৰাই দিব- এই কথাও মানি ল'ব নোৱাৰি। প্ৰকৃততে এগৰাকী সাংবাদিকে

সংবাদ পৰিৱেশন কৰাৰ আগতে যি ভাষাত সংবাদ পৰিৱেশন কৰিব, সেই ভাষাৰ বিষয়ে পর্যাপ্ত জ্ঞান আহৰণ কৰাৰ চেষ্টা চলোৱা উচিত। সংশ্লিষ্ট ভাষাৰ ব্যাকৰণৰ পৰ্যাপ্ত জ্ঞান আহৰণ কৰাটো সাংবাদিকৰ অবশ্য পালনীয় কর্তব্য। কেবল ব্যাকৰণেই নহয়, অভিধানৰ সৈতেও এগৰাকী সাংবাদিকৰ সম্পৰ্ক এৰাব নোৱৰা ধৰণৰ। ভাষাগত দিশত ভাল বুলি ক'ব পৰা সাংবাদিকৰ বাবে ব্যাকৰণ আৰু অভিধান স্বৰূপাৰ্থত নলে-গলে লগা বন্ধুৰ দৰে। অৱশ্যে ইয়াৰ বাবে কিছু কষ্টসাধ্য পৰিক্ৰমাৰ প্রয়োজন হয়। এয়া একেদিনাই কৰিব পৰা কাম নহয়। ইয়াৰ বাবে নিৰৱচ্ছিন্ন সাধনাৰ

GPC Chronicle · October 202662
CONTINUED · PART 11 OF 11

সাংবাদিকৰ ভাষা

প্ৰয়োজন।

সাংবাদিকৰ ধৰ্ম ৰক্ষা কৰাটো যেনেকৈ সাংবাদিকৰ এক নিৰৱচ্ছিন্ন সাধনা, সেইদৰে সাংবাদিকতাৰ ভাষাৰ ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰতো অবিৰত সাধনাৰ প্রয়োজন। যিগৰাকী সাংবাদিকে এই কথা সর্বান্তঃকৰণে উপলব্ধি কৰে আৰু সেইমতে কাম কৰে, সেইগৰাকী সাংবাদিক সফল সাংবাদিক হোৱাৰ ক্ষেত্রত এখোজ আগবাঢ়ি যায় বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। সততাক যদি আমি সাংবাদিকৰ ধৰ্ম বুলি ধৰোঁ, তেন্তে জ্ঞান হ'ব সেই ধৰ্ম ৰক্ষাৰ এক বিশেষধৰণৰ বৰ্ম। জ্ঞান অর্জনৰ ক্ষেত্ৰত আন বহু কথাৰ দৰে ভাষাৰ প্ৰসংগও অতি গুৰুত্বপূর্ণ। দ্ব্যর্থক, জটিল, আধা অর্থ প্রকাশ কৰা, অৰুচিকৰ, অশালীন আৰু অবাঞ্ছিত শব্দ আৰু বাক্য বৰ্জন কৰাটো সাংবাদিকৰ পৱিত্ৰ কৰ্তব্য।

প্ৰতিগৰাকী সাংবাদিকে এই কথা মনত ৰখা দৰকাৰ যে চ'ৰা ঘৰত পতা কথাৰ ভাষা, আড্ডাৰ ভাষা আৰু সংবাদ মাধ্যমৰ ভাষাৰ মাজত বিস্তৰ পার্থক্য আছে। এইখিনিতে এই কথাও উল্লেখ কৰিব লাগিব যে বেলেগ বেলেগ বাতৰিকাকত নপঢ়াকৈ, বেলেগ বেলেগ টেলিভিছনৰ চেনেল-ডিজিটেল মাধ্যমৰৰ বাতৰি নোচোৱাকৈ বা বেলেগ বেলেগ ৰেডিঅ'ৰ বাতৰি নুশুনাকৈ কোনো বাতৰিকাকত, কোনো টেলিভিছন চেনেল-ডিজিটেল মাধ্যম বা কোনো ৰেডিঅ'ৰ কোনো সাংবাদিক প্রকৃতার্থত তথ্যসমৃদ্ধ সাংবাদিক হ'ব নোৱাৰে। প্ৰকৃততে সংবাদ মাধ্যমৰ ভাষাক দৈ, মাখন বা ঘিৰ লগত তুলনা কৰিব পাৰি। বহু পৰিমাণৰ এৱা গাখীৰ জমা কৰি কৰি যেনেকৈ দৈ প্রস্তুত কৰা হয়, বহু পৰিমাণৰ গাখীৰ মথি মথি যেনেকৈ মাখন বা ঘি প্রস্তুত কৰা হয়- ঠিক তেনেকৈয়ে পর্যাপ্ত জ্ঞান, অসীম কষ্ট আৰু নিৰৱচ্ছিন্ন সাধনাৰ জৰিয়তে এজন সাংবাদিকৰ ভাষাৰ ভেটি তৈয়াৰ কৰিব পাৰি, কটকটীয়া কৰিব পাৰি, নিকপকপীয়া কৰিব পাৰি। কামটো কঠিন যদিও অসম্ভৱ নহয়। আহকচোন আমি আজিৰ পৰাই আৰম্ভ কৰোঁ সেই প্রক্রিয়া।

GPC Chronicle · October 202663
Writer
Article

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ

JITENDRA KUMAR CHOUDHURY17 October 2026

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ! এই সময়খনিত গ্ৰহণ কৰা সিদ্ধান্ত আৰু নিৰ্ধাৰণ কৰা লক্ষ্যই শিক্ষাৰ্থী এগৰাকীক সফলতাৰ আকাংক্ষিত বাটেৰে এইক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰে৷ এন আই টি, আই আই টি আৰু ত্ৰিপল আই আই টিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানে শিক্ষাৰ্থীক আগবঢ়াই নিয়াত গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা৷ কিন্তু এন আই টি,আই আই টিৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে কি ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন? কিদৰে পূৰণ কৰিব পাৰি এনে আগশাৰীৰ কাৰিকৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ সপোন?

​উল্লেখ্য যে ​একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত নামভৰ্তি হোৱাৰ লগে লগেই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ অন্য এখন যুঁজ আৰম্ভ হয়।

GPC Chronicle · October 202664
CONTINUED · PART 2 OF 5

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ


​আজি সমগ্ৰ দেশত এক ডাঙৰ প্ৰযুক্তি বিপ্লৱ চলিছে। ইলেক্ট্ৰ'নিকছ, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰিক বাহন আৰু AI ৰ দিশত ভাৰতবৰ্ষ অতি দ্ৰুতগতিৰে আগবাঢ়িছে। তথ্য অনুসৰি, ২০৩০ চনৰ ভিতৰত কেৱল আমাৰ দেশতেই ছেমিকণ্ডাক্টৰ খণ্ডত ১০ লাখ আৰু AI খণ্ডত ৪০ লাখ কাৰিকৰী দক্ষ লোকৰ প্ৰয়োজন হ’ব! সেয়েহে এতিয়া পৰম্পৰাগত শিক্ষাৰ উপৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে দেশৰ শীৰ্ষতম চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান— এন আই টি, আই আই টি আৰু ত্ৰিপল আই আই টিত নামভৰ্তিৰ সোণালী সপোন বাস্তৱায়িত কৰিবলৈ তীব্ৰ প্ৰতিযোগিতাত নামি পৰিছে।
​
আজি আমি আলোচনা কৰিম এই বিশাল সুযোগৰ বাবে একাদশ শ্ৰেণীৰ পৰাই কেনেকৈ সঠিক পৰিকল্পনা কৰি আপোনাৰ সন্তানৰ সপোন দিঠক কৰিব পৰা যায়। ভাৰতবৰ্ষৰ এই ঐতিহাসিক প্ৰযুক্তি বিপ্লৱত নিজৰ সন্তানক আগবঢ়াই নিয়াটো অতি জৰুৰী আৰু তাৰ বাবে এই শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ বাবে সন্তানক প্ৰস্তুত কৰাৰ বাবে অভিভাৱক সকলেও সযতনে আগবাঢ়িব লাগিব৷

​কিন্তু এই সপোন কেনেকৈ সাৰ্থক হ’ব? একাদশ শ্ৰেণীৰ পৰাই সন্তানে কেনেকৈ প্ৰস্তুতি চলাব ?
​প্ৰথম কথা হ'ল— বিষয় নিৰ্বাচন। এন আই টি, আই আই টি বা ত্ৰিপল আই টিৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ একাদশ আৰু দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত— এই তিনিটা বিষয় মুখ্য বিষয় হিচাপে থকাটো বাধ্যতামূলক। কাৰণ ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰম এই তিনিটা বিষয়ৰ ওপৰতেই আধাৰিত।

GPC Chronicle · October 202665
CONTINUED · PART 3 OF 5

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ

​দ্বিতীয় মন কৰিবলগীয়া বিষয়টো হৈছে— দ্বাদশ শ্ৰেণীৰ নম্বৰৰ চৰ্ত। মনত ৰাখিব, এইসমূহ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত অন্ততঃ ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সীমা ৬৫ শতাংশ। সেয়েহে কেৱল প্ৰৱেশ পৰীক্ষাৰ বাবে পঢ়িলেই নহ’ব, দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাতো সমানেই গুৰুত্ব দি পদাৰ্থ, ৰসায়ন আৰু গণিতত ভাল নম্বৰ লাভ কৰিব লাগিব।

GPC Chronicle · October 202666
CONTINUED · PART 4 OF 5

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ

​ইফালে, প্ৰৱেশ পৰীক্ষাৰ সমীকৰণটো বুজি পোৱাটোও অতি প্ৰয়োজনীয়। দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে শিক্ষাৰ্থীসকলে 'জে ই ই মেইন' (JEE Main) পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষাৰ নম্বৰৰ ভিত্তিত দেশৰ এন আই টি আৰু ত্ৰিপল আই টিসমূহত নামভৰ্তিৰ সুযোগ পোৱা যায়।
​কিন্তু দেশৰ শীৰ্ষ আই আই টিসমূহত নামভৰ্তি কৰিবলৈ হ’লে 'জে ই ই এডভান্সড' (JEE Advanced) পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। সমগ্ৰ দেশৰ প্ৰায় ১৬ লাখ শিক্ষাৰ্থীৰ ভিতৰত এটা বছৰত কেৱল শীৰ্ষ আঢ়ৈ লাখ শিক্ষাৰ্থীকহে এই এডভান্সড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হয়।
​ইয়াৰ বাবে জে ই ই মেইন পৰীক্ষাত কাট-অফ স্ক’ৰ অতিক্ৰম কৰিব লাগে। সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কাট-অফ সাধাৰণতে ৯০ ৰ পৰা ৯৫ পাৰ্চেণ্টাইলৰ ভিতৰত থাকে। আনহাতে পিছপৰা শ্ৰেণীৰ বাবে প্ৰায় ৮০ ৰ পৰা ৮২, অনুসূচিত জাতিৰ বাবে ৫৫ ৰ পৰা ৬০ আৰু অনুসূচিত জনজাতিৰ বাবে ৪৭ ৰ পৰা ৫২ পাৰ্চেণ্টাইল হয়। জে ই ই মেইনছ পৰীক্ষাত ​এই স্ক’ৰ পালেহে ছাত্ৰ-ছাত্ৰীসকলে 'জে ই ই এডভান্সড' প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোগ্যতা অৰ্জন কৰিব। আৰু তাৰ পিছত 'জে ই ই এডভান্সড' পৰীক্ষাত সুন্দৰ ফলাফল কৰিলেহে আই আই টিত নামভৰ্তিৰ পথ প্ৰশস্ত হ’ব।
​ইয়াৰ উপৰিও, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ এন আই টি আৰু আই আই টিসমূহত ২০ শতাংশ অতিৰিক্ত আসন সংৰক্ষিত ৰখা হৈছে। অৰ্থাৎ যোগ্য ছাত্ৰীসকলে এই সংৰক্ষিত আসনৰ জৰিয়তে অতি সহজে নামভৰ্তিৰ সুন্দৰ সুযোগ লাভ কৰিব পাৰে।

​এতিয়া প্ৰশ্ন হয়— একাদশ শ্ৰেণীৰ পৰা কেনেদৰে প্ৰস্তুতি চলাব?

GPC Chronicle · October 202667
CONTINUED · PART 5 OF 5

একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যৎ

​আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম কেতিয়াও অৱহেলা কৰিব নালাগে৷ জে ই ই পৰীক্ষাৰ প্ৰায় ৪৫ শতাংশ প্ৰশ্ন একাদশ শ্ৰেণীৰ পৰাই আহে। ইয়াৰ মূল ধাৰণাবোৰ স্পষ্ট নহ'লে দ্বাদশ শ্ৰেণীত পঢ়াত বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। লগতে প্ৰয়োজন নিয়মীয়া অভ্যাস। দৈনিক পদাৰ্থ, ৰসায়ন আৰু গণিতৰ মূল ধাৰণাবোৰ বুজি কঠিন সমস্যাবোৰ সমাধান কৰাৰ অনুশীলন কৰিব লাগিব। কিতাপৰ সূত্ৰবোৰ বাস্তৱ সমস্যাত ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব।​ ইফালে, বিগত বছৰবোৰৰ প্ৰশ্নকাকত নিয়মিত সমাধান কৰাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ অনলাইন মাধ্যমত Mock Test দিয়াটো জৰুৰী, যাতে সময় নিয়ন্ত্ৰণৰ দক্ষতা গঢ়ি উঠে।

​এই সমগ্ৰ যাত্ৰাত অভিভাৱকসকলৰ ভূমিকাও অপৰিহাৰ্য। এই দুটা বছৰ শিক্ষাৰ্থীসকলৰ বাবে মানসিকভাৱে যথেষ্ট কঠিন সময়। সেয়েহে অভিভাৱকসকলে নিজৰ সন্তানক আনৰ লগত তুলনা নকৰি কেৱল মনোবল আৰু উৎসাহ যোগাব লাগে।

মনত ৰখা ভাল ২০৩০ চনৰ আধুনিক ভাৰতৰ প্ৰযুক্তি আৰু সংস্থাপনৰ মহাবিপ্লৱত আপোনাৰ সন্তানো এজন সফল অংশীদাৰ হ’ব পাৰে। কেৱল প্ৰয়োজন— একাদশ শ্ৰেণীৰ পৰাই সঠিক দিশ, সময়োচিত সিদ্ধান্ত আৰু ধাৰাবাহিক পৰিশ্ৰম। আনকি সম্ভৱ হ'লে, পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৱম শ্ৰেণীৰ পৰাই ইয়াৰ মানসিক প্ৰস্তুতি আৰম্ভ কৰিলে সপোন বাস্তৱ কৰাটো আৰু অধিক সহজ হৈ পৰে।

GPC Chronicle · October 202668
Writer
Article

ভুৱা খবৰ-অপপ্ৰচাৰৰ বিৰুদ্ধে সাংবাদিকতাই হওক আধুনিক যুগৰ দুৰ্গাশক্তি

SHAH ALAM18 October 2026

পৌৰাণিক আখ্যানত মহিষাসুৰ আছিল অত্যাচাৰ, অহংকাৰ আৰু অশুভ শক্তিৰ প্ৰতীক। মহিষাসুৰ অত্যাচাৰৰ পৰা সমাজক মুক্ত কৰিবলৈ দেৱী দুৰ্গাই যুদ্ধ কৰি মহিষাসুৰক বধ কৰিছিল। যি অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু ন্যায়ৰ প্ৰতিষ্ঠাৰ প্ৰতীক। কিন্তু এতিয়া সময় সলনি হৈছে, সলনি হৈছে সমাজৰ প্ৰত্যাহ্বান। বৰ্তমান যুগত ভুৱা খবৰ, অপপ্ৰচাৰ আৰু তথ্যৰ বিকৃত উপস্থাপন সমাজৰ বাবে-সাংবাদিকতাৰ বাবে এক গুৰুতৰ সংকট হৈ পৰিছে। পৌৰাণিক যুগত মহিষাসুৰে যেনেকৈ সমাজৰ শান্তি বিঘ্নিত কৰিছিল, তেনেকৈ আজি ভুৱা খবৰ, অপপ্ৰচাৰ আৰু তথ্যৰ বিকৃত উপস্থাপনে মানুহৰ মাজত বিভাজন, বিদ্বেষ আৰু অবিশ্বাসৰ সৃষ্টি কৰি সমাজ অস্থিৰ কৰিছে। এই পৰিস্থিতিত সত্যৰ পক্ষত থিয় দি সমাজক বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰাটো সাংবাদিকতাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব।

GPC Chronicle · October 202669
CONTINUED · PART 2 OF 2

ভুৱা খবৰ-অপপ্ৰচাৰৰ বিৰুদ্ধে সাংবাদিকতাই হওক আধুনিক যুগৰ দুৰ্গাশক্তি

তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশে বাতৰি প্ৰচাৰৰ গতি বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে মুহূৰ্তৰ ভিতৰতে এটা খবৰ লাখ লাখ মানুহৰ ওচৰ পাইছে। কিন্তু তথ্যৰ এই দ্ৰুত প্ৰবাহৰ মাজতে ভুৱা খবৰ আৰু পৰিকল্পিত অপপ্ৰচাৰে বিপজ্জনক ৰূপ ধাৰণ কৰিছে। মিছা খবৰে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিছে, বিভাজন, বিদ্বেষ আৰু অবিশ্বাসৰ সৃষ্টি কৰিছে, জনসাধাৰণৰ মাজত আতংক বিয়পাব দিছে বহু সময়ত। সেয়েহে ভুৱা খবৰ কেৱল তথ্যৰ সমস্যা নহয়, ই সামাজিক সম্প্ৰীতি-গণতান্ত্ৰিক মূল্যবোধ আৰু জনসাধাৰণৰ আস্থাৰ প্ৰতিও ভাবুকি।

এনে পৰিস্থিতিত সাংবাদিকতাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰকৃত সাংবাদিকতাৰ উদ্দেশ্য কেৱল ঘটনা প্ৰকাশ কৰা নহয়, তথ্যৰ সত্যতা নিৰূপণ কৰা, ক্ষমতাৰ অপব্যৱহাৰ উন্মোচন কৰা আৰু জনস্বাৰ্থৰ বিষয়সমূহ পোহৰলৈ অনাও অন্যতম দায়িত্ব। আনতকৈ আগতে বাতৰি প্ৰকাশ কৰাতকৈ সত্য আৰু নিৰ্ভৰযোগ্য তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটোহে অধিক গুৰুত্বপূৰ্ণ।

দেৱী দুৰ্গাৰ হাতত থকা অস্ত্ৰসমূহ অশুভ শক্তিৰ বিৰুদ্ধে যুঁজৰ প্ৰতীক। একেদৰে, সাংবাদিকৰ হাতত থকা কলম, অনুসন্ধান, যুক্তি আৰু প্ৰমাণ হৈছে অসত্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তিশালী আহিলা। যিদৰে দেৱী দুৰ্গাই মহিষাসুৰৰ আধিপত্যৰ অন্ত পেলাইছিল, তেনেকৈ সাংবাদিকে বৰ্তমান সময়ত ঘটনাৰ প্ৰকৃত সত্যসত্যতা নিৰূপণ আৰু অনুসন্ধানৰ জৰিয়তে ভুৱা খবৰ উন্মোচন কৰিব লাগিব। কাৰণ সাংবাদিকৰ দায়িত্বই হৈছে সমাজত সত্যৰ প্ৰতি আস্থা অটুট ৰখা, অসত্যৰ প্ৰচাৰ ৰোধ কৰা, আৰু জনসাধাৰণক সচেতন কৰা ।

অৱশ্যে এই যুঁজ কেৱল সাংবাদিকৰ একক দায়িত্ব নহয়। নাগৰিকসকলেও কোনো খবৰ সত্যাসত্য নিৰূপণ নকৰাকৈ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। সংবাদ মাধ্যম আৰু সচেতন নাগৰিকৰ সামূহিক প্ৰচেষ্টাইহে ভুৱা খবৰৰ বিৰুদ্ধে শক্তিশালী যুঁজ গঢ়ি উঠিব।

GPC Chronicle · October 202670
Writer
Story

অলৌকিক

Pranjal Sen Deka · Editor, Dainik Agradoot17 October 2026

পিং। পকেটত থকা ফোনটোৰ মৃদু যান্ত্রিক শব্দটোৱে কংকণক যেন হঠাতে সজীৱ কৰি তুলিলে। ক'ব নোৱৰাকৈয়ে তাৰ মুখত ঈষৎ হাঁহি এটা খেলি গ'ল। আন বহুতবে দৰে সি যেতিয়াই তেতিয়াই ফোনটোতে ব্যস্ত নাথাকে। প্রয়োজনৰ বাহিৰে সি ফোন পিটিকি থাকিবলৈ ভাল নাপায়। তাৰ ফোন দুটা। দুয়োটাই আকর্ষণীয়। শেহতীয়া মডেলৰ আৰু যথেষ্ট দামী। কংকণে ঠিকেই বুজি পায় যে যিয়েই যি নকওক, ফোনটো এক ধৰণৰ ষ্টেটাছ ছিম্বলতে পৰিণত হৈছে। এই পৃথিৱীত এতিয়া সকলোৰে হাতে হাতে ম'বাইল ফোন। ব্যৱহাৰৰ দিশৰ পৰা ই তেনেই সাধাৰণ এবিধ সামগ্রীত পৰিণত হৈছে বহুদিন আগতেই। কিন্তু ফোনটো, মানে হেণ্ডছেটটো সদায়ে আকৰ্ষণৰ বস্তু। গতিকে কংকণ তাক লৈ সচেতন। তাৰ ফোন দুটা যাতে তাৰ বৃত্তৰ ভিতৰে-বাহিৰে আন দহজনতকৈ আকর্ষণীয় হয় সেয়া সি নিশ্চিত নকৰাকৈ নাথাকে। উদাসীন যেন দেখুৱালেও ফোন দুটা সি ইমান সযত্নে ব্যৱহাৰ কৰে যাতে আনৰ চকুত ঠিকেই পৰে। অৱশ্যে পোছাক-পাতিকে ধৰি সি ব্যৱহাৰ কৰা সকলো বস্তুৰে এটা পৃথক ছাপ থাকেই।

GPC Chronicle · October 202671
CONTINUED · PART 2 OF 19

অলৌকিক

ফোনটো প্রয়োজনীয় হ'লেও তাৰ বৰ প্ৰিয় নাছিল কেতিয়াও। সময়ে অসময়ে বিৰক্ত কৰে অথচ ফাঁকি দিয়াৰো সুযোগ নাথাকে। এতিয়াৰ ল'ৰা-ছোৱালীয়ে ফোন বুলিলে ম'বাইলটোকে বুজে। কেতিয়াবা ভাবিলে সি বৰ আমোদ অনুভৱ কৰে। স্কুল পাছ কৰালৈকে সিহঁতে ফোন মানে লেণ্ডলাইনটোক দেখি আহিছে। তেতিয়াও অৱশ্যে কর্ডলেছ ফোনটোৰ এক সুকীয়া সম্ভ্রম। আছিল। তেতিয়া আৰু এটা ভাল কথা আছিল। দৰকাৰী ফোন নম্বৰবোৰ মুখস্থ হৈ গৈছিল। ফোনটোৰ ডায়েলখনলৈ হাতখন আগবাঢ়ি গ'লেই যেন প্রয়োজনীয় নম্বৰবোৰ আঙুলিটোৰে নিজে নিজে টিপি গৈ থাকে। সিহঁত কলেজ পোৱাৰ পাছতহে লাহে লাহে ম'বাইল ফোনৰ আগমন ঘটিল। মানুহৰ হাতৰ মুঠিত থকা এই ফোনটোৰে যে কেনেকৈ চকুৰ সম্মুখতে পৃথিৱীখন। তাৰ হাতৰ মুঠিলৈ লৈ গ'ল ভাবিলেই অবাক হৈ পৰে। কিন্তু ক'ৰ'না মহামাৰীৰ অফুৰন্ত বিৰক্তিৰ সময়ছোৱাতে এই ফোনটোৰ প্রতি লাহে লাহে তাৰ গভীৰ টান গঢ় লৈ উঠিল। ছ'চিয়েল মিডিয়াৰ জনপ্রিয় প্লেটফর্মকেইটাই মানুহক অভাৱনীয় সকাহ দিছিল দুর্যোগৰ সেই সময়খিনি পাৰ কৰি নিবলৈ। ফে'চবুক, টুইটাৰ, হোৱাটছএপত সি আগৰে পৰাই আছিল যদিও মুঠেই সক্রিয় নাছিল। এনেয়েও সি ফে'চবুকটো অলপ বেছিয়েই সস্তীয়া বুলি গণ্য কৰে। স্থান-কাল-পাত্ৰৰ কথাই নাই! যিকোনো মানুহেই যিকোনো ধৰণৰ কথা লিখি দিব পাৰে। যিকোনো ফটো আপলোড কৰিব পাৰে। তেনেই ব্যক্তিগত কথা-বতৰাবোৰো যেনে বেপৰোৱাভাৱে ৰাজহুৱা কৰি দিয়ে, সি বৰ অস্বস্তি অনুভৱ কৰে। জীৱনটো ইমান সস্তীয়া বুলি সি কেতিয়াও ভবা নাই। নিজৰ জীৱনৰ প্রতিটো কথাকে আনক জনোৱাৰ তাগিদাৰ কোনো কাৰণো সি বিচাৰি নাপায়। গতিকে ফে'চবুকৰ পৰা আঁতৰি থাকিয়েই শান্তি পায়।

GPC Chronicle · October 202672
CONTINUED · PART 3 OF 19

অলৌকিক

কংকণৰ প্ৰিয় হৈছে টুইটাৰ। তাৰ। ধাৰণা- এইটোহে শিক্ষিত, আধুনিক আৰু চিন্তা-চৰ্চা কৰিব পৰা মানুহৰ প্লেটফর্ম। পৃথিৱীৰ সকলো ক্ষেত্রৰে গুণী-জ্ঞানী ব্যক্তিসকল ইয়াত সক্রিয়। 'যিসকলৰ এটা কথা শুনিবলৈ আগতে টিভি বা পেপাৰ চাবলগীয়া হৈছিল, সেইসকলক ইয়াত অনায়াসে পায়। প্রয়োজনত প্রশ্ন কৰি সঁহাৰিও পোৱা যায়। আজিৰ এই আধুনিক বিশ্বত জানিবলগীয়া সকলো বিষয়ৰ ইয়াত উমান পাব পাবি। সাম্প্রতিক সময়ৰ যিকোনো গুৰুত্বপূর্ণ বিষয়ৰ ইয়াতকৈ ভাল ট্ৰেণ্ডিং আনত নাই। মুঠতে নিজকে আপডেট কৰি ৰখাৰ বাবে তাৰ মতে আটাইতকৈ উপযুক্ত মঞ্চ। তদুপৰি ইয়াত বিভিন্নজনৰ মতামতবিলাক যথেষ্ট বুদ্ধিদীপ্ত আৰু চিন্তাৰ খোৰাক যোগাব পৰা।

তথাপি ক'ৰ'নাৰ আগলৈ ইয়াতো কংকণৰ সক্রিয়তা আছিল তেনেই সীমিত। এতিয়া অৱশ্যে সি দুটা-এটা টুইট কৰে। ৰিটুইটহে বেছি কৰে। কাচিৎহে নিজৰ ফটো এখন টুইট কৰে। কিন্তু সি ফল' কৰি থাকে। ক'ৰ'নাৰ সময়খিনিয়েই তাৰ আগ্ৰহটো যথেষ্ট বৃদ্ধি কৰি দিলে। ক'ব নোৱৰাকৈয়ে এতিয়া এইটো তাৰ প্রিয়। ইয়াৰ আঁৰৰ প্রকৃত কাৰণটো অৱশ্যে সি কাকো উমান পাবলৈ দিয়া নাই।

GPC Chronicle · October 202673
CONTINUED · PART 4 OF 19

অলৌকিক

টুইটাৰত কংকণৰ কেইটামান খুব প্রিয় হেণ্ডল আছে। সেইকেইটা তাৰ কেৱল মনৰ খোৰাক নহয়, এক ধৰণৰ নিচাতে পৰিণত হৈছে। তাৰেই দুটাৰ স'তে ইতিমধ্যে তাৰ অন্তৰংগতা গঢ় লৈ উঠিছে। অৱশ্যে এই হেণ্ডল দুটাৰ গৰাকীক সি এতিয়ালৈ এবাৰো কথা পতাৰ বা চা-চিনাকি হোৱাৰ সুযোগ পোৱা নাই। কিন্তু ছ'চিয়েল মিডিয়াৰতো এয়াই বৈশিষ্ট্য। যে এজনে আনজনক ব্যক্তিগতভাৱে নাজানিলেও অন্তৰংগ হ'ব পৰা যায়। তাৰ বাবে কোনো বাধ্যবাধকতা নাই। হ'লেও তেওঁলোকক এবাৰ ব্যক্তিগতভাৱে লগ পাবলৈ তাৰ আগ্রহ কম নাই। বৰঞ্চ বেছ কিছুদিনৰ পৰা তাৰ এই ইচ্ছা বাঢ়ি আহিছে। ক'ত কেতিয়া কেনেকৈ তাৰ এই ইচ্ছা পূৰণৰ সুযোগ পাব তাৰহে উত্তব পোৱা নাই। কথাটো অৱশ্যে সি আজিলৈ কাৰো আগত উলিয়াবলৈ সাহস কৰা নাই, হাঁহিয়াতৰ পাত্র হয় বুলি। গতিকে সি নীৰৱেই অপেক্ষা কৰিছে সেই সুযোগলৈ। কিন্তু সি নিজৰ মনটোকে বুজাব পৰা নাই, তাৰ এনে আগ্রহৰ কাৰণ কি!

সংগীত। টুইটাৰত তেওঁৰ এইটোৰে নাম। ডিব্রুগড়ৰ ফালে এটা বেংকৰ শাখাত মেনেজাৰ পদত কর্মৰত। তেওঁৰ বায়'ত কথাখিনি স্পষ্টকৈ ক'তো লিখা নাই। কিন্তু ইমানদিনে তেওঁক ফল' কৰি সি এইখিনি জানিব পাৰিছে। এটি ১০-১১ বছৰীয়া ল'ৰাৰ মাক। স্বামীৰ বিষয়ে কোনো ইংগিত কেতিয়াও সি পোৱা নাই। গতিকে কংকণ নিশ্চিত নহয় মানুহগৰাকী এতিয়াও বৈবাহিক সম্পর্কত আছে নে নাই। বৈবাহিক সম্বন্ধত থাকিলেও থকিব পাৰে আৰু নাথাকিলেও সেয়া তেনেই স্বাভাৱিক যেনেই তাৰ ধাৰণা হয়। সাহসী, স্মার্ট আৰু স্বাধীনচিতীয়া হ'লেও তেওঁৰ কোনো সস্তীয়া আচৰণ তাৰ চকুত পৰা নাই। পোছাক-পাতি, ষ্টাইল, কথা-বতৰা মানে কমেণ্টবোৰ উজ্জ্বল আৰু সুতীব্র। কংকণৰ মতে এগৰাকী মহিলা সুন্দৰী হ'লেও আকর্ষণীয় নহ'বও পাৰে। সংগীত কিন্তু ধুনীয়াও আৰু আকর্ষণীয়ও।

GPC Chronicle · October 202674
CONTINUED · PART 5 OF 19

অলৌকিক

একেবাবে খাপ খোৱাকৈ লিপষ্টিক, ছানগ্লাছৰ পৰিধানে তেওঁক যে কেনেকৈ তুলি ধৰে, কংকণ অবাক হৈ পৰে। গাঢ় গুলপীয়া ৰঙৰ প্রতি তেওঁৰ বিশেষ দুর্বলতা কংকণেও অনুভৱ কৰে। এই ৰঙে তেওঁক আৰু বেছি উজ্জ্বল কৰি তোলে। সেই কাৰণেই কোনোবা এগৰাকী ফল'ৱাৰে তেওঁক গুলাবী নাম দিছিল।

অৰুণাচলৰ দুর্গম বর্ষাসিক্ত পাহাৰ অথবা নাগালেণ্ডৰ জ'ক' ভেলীত এডভেঞ্চাৰ ভ্রমণ, ফটোগ্রাফী সংগীতৰ সবাতোকৈ প্রিয়। আৰু প্রিয় বাম। তাকো অৱশ্যে লুকুওৱাৰ ভণ্ডামি নাই। খোলাখুলিকৈয়ে সুৰা সেৱনৰ কথা নিজৰ হেণ্ডলত জনাই থাকে। বেংকৰ মেনেজাৰৰ দৰে চাপযুক্ত অথচ নিৰস চাকৰি বজাই ৰাখিও তেওঁ মুক্ত বিহংগিনীৰ দৰে নিজৰ আৱেগ-অনুৰাগ আগবঢ়াই নিছে। সেয়া যিকোনো প্রফেছনেলৰ কাৰণেই ঈর্ষণীয়- কংকণে সেই কথা ভালদৰেই জানে। একেই কামকে সিতো আজিও কৰিবলৈ সাহস বা সময় একোৱেই কৰিব নোৱাৰিলে।

সংগীতৰ ফটো বা ভিডিঅ'বিলাকেই যে কেৱল দক্ষ, প্রফেছনেল ফটোগ্ৰাফাৰৰ দৰে উচ্চমানৰ তেনে নহয়, তেওঁৰ কমেণ্টবিলাকো বগৰ, শ্লেষ আৰু যুক্তিৰ সমাহাৰ। সি আশা কৰাতকৈ ইংৰাজীত্যে যথেষ্ট দখল, তাকো আধুনিক ইংৰাজীত। এপলক চকু ফুৰালেই জানিব পাৰি মহানগৰীকেইখনকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ বহু পুৰুষ-মহিলা তেওঁৰ গুণমুগ্ধ। ফল'ৱাৰ। চেলিব্রিটি নোহোৱা আন কোনো অসমীয়া মহিলাৰ টুইটাৰত এনে জনপ্রিয়তা তাৰ আজিলৈ চকুত পৰা নাই।

ধাৰাবাহিকভাৱে এনেদৰে ফল' কৰি সংগীতৰ প্ৰতি তাৰ আকর্ষণ বাঢ়ি যায় দিনে দিনে। তেওঁৰ আপডেটবিলাকলৈ সি আগ্রহেৰে অপেক্ষা কৰি থাকে। প্রায় প্রতিটোতে যি লাইক এটা কৰি দিয়ে, কেতিয়াবা। দুই-এটা কমেন্টো। ইয়াৰ জৰিয়তে সি আচলতে নিজৰ সঁহাৰিহে জনাই থাকে। সংগীতৰ স'তে আচলতে ইতিমধ্যে তাৰ এক ধৰণৰ আত্মীয়তাই গঢ় লৈ উঠিছে। অৱশ্যে সি স্পষ্টভাৱে ধৰিব নোৱাৰে- কি এই আকর্ষণ বা আত্মীয়তাৰ অনুভৱ।

GPC Chronicle · October 202675
CONTINUED · PART 6 OF 19

অলৌকিক

সোহিনী। কলকাতাৰ বাঙালী যুৱতী। স্ক্রিপ্টৰাইটাৰ। চুটি ছবি আৰু এড ফিল্মৰ। কবিও। শৰীৰত এক পৰম্পৰাগত কিন্তু সম্ভ্রান্তৰ ছাপ। কোনো অভিজাত পৰিয়ালৰ দুহিতা যেন তাৰ ধাৰণা হয়। নিজৰ বিষয়ে বৰ বেছি কথা প্রকাশ কৰি নাথাকে। নিজৰ প্ৰফেছনেল কামৰ স'তে জড়িত প্রসংগবোৰেই বেছিকৈ শ্বেয়াৰ কৰে। দেখিলে ধাৰণা কৰিব পাৰি, কাম হয়তো যথেষ্ট ভাল। সেই কাৰণে বহু বিশিষ্ট লোকেও তেওঁক প্রশংসা কৰে। উৎসাহো দিয়ে। তেৱো তাক বিনয়েৰে গ্রহণ কৰে। ইংৰাজীতে উপন্যাস এখন লিখি থকাৰ কথা এবাৰ উনুকিয়াইছিল, ভাৰতীয় মহিলা ক্রীড়াবিদৰ জীৱনক লৈ। এতিয়ালৈ হেনো এই বিষয়ত কোনেও লিখা নাই। এটি আগশাৰীৰ প্রকাশন প্রতিষ্ঠান উপন্যাসখন প্রকাশৰ বাবে চুক্তিবদ্ধ হৈছে। তেওঁ যি সাহস আৰু স্পষ্টতাৰে বিভিন্ন বিষয়ত মতামত দাঙি ধৰে, কংকণৰ বৰ পছন্দ হয়।

ষ্টাইল বা পোছাক-পাতিত আন দহগৰাকী যুৱতী-মহিলাৰ দৰে তেওঁৰ বিশেষ জোৰ নাই; কিন্তু মৰমলগা হাঁহিটো আৰু মায়াসনা চকুযুৰিয়ে কংকণক বিহ্বল কৰি তোলে। স্বাভাৱিকতেই সি কোনো সংযোগ বিচাৰি নাপায়, কিন্তু মনৰ অৱস্থাটোক অস্বীকাৰ কৰি নিজকে ফাঁকি দিবও নোখোজে। বিয়াৰ বছৰদিয়েক নৌহওঁতেই বুজাবুজিৰ মাজেৰে প্ৰিয়ংকাৰ স'তে বিচ্ছেদৰ পাছত সি মহিলাৰ অধ্যায়টোৰ পৰা আঁতৰিয়েই আছিল। এই কৰ'না মহামাৰীটোৱে তাক আকৌ মায়াজাললৈ ঠেলি দিলে। সি অৱশ্যে এতিয়াও সোমাই পৰা নাই, বাহিৰৰ পৰাই নীৰৱে নিৰীক্ষণ কৰিছে আছে। কথাটো ভাবি সি কেতিয়াও আমোদো; পায়, আকৌ কেতিয়াবা দোমোজাত পৰে।

GPC Chronicle · October 202676
CONTINUED · PART 7 OF 19

অলৌকিক

কিন্তু মনত যিয়েই চলি নাথাকক, সংগীত আৰু সোহিনী ইতিমধ্যে ক'ব নোৱাৰাকৈয়ে কংকণৰ জীৱনৰ এক প্রাত্যহিকতাত পৰিণত হৈছে। কেতিয়াও এবাৰো কথা পাতি অথবা লগ নোপোৱাকৈয়ে কাৰোবাৰ স'তে ইমান অন্তৰংগতা অনুভৱ কৰিব পাৰিনে, সি কেতিয়াবা ভাবি অবাক হৈ পৰে। কোনো বিকৃত অথবা অবাঞ্ছিত আচৰণ প্রদর্শন নকৰাকৈয়ে। মানুহ কিমান খোলা হ'ব পাৰে, সংগীত আৰু সোহিনীৰ পৰাই সি বেলেগ বেলেগকৈ শিকিছে। সি জানে, কোনো পৰিস্থিতিতে কোনো কাৰণতে সি ইমান মুকলি হ'ব নোৱাৰে।

তেওঁলোকে কি ভাল পায়, কি বেয়া পায়, জীৱনক কেনেদৰে চায়-সেইবোৰ মোটামুটিকৈ সি ধাৰণা কৰিব পৰা হৈছে। ভিৰৰ মাজতো তেওঁলোকক চিনি পেলাবলৈ তাৰ মুহূর্ত মাত্র সময়ৰ প্ৰয়োজন নহ'ব। তেওঁলোক দুয়োৰে স'তে তাৰ যোগাযোগ অৱধাৰিতভাৱে বাঢ়ি গৈছে। প্রতিবাৰেই আগ্রহী সঁহাৰিও পাইছে। অৱশ্যে তেওঁলোকৰ 'ফল'ৱাৰৰ সংখ্যা তাতকৈ কে'বাগুণ বেছি। তাৰ আশা, তেওঁলোকেও তাক বোধহয় গ্রহণ কৰি লৈছে। গতিকে প্রযুক্তি তৈয়াৰী এই অপার্থিৱ পৃথিৱীতে সি জীবনৰ নির্যাস অনুভৱ কৰিবলৈ ল'লে। সি আগবাঢ়ি গৈ থাকিল।

GPC Chronicle · October 202677
CONTINUED · PART 8 OF 19

অলৌকিক

বৃত্তিগত ব্যস্ততাৰ মাজতো সি জোৰকৈয়ে তিনিদিনৰ বাবে জৰুৰী ছুটী ল'লে। এজন সফল প্রফেছনেল হিচাপে সি জানে যে মানুহে নিজেই সুযোগ সৃষ্টি কৰি ল'ব লাগে। সাধাৰণ মানুহেহে সুযোগৰ অপেক্ষা কৰি সময়। নষ্ট কৰে।
সোহিনীৰ টুইটৰ পৰাই সি জানিব পাৰিছে এইকেইদিনতে তেওঁলোকৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আয়োজক নহ'লেও তেৱোঁ সক্রিয়ভাৱেই জড়িত।। বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূর্ণ কিছুসংখ্যক লোকৰ সমাগম হ'ব। এই অনুষ্ঠানৰ সুযোগতে সোহিনীক লগ ধৰিবলৈ সি ঠিক কৰিলে। অৱশ্যে সি আগতীয়াকৈ জনাবলৈ স্বাচ্ছন্দ্য অনুভৱ নকৰিলে; যাতে সাক্ষাৎটো আকস্মিক যেনেই লাগে!
সি সোহিনীক লগ পাবলৈকে এনেদৰে কলকাতালৈ যাবলৈ ওলাইছে; অথচ একে সময়তে নিজকে প্রবোধ দিব বিচাৰিছে যে তাৰ হৃদয়ত কোনো এগৰাকী নাৰীৰ বাবে বিশেষ স্থান নাই। কাকতালীয়ভাৱে কাৰোবাক লগ পাই যাবই পাৰে! বোধহয় সি আন্ধাৰতে তীৰ মাৰি চাব বিচাৰিছে। সোহিনীক লগ পাবলৈকে ওলোৱা বুলি স্বীকাৰ কৰি ল'বলৈ তাৰনো কিয় ইমান দ্বিধা সেয়াও তাৰ স্পষ্ট নহয়। কিহৰ আশাত সি এনেদৰে আগবাঢ়িছে তাৰো উত্তৰ সি পোৱা নাই। প্রিয়ংকাৰ স'তে বিচ্ছেদৰ ৰেশ এতিয়াও আঁতৰা নাই নে আশা ভংগৰ ভয়-- সি থিৰাং কৰিব নোৱাৰে। এনে নানা দোমোজাৰ মাজতো সি কলকাতালৈ যাবলৈ ওলাল। হয়তো এবাৰ ৰিস্ক লৈ চাব বিচাৰিছে।

GPC Chronicle · October 202678
CONTINUED · PART 9 OF 19

অলৌকিক

কলকাতা এনেয়েও তাৰ প্রিয়। সি মেট্রিক পাছ কৰাৰ পাছত দেউতাকে সিহঁতক দুর্গা পূজাত প্রথমবাৰলৈ প্লেনত কলকাতালৈ ফুৰাবলৈ নিছিল। মাক-দেউতাক আৰু একমাত্র ভনীয়েকৰ স'তে সেইবাৰ তাতেই পূজা চাইছিল। তাৰ স্পষ্টকৈ মনত আছে, তাতেই প্রথমবাৰলৈ সিহঁতে বিৰিয়ানি খাইছিল এখন আজিও বিখ্যাত ৰেস্তোৰাঁত। পূজাৰকেইদিন কলকাতাৰ চৌদিশ জকমকাই থাকে। কিন্তু সন্ধিয়াৰ পাছতহে ভিৰ দেখি সিহঁতে বিচূর্তি খাইছিল। ছঘণ্টাৰ বাবে বুক কৰি লোৱা টেক্সিৱালাক কে আঁতৰৰ পৰাই পূজা চাই সিহঁত আছাম হাউছ পাইছিল। পাভদাৰ চৰ্চৰিৰে ভাত খাই চাৰিও নিশা বহুত দেৰিলৈ কথা পাতি শুই পৰিছিল। প্রতিবাৰেই কলকাতালৈ ওলালে সেই। চাৰিদিনীয়া ভ্রমণটোৱে তাৰ মনত দোলা দিয়ে। তাৰ পাছত সি অগণনবাৰ চহৰখন ভ্রমণ কৰিছে; কিন্তু সেইবোৰত মনত পেলাবলগীয়া। একো বিচাৰি নাপায়।

ফ্লাইটৰ ভিতৰলৈ সোমাই গৈ থাকোতে অভ্যাসবশত: পাছফালে চকু ফুৰাওঁতে তাৰ চকুযুৰি উজলি উঠিল। সেয়াচোন সংগীত! মনত এক বিৰাট উচ্ছ্বাস অনুভৱ কৰিলে। অৱশ্যে সি ধৰিব নোৱাৰিলে তেৱো তাক লক্ষ্য কৰিলে নে নাই। তাৰ আসন সপ্তম শাৰীত। ইতিমধ্যে পাছফালে আন যাত্রী ৰৈ থকা বাবে সি নিজৰ আসনত বহি পৰিবলৈ বাধ্য হ'ল। কিন্তু মনটো উণ্ডল-থুণ্ডল লাগি থাকিল। তেতিয়াহে সি মন কৰিলে যে ফ্লাইটখন ডিব্রুগড়-গুৱাহাটী-কলকাতা। তাৰ যিহেতু নির্দিষ্ট কোনো জৰুৰী কাম নাই, সেয়েহে সি তাৰ বিশ্বস্ত এজেন্টজনক সুবিধা অনুযায়ী টিকট বুক কৰিবলৈ কৈছিল। কংকণে মনে মনে এজেন্টজনকে ধন্যবাদ জনালে। আশা নকৰাকৈয়ে এনেদৰে দুগৰাকী প্রিয় ব্যক্তিক সাক্ষাতৰ সুযোগ ওলাই পৰাত ভিতৰি ৰোমাঞ্চিত হৈ পৰিল।

GPC Chronicle · October 202679
CONTINUED · PART 10 OF 19

অলৌকিক

এই প্রায় এঘণ্টা সময় সি অস্থিৰভাৱেই পাৰ কৰিলে। সুন্দৰী এয়াৰ হোষ্টেজ দুগৰাকীয়েও তাৰ দৃষ্টি আকর্ষণ কৰিব নোৱাৰিলে। ফ্লাইট কলকাতাত নমাৰ পাছত সমুখৰ ফালে। আসন হোৱা হেতুকে সি আগতীয়াকৈ নামিবলৈ বাধ্য হ'ল। এইবাৰ সি পাছফালে ঘূৰি সংগীতক চোৱাৰ কোনো সুযোগ নাপালে। এয়াৰপ'ৰ্টৰ লাউঞ্জতে অপেক্ষা কৰাৰ কথা ভাবি লাগেজটো লৈ সি নামি গ'ল। 'বিদেশলৈ গ'লে বেলেগ কথা, দেশৰ আন চহৰলৈ যাবলগীয়া হ'লে সি পৰাপক্ষত এটা লাগেজেই লৈ যায়। তেতিয়া আৰু লাগেজৰ কাৰণে বৈ আমনি পোৱাৰ কথা নাই। কিন্তু আজি সি সংগীতক দেখা পোৱাৰ আশাৰে ৰৈ অলপ আঁতৰৰ পৰাই লাগেজ বেল্টৰ ওপৰত চকু ৰাখিলে।

হয়, সংগীতেই। সি আকৌ এবাৰ নিশ্চিত হৈ ল'লে। এইবাৰ সিও যাতে তেওঁৰ চকুত পৰে, সাৱধানে তেনেকৈ থিয় দি ৰ'ল। মনত উচাহ অনুভৱ কৰিলেও মুখত সেয়া প্রকট হ'বলৈ নিদিলে। তেনেতে সি সংগীতৰ মুখামুখি হ'ল। তাৰ দৰে আকর্ষণীয় মানুহজনক তেনেকৈ উপেক্ষা কৰাও সহজ নহয়। সি ঈষৎ হঁহাৰ নিচিনা কৰিলে, সংগীতেও মৃদুভাৱে সঁহাৰি দিলে; কিন্তু ভার্চুৱেল। জগতত তাৰ স'তে থকা অন্তৰংগতাৰ উমান নাপালে। আনকি তাক সেইজন কংকণেই বুলি চিনি পাইছে নে তাকো সি নিশ্চিত হ'ব নোৱাৰিলে। এক অবুজ ভাবেৰেই সি বাহিৰ ওলাই টেক্সিত বহিল।
আগতে বুক কৰি থোৱা হোটেলৰ কমত সোমায়ে সি কাপোৰ-কানি সলাই গাটো তিয়াই ল'লে। ইতিমধ্যে অৰ্ডাৰ দি থোৱা চাহ আৰু অমলেটটো খাই ল'লে। অফিচৰ কাম শেষ কৰি লাগেজটো গোটাই মেলি বিছনাত উঠোতে তিনিটাই বাজিছিল। ফ্লাইট ধৰিবলৈ পুৱাতেই উঠিবলগীয়া হোৱাত দুঘণ্টামানো শোৱা নহ'ল। গতিকে মাকক ফোন এটা কৰি দেহাটো 'বিছনাত এৰি দিলে।

GPC Chronicle · October 202680
CONTINUED · PART 11 OF 19

অলৌকিক

চাৰি বাজি যোৱাৰ পাছত টোপনি ভাগিল যদিও সি কিছু সময় বিছনাতে পৰি থাকিল, কোনো চিন্তা-ভাৱনা 'নকৰাকৈ। লাঞ্চৰ সময় পাৰ হ'ল যেতিয়া সি তাৰ প্রিয় খাদ্য দুবিধ আৰু কফি একাপ অৰ্ডাৰ কৰিলে। চকুত পানী মাৰি আহি গাটো অলপ টঙাই সি বৰ সতেজ অনুভৱ কৰিলে। ইতিমধ্যে আহি পোৱা খাদ্য আৰাম কৰি খাই ল'লে। ঘৰত সি খোৱা-লোৱা সাধাৰণতে মাকৰ স'তে একেলগেই কৰে। এবাৰ অৱশ্যে ভাবিছিল কমদিনৰ কাৰণে যেতিয়া মাককো সি লগত লৈয়ে আহিব; কিন্তু এইবাৰ তাৰ মিছন একান্তই ব্যক্তিগত, সেই কাৰণে সেই চিন্তা বাদ দিলে।
সোহিনীহঁতৰ অনুষ্ঠানটো কাইলৈহে। গতিকে হোটেলৰ ৰুমত সোমাই থকাতকৈ এপাক ফুৰি আহিবলৈ কংকণ সাজু হ'ল। তাৰ প্রিয় নীলা ছার্টটো পিন্ধি পাৰফিউমটো ভালকৈ মাৰি ল'লে। মনটো ফুৰফুৰীয়া লাগিল। শৰৎ আহো আহো হৈছে যদিও উত্তাপ কিছু আছেই। মনৰ ভিতৰতে গীত এটি গুণগুণাই সি ওলাই গ'ল। বেৰত আৰি থোৱা প্রকাণ্ড ছবিখনলৈ চাই লবীলৈ আগবাঢ়ি গৈ থাকোতে সি উজ্জ্বল চেহেৰা এটি অনুভৱ কৰিলে। সেই দিশলৈ চকু ঘূৰাওঁতেই দেখিলে সম্মুখত সংগীত। বোধকৰো টেক্সিলৈ ৰৈ আছে।

GPC Chronicle · October 202681
CONTINUED · PART 12 OF 19

অলৌকিক

এইবাৰ সি এখন্তেক সময়ো নষ্ট নকৰি তেওঁৰ ফালে আগবাঢ়ি গ'ল। ইতিমধ্যে তাৰ সমগ্র মুখমণ্ডলতবিয়পি পৰা হাঁহিটোৰে সামান্য মূৰ দুপিওৱাৰ দৰে কৰি সংগীতক প্রশ্ন কৰিলে, 'আপুনি সংগীত নহয়নে!'হঠাৎ এনেদৰে দেখনিয়াৰ মানুহজনে এমোকোৰা হাঁহিৰে অসমীয়াতে তেওঁৰ নাম উচ্চাৰণ কৰাত সংগীত সামান্য অপ্রস্তুত হোৱাৰ দৰে হ'ল। কিন্তু স্বভাৱজাত সপ্রতিভতাৰেই উত্তৰ দিলে, 'হয়। আপুনি?'এইবাৰ কংকণ অপ্রস্তুত হোৱাৰ পাল। সংগীতৰ এয়া কৌতুকপূর্ণ চাতুৰী নেকি বাৰু! সি অলপ আশাহতও হ'ল। তথাপি উষ্ণতাৰেই উত্তৰ দিলে, 'মই কংকণ। কংকণ বৰদলৈ। গুৱাহাটীৰ। ছ'চিয়েল মিডিয়াত যে আপোনাক খুব ফল' কৰো।'আগতকৈ সহজ হোৱা যেন লাগিলেও সংগীতৰ পৰা আশা কৰা ধৰণৰ বিশেষ সঁহাৰি সি অনুভৱ নকৰিলে।'হয়, হয়,

GPC Chronicle · October 202682
CONTINUED · PART 13 OF 19

অলৌকিক

এতিয়া মনত পৰিছে।' সংগীতে চমুকৈ কৈ থ'লে।সামান্য কথাৰ বিনিময় কৰি সি জানিব পাৰিলে বেংকৰ বিশেষ ট্রেইনিঙৰ কাৰণে তেওঁ কলকাতালৈ আহি এইখন হোটেলতে সোমাইছে। কাইলৈ আৰু পৰহিলৈ ট্রেইনিং। তাৰ পাছদিনা পুৱাতে উভতিব। অফিচিয়েল ট্যুৰ যেতিয়া অকলেই আহিছে। অন্যথা কাৰ স'তে আহিলহেঁতেন সেই কথা অৱশ্যে তেওঁ উহ্য ৰাখিলে। প্রশ্নটোৱে কংকণৰ মনতো ভুমুকি মাৰিলে।সিও কলকাতাত দুদিনৰ কাম আছে বুলি জনালে। আজিৰ সন্ধিয়াটো ফ্রী আছে বাবে এপাক ফুৰিবলৈ ওলাইছে বুলিও ক'লে। সংগীত ওলাইছে ভিক্ট'ৰিয়া মেম'ৰিয়েলত অলপ সময় কটাই পুৰণি সহকর্মী এগৰাকীৰ ঘৰত নৈশ আহাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। সুযোগ পাই সি কৈ উঠিল, 'ময়ো ভিক্ট'ৰিয়া মেম'ৰিয়েললৈকে ওলাইছো। বেয়া নাপালে মোৰ লগতে যাব পাৰিব।'এক মুহূর্ত ভাবি সংগীতে ক'লে, 'আপুনি অসুবিধা নাপায় যদি ব'লক।' দুয়ো নিঃশব্দে টেক্সিত উঠিলগৈ। কলকাতাৰ ৰাস্তাৰ অসম্ভৱ ভিৰৰ মাজেদি টেক্সি আগবাঢ়িল। কথা আগবঢ়াবলৈ কংকণৰ মনটোৱে উচপিচ লগাইছে।

GPC Chronicle · October 202683
CONTINUED · PART 14 OF 19

অলৌকিক

কিন্তু সংগীতে যেন নিজৰ মাজতে এটা ছায়া পৰিমণ্ডল কঢ়িয়াই লৈ ফুৰিছে; যেন অদেখা এটি ভিৰৰ মাজতে তেওঁ মচগুল। কোনো কথা নুলিওৱাকৈয়ে তেওঁৰ উচ্ছলতা প্রতি মুহূর্ততে কংকণে অনুভৱ কৰি গৈছে। কিন্তু হাতৰ মুঠিৰ যন্ত্রচালিত সেই জগতখনৰ অন্তৰংগতাৰ ৰেশমাত্র নাই। বিদেশী পাৰফিউমৰ সুগন্ধিখিনিয়েহে সমগ্র পথছোৱাত যেন তাৰ উপস্থিতি বজাই ৰাখিলে। যানজঁটৰ মাজত উৱাদিহ হেৰুওৱা টেক্সিখনৰ দৰেই নিজকে --অনুভৱ হ'ল তাৰ।ভিক্ট'ৰিয়া মেম'ৰিয়েলত টেক্সিৰ পৰা নামিয়েই সংগীতে নিজৰ এছএলআৰ কেমেৰা উলিয়াই ব্যস্ত হৈ পৰিল। আঁতৰৰ পৰাই লক্ষ্য কৰি সি বুজিলে ইমান দিনে দেখি অহাৰ দৰে তেওঁ ফটোগ্রাফীত সঁচাকৈয়ে অভিজ্ঞ। এখোজ দুখোজকৈ আঁতৰি গৈ এপাকত সি ধুনীয়া ফুলৰ বুকে এটা

GPC Chronicle · October 202684
CONTINUED · PART 15 OF 19

অলৌকিক

কিনি আনিলে। কেমেৰাৰ ভিউ ফাইণ্ডাৰত চকু দি থকা সংগীতৰ কাষলৈ গৈ সি বুকেটো আগবঢ়াই দিলে।'অহ! থেংক ইউ ছ'' মাচ্চ। ইমান ধুনীয়া!' তেওঁ আলফুলকৈ বুকেটো আদৰি ল'লে। কংকণে লক্ষ্য কৰিলে তেওঁৰ চকুযুৰি তিৰবিৰাই উঠিছে। মায়াৱী হাঁহিটোৰে সংগীতৰ মুখখনি আৰু উজ্জ্বল হৈ পৰিছে।কংকণৰ মনটো এক অবুজ আনন্দত ভৰি পৰিল।ইতিমধ্যে সাজ লাগি আহিল। এটা এটাকৈ লাইটবোৰ জুলি উঠিল। পোহৰ কমি অহাৰ লগে লগে সংগীতেও কেমেৰা সামৰিবলৈ ব্যস্ত হ'ল। ক্ষন্তেক পাছতে বেগটো সামৰি তাক আচৰিত কৰি তেওঁ ক'লে, 'আপুনি ৰওক, মই আগবাঢ়ো। নিউ মার্কেটত এটা-দুটা বস্তু কিনি বান্ধৱীৰ 'ঘৰলৈ যামগৈ।'লগে লগে ৰৈ থকা টেক্সি এখনলৈ আগবাঢ়িল। তাক কোনো সুযোগ নিদি পুনৰ ক'লে, 'ৰাতি বান্ধৱীয়ে হোটেলত ড্রপ কৰি যাব।'সি কি ক'ব বা কৰিব একো ভাবি নাপালে। কেৱল তেওঁ যোৱাৰ ফালে চাই ব'ল। এইবাৰ আঁতৰৰ পৰাই ফুলৰ বুকেটো দেখুৱাই সংগীতে অলপ চিঞৰিয়েই ক'লে, "থেংকছ এগেইন।' তাৰ পাছতে টেক্সিত উঠি দিলে।কংকণে নীৰৱে শৈল বেঞ্চ এখনত বহি দিলে। তাৰ প্রতি সংগীতৰ এনে নিৰুত্তাপ

GPC Chronicle · October 202685
CONTINUED · PART 16 OF 19

অলৌকিক

আচৰণত সি আচৰিত হ'ল। ভিতৰখন তাৰ মৰহি যোৱাৰ দৰে হ'ল। মৃদু পোহৰত তেনেকৈয়ে কিছু সময় নীৰৱে বহি ৰ'ল। সি সঠিককৈ ধৰিব নোৱাৰিলে, যন্ত্রৰ পৃথিৱীখন ইমানেই অবাস্তৱ নেকি!আন ক'লৈকো যোৱাৰ কথা বাদ দি সি টেক্সিত বহি ড্রাইভাৰক ক'লে, "হোটেল চলো।'কমত সোমায়ে সি ততাতৈয়াকৈ শ্বাৱাৰ খুলি বহু দেৰিলৈ গাটো ধুলে। বাথৰুমৰ পৰা ওলাই মাকক আকৌ এটা ফোন কৰি ল'লে আৰু লগে লগে হোটেলৰ ফাৰ্ষ্ট ফ্ল'ৰত থকা বাৰলৈ আগবাঢ়িল।১২ বাজি যোৱাৰ পাছতহে থৰক-বৰক খোজেৰে সি ৰুমলৈ উভতিল। টোপনিয়ে হেঁচা মাৰি ধৰাৰ আগমুহূর্তলৈ সি ভাবি থাকিল, কাইলৈ 'যাতে সি আকৌ এবাৰ আশাহত হ'বলগীয়া নহয়।

GPC Chronicle · October 202686
CONTINUED · PART 17 OF 19

অলৌকিক

আনদিনাতকৈ পুৱা সি যথেষ্ট পলমকৈ উঠিল। চাহ একাপ হাতত লৈ দিনটোৰ কাৰ্যসূচীটো মনতে ঠিক কৰি ল'লে। অফিচ বা অফিচিয়েল কোনো কাম নাই যেতিয়া আৰামকৈ গা-পা ধুই ল'লে। হোটেলৰ ফ্রী ব্রেকফাষ্ট খাবলৈ তাৰ মুঠেই মন নগ'ল। কমতে অৰ্ডাৰ দি দুপৰীয়া খাই একেবাৰে ওলাই যাবলৈ ঠিক কৰিলে। তেনেতে মাকৰ ফোন অহাত কিছু সময় কথা পাতিলে।...সোহিনীহঁতৰ অনুষ্ঠান চাৰি বজাত। গতিকে সি তিনি বাজি যোৱাৰ পাছত টেক্সি এখন লৈ ওলাই, গ'ল। ১৫ মিনিটমান থকা অবস্থাতেই। সি গন্তব্য স্থানত উপস্থিত হ'ল। আঁতৰৰ পৰাই ৰেহ-ৰূপ চোৱা যাওক বুলি সি আগবাঢ়ি নগৈ ফুটপাথৰ ইটো পাৰে ৰৈ দিলে। সমুখত ধুনীয়া লন থকা এটি হল। বৰ বেছি ডাঙৰ নহয়। বোধকৰো অনুষ্ঠান লনতো পতাৰ ব্যৱস্থা আছে, ভিতৰতো আছে। এইবাৰ এখোজ-দুখোজকৈ সি 'আগবাঢ়ি গ'ল। ইতিমধ্যে কিছু মানুহ গোট খাইছে। এবাৰ সি সোহিনীকো দেখিলে, দুজনমানৰ লগত কথা পাতি আছে। মুখত সেই মোহনীয়া হাঁহিটো জিলিকি আছে। অৱশ্যে পৰিৱেশটো তাৰ সামান্য আচহুৱা যেন লাগিল। তেনেতে হাতত দুখিলামান কাগজ লৈ সোহিনী গেটৰ ফালে আগবাঢ়ি আহিল। আনন্দত তাৰ মনটো ভৰি পৰিল। আগ্রহেৰে ওচৰ

GPC Chronicle · October 202687
CONTINUED · PART 18 OF 19

অলৌকিক

চাপি সি ইংৰাজীতে ক'লে, 'হাই' সোহিনী! কি খবৰ!'সোহিনীয়ে মুখৰ হাঁহিটোৰ স'তেই উত্তৰ দিলে। অৱশ্যে তেওঁ তাক চিনি পোৱা অথবা মনত পৰা যেন অনুভৱ নহ'ল। আন অভ্যাগতকো তেওঁ তেনেদৰেই আদৰিছে।কংকণে সময় ব্যয় নকৰি পৰিচয় দিলে, 'মই কংকণ। কংকণ বৰদলৈ। গুৱাহাটীৰ। কি আশ্চর্যকৰভাৱে হঠাতে আপোনাক লগ পাই গ'লো!''খুব ভাল। লগ পাই মোৰো ভাল লাগিল। মোক কেনেকৈ জানিলে? আগতে লগ পাইছো জানো?' সোহিনীয়ে ক'লে।'নাই নাই, লগ পোৱা নাই কেতিয়াও। আপোনাক নিয়মীয়াকৈ ছ'চিয়েল মিডিয়াত ফল' কৰি আহিছো। আজি সৌভাগ্যক্রমে লগ পালো।' কংকণে পার্যমানে স্বাভাৱিক হোৱাৰ চেষ্টা কৰি উত্তৰ দিলে।'অ', হয় হয়, মনত

GPC Chronicle · October 202688
CONTINUED · PART 19 OF 19

অলৌকিক

পৰিল।' সোহিনীৰ হাঁহিটো যেন আগতকৈও ডাঙৰ হৈ বিয়পি পৰিল। কিন্তু তেওঁৰ আচৰণত কোনো উষ্ণতা সি অনুভৱ নকৰিলে। অলপ নিৰাশ হ'ল যদিও সি কোনো সিদ্ধান্তত উপনীত নহৈ অলপ অপেক্ষা কৰা যাওক বুলি ভাবিলে।সি কিবা ভাবি থকা যেন দেখি সোহিনীয়ে ক'লে, 'আমাৰ অনুষ্ঠানত। উপস্থিত থাকিব? ডেৰ ঘণ্টাৰ প্ৰ'গ্ৰামযদি সময় আছে আমাৰ কথাও অলপ জানি যাওক।'তেওঁলোকৰ কি কথা জানিব লাগে সেয়া ধাৰণা কৰিব নোৱাৰি সি সম্মতিসূচক মূৰ দুপিয়ালে। সোহিনীয়ে তাক হলৰ ফালে আগবঢ়াই নিলে। তেতিয়াহে তাৰ চকুত পৰিল ষ্টেণ্ডি এডালত আৰি থোৱা সৰু পোষ্টাৰখন। 'নিজৰ অধিকাৰক লৈ সচেতন সমকামীৰ অন্তৰংগ আলাপ।'সি উচপ খাই উঠিল। হঠাতে যেন কোনোবাই অপ্ৰৰোচিতভাৱে তাক আঘাত কৰিলে। চাৰিওফালে লক্ষ্য কৰি সি অনুভৱ কৰিলে, সেয়া তাৰ ঠাই নহয়। আৰু এক মুহূর্তও তাত উপস্থিত থাকিবলৈ তাৰ মন নগ'ল।যথেষ্ট কষ্টৰে নিজকে চন্তালি সি ক'লে, 'সোহিনী, এই পৃথিৱীত সকলোৰে পছন্দ, অধিকাৰক সম্মান জনাই আহিছো। আপোনাক, আপোনালোক আটাইলৈ আন্তৰিক অভিনন্দন জনাইছো; কিন্তু এই

অনুষ্ঠান মোৰ বাবে নহয়। বৰ আচহুৱা অনুভৱ কৰিছো। সেই কাৰণে বিদায় ল'ব বিচাৰিছো।'কংকণৰ আচৰণৰ আকস্মিক পৰিৱৰ্তনত সামান্যও আচৰিত নহৈ সোহিনীয়ে উত্তৰ দিলে, 'ধন্যবাদ। আশা নকৰাকৈয়ে আপোনাক সেই অপার্থিৱ জগতখনৰ বাহিৰতো পাই ভাল লাগিল।' কংকণক বিদায়সূচক বাক্যটো কৈ সোহিনী খন্তেক ৰ'ল আৰু যেন তাক বুজাই দিলে ইয়াত তেওঁৰ কৰিবলগীয়া আন একো নাই।সেমেকা হাঁহি এটা মাৰি কংকণ টেক্সিৰ ফালে আগবাঢ়ি গ'ল। হঠাৎ তাৰ মনত বাজি উঠিল সত্তৰ দশকৰ সেই জনপ্রিয় গীতটো- হেভ ইউ এভাৰ ছীন দ্য ব্ৰেইন!

GPC Chronicle · October 202689
মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ শক্তি, সাহস আৰু আধ্যাত্মিকতাৰ এক জীৱন্ত প্ৰতিচ্ছবি

স্থান: সতী ৰাধিকা উদ্যান,গুৱাহাটী 
Photo Essay1 photograph
Photographs by Dibya Jyoti Rabha

জীৱন্ত দেৱী দুর্গা!

       

01 মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ শক্তি, সাহস আৰু আধ্যাত্মিকতাৰ এক জীৱন্ত প্ৰতিচ্ছবি স্থান: সতী ৰাধিকা উদ্যান,গুৱাহাটী 
Writer
Article

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

Mousumi Konwer18 October 2026

শক্তি উপাসনাৰ সৈতে বলি প্ৰথাৰ সম্পৰ্ক

ভাৰতীয় ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাত নৱৰাত্ৰি তথা দুৰ্গা পূজা কেৱল এক উৎসৱেই নহয়, ই শক্তি উপাসনা, অশুভৰ বিৰুদ্ধে শুভৰ বিজয় আৰু নাৰীৰ সৃষ্টিশীল শক্তিৰ বন্দনাৰ এক গভীৰ আধ্যাত্মিক প্ৰকাশ। দেৱী দুৰ্গাক 'মহিষাসুৰমৰ্দিনী' ৰূপে আৰাধনা কৰাৰ মাজেৰে মানৱ সমাজে অন্যায়, অহংকাৰ, হিংসা আৰু অশুভ শক্তিৰ বিৰুদ্ধে ন্যায় আৰু সত্যৰ চিৰন্তন বিজয়ৰ আদৰ্শ বিচাৰি পায়।

কিন্তু এই শক্তি উপাসনাৰ ইতিহাসৰ সৈতে আন এক বিতৰ্কিত বিষয় হৈছে— বলি প্ৰথা। বিশেষকৈ ভাৰতৰ বিভিন্ন শক্তিপীঠ, শাক্ত ধৰ্মীয় পৰম্পৰা আৰু অসমৰ কিছুমান দেৱী মন্দিৰত পশুবলিৰ প্ৰচলন ঐতিহাসিকভাৱে চলি অহা দেখা যায়। আনহাতে, বহু উপাসক আৰু ধৰ্মীয় পৰম্পৰাই প্ৰতীকী বলি, নিৰামিষ নৈবেদ্য আৰু অহিংসাৰ পথকহে অধিক গুৰুত্ব প্ৰদান কৰে।

সেয়েহে বলি প্ৰথাক কেৱল এটা ধৰ্মীয় বাহ্যিক আচাৰ হিচাপে নহয়, বৰং ইতিহাস, ধৰ্মীয় দৰ্শন, লোকবিশ্বাস, সামাজিক পৰিৱৰ্তন আৰু নৈতিকতাৰ সংযোগস্থল হিচাপে বিশ্লেষণ কৰাটো বৰ্তমান সময়ৰ এক প্ৰয়োজনীয়তা।

শাক্ত ধৰ্মত বলি প্ৰথাৰ ঐতিহাসিক পটভূমি

GPC Chronicle · October 202691
CONTINUED · PART 2 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

হিন্দু ধৰ্মৰ শাক্ত পৰম্পৰাত দেৱীক সৰ্বশক্তিৰ আধাৰ, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিশীল শক্তি আৰু অশুভ বিনাশিনী হিচাপে কল্পনা কৰা হয়। এই পৰম্পৰাত দেৱীৰ উগ্ৰ, ৰক্ষাকাৰী আৰু যুদ্ধংদেহী ৰূপৰ উপাসনাৰ সৈতে কিছুমান বিশেষ আচাৰ-অনুষ্ঠানৰ বিকাশ ঘটিছিল। তাৰে অন্যতম এটা হৈছে বলি প্ৰথা।

প্ৰাচীন ভাৰতীয় ধৰ্মীয় আচাৰত বলিৰ ধাৰণা বহুমাত্ৰিক আছিল। বৈদিক যজ্ঞৰ বিভিন্ন ৰূপ, পৰৱৰ্তীকালৰ তান্ত্ৰিক সাধনা আৰু আঞ্চলিক লোকধৰ্মৰ আচাৰসমূহ একে ঐতিহাসিক পৰ্যায়ৰ বা একে অৰ্থৰ নহয়। সেয়েহে সকলো বলি প্ৰথাক একেটা উৎস বা একে ধৰ্মীয় ব্যাখ্যাৰ গণ্ডীৰ ভিতৰত সীমাবদ্ধ কৰা উচিত নহয়।

পৰৱৰ্তী কালত শাক্ত তন্ত্ৰৰ কিছুমান ধাৰাত পশুবলিৰ উল্লেখ আৰু প্ৰচলন দেখা যায়। দেৱীৰ সন্তুষ্টি, বিপদ নিবাৰণ, মনোবাঞ্ছা পূৰণ আৰু ধৰ্মীয় সংকল্পৰ ধাৰণা এই আচাৰসমূহৰ সৈতে জড়িত আছিল বুলি বিভিন্ন ঐতিহাসিক আৰু শাস্ত্ৰীয় ব্যাখ্যাত পোৱা যায়। অৱশ্যে, সমগ্ৰ ভাৰতবৰ্ষতে বলি প্ৰথা একে ধৰণে পালন কৰা নহয়। কিছুমান মন্দিৰত ই প্ৰচলিত, কিছুমানত সম্পূৰ্ণ নিষিদ্ধ, আৰু বহু পৰিয়ালত প্ৰতীকী উৎসৰ্গৰ মাজেৰেই পূজা সম্পন্ন কৰা হয়।

কালিকা পুৰাণ, দেৱী মহাত্ম্য আৰু তান্ত্ৰিক পৰম্পৰাৰ দৃষ্টিভংগী

অসমৰ শক্তি উপাসনাৰ ইতিহাস আলোচনা কৰোঁতে 'কালিকা পুৰাণ'ৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব। প্ৰাচীন কামৰূপৰ ধৰ্মীয়-সাংস্কৃতিক পৰিৱেশৰ সৈতে সম্পৰ্কিত এই সংস্কৃত গ্ৰন্থখনত দেৱী উপাসনা, তীৰ্থ, পূজা-বিধি আৰু বলি সম্পৰ্কীয় বহুল আলোচনা আছে। ইয়াৰ 'ৰুধিৰাধ্যায়'ত(কালিকাপুৰাণ) পশুবলিৰ উল্লেখ পোৱা যায়। সেইবাবেই শক্তি উপাসনাৰ ইতিহাস আৰু অসমৰ ধৰ্মীয় পৰম্পৰা সম্পৰ্কীয় আলোচনাত গ্ৰন্থখনৰ বিশেষ গুৰুত্ব আছে।

GPC Chronicle · October 202692
CONTINUED · PART 3 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

কিন্তু এইখিনিতে এটা কথা মনত ৰখা প্ৰয়োজন—এখন ধৰ্মীয় গ্ৰন্থত কোনো আচাৰৰ উল্লেখ থকা মানেই সেই আচাৰ সকলো হিন্দুৰ বাবে বাধ্যতামূলক বা সকলো সময়তে একে ধৰণে পালনীয় বুলি প্ৰমাণিত নহয়। ধৰ্মীয় গ্ৰন্থৰ ভাষা, ৰচনাকাল, সমসাময়িক ঐতিহাসিক পৰিস্থিতি আৰু পৰম্পৰাগত ব্যাখ্যা বিবেচনা কৰিহে ইয়াৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰিব লাগে।

আনহাতে, 'দেৱী মহাত্ম্য' (যাক দুৰ্গা সপ্তশতী বা চণ্ডী পাঠ বুলিও জনা যায়) শাক্ত ধৰ্মৰ এক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। ইয়াৰ মূল আখ্যানত মহিষাসুৰ, শুম্ভ-নিশুম্ভ আদি অসুৰৰ বিৰুদ্ধে দেৱীৰ যুদ্ধ আৰু অৱশেষত অশুভ শক্তিৰ পৰাজয়ৰ কথা বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থৰ কেন্দ্ৰীয় আধ্যাত্মিক বাৰ্তা হৈছে—দেৱী শক্তিৰ জৰিয়তে অশুভৰ বিনাশ আৰু ধৰ্মৰ প্ৰতিষ্ঠা। দুৰ্গা সপ্তশতীৰ মূল আখ্যানটোক পশুবলিৰ একমাত্ৰ বা বাধ্যতামূলক নিৰ্দেশনা হিচাপে গ্ৰহণ কৰাটো যুক্তিযুক্ত নহয়। বৰং ইয়াৰ মূল তাৎপৰ্য দেৱীৰ মহিমা, আত্মসমৰ্পণ, ভক্তি আৰু অন্তৰৰ অশুভৰ বিৰুদ্ধে সংগ্ৰামৰ সৈতেহে জড়িত।

তান্ত্ৰিক পৰম্পৰাৰ ক্ষেত্ৰতো একেই সাৱধানতা প্ৰয়োজন। তন্ত্ৰ কোনো একক আৰু অভিন্ন আচাৰ-পদ্ধতি নহয়। ইয়াৰ ভিতৰত মন্ত্ৰ, ধ্যান, যন্ত্ৰ, কুণ্ডলিনী সাধনা, প্ৰতীকী উপাসনা আদি বহু দিশ অন্তৰ্ভুক্ত। কিছুমান তান্ত্ৰিক পৰম্পৰাত পশুবলিৰ উল্লেখ থাকিলেও আন বহু সাধনাত আভ্যন্তৰীণ শুদ্ধি, আত্মসংযম আৰু প্ৰতীকী উৎসৰ্গকহে সৰ্বোচ্চ গুৰুত্ব দিয়া হয়।

অসমৰ দুৰ্গা পূজা আৰু বলি প্ৰথাৰ পৰম্পৰা 

GPC Chronicle · October 202693
CONTINUED · PART 4 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

অসমৰ ধৰ্মীয় সংস্কৃতি বিভিন্ন ঐতিহাসিক ধাৰাৰ এক অপূৰ্ব সংমিশ্ৰণ। ইয়াত শাক্ত, শৈৱ, বৈষ্ণৱ আৰু বিবিধ জনগোষ্ঠীয় লোকবিশ্বাসে নিজা নিজা ধৰণেৰে সমাজ আৰু সাংস্কৃতিক জীৱনক চহকী কৰিছে।
নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ শাক্ত উপাসনাৰ প্ৰাণকেন্দ্ৰ। কামাখ্যাৰ ধৰ্মীয় ইতিহাসৰ সৈতে তান্ত্ৰিক সাধনা, শক্তি উপাসনা আৰু বিভিন্ন পৰম্পৰাগত আচাৰ নিবিড়ভাৱে জড়িত। অসমৰ আন কিছুমান দেৱী মন্দিৰ আৰু ৰাজকীয় পৰম্পৰাতো (যেনে- আহোম বা কছাৰী ৰাজত্বকালৰ পূজাত) পশুবলিৰ ঐতিহাসিক উপস্থিতি দেখা যায়।

বৰ্তমান সময়তো শাৰদীয় দুৰ্গোৎসৱৰ সময়ত কিছুমান মন্দিৰ বা পৰিয়ালত অষ্টমীত পশুবলি দিয়াৰ পৰম্পৰা আছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বহু ঠাইত কেৱল ফুল, ফল, মিঠাই, নৈবেদ্য আৰু অন্যান্য নিৰামিষ সামগ্ৰীৰে দেৱীক ভক্তিভাৱেৰে পূজা কৰা হয়। এই বৈচিত্ৰ্যই এটা কথা স্পষ্ট কৰে যে—অসমৰ ধৰ্মীয় পৰিচয়ক কেৱল এটা নিৰ্দিষ্ট আচাৰৰ জৰিয়তে সংজ্ঞায়িত কৰিব নোৱাৰি।

নৱৰাত্ৰিৰ ন দিন আৰু বলিৰ ধাৰণা 

GPC Chronicle · October 202694
CONTINUED · PART 5 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

নৱৰাত্ৰি হৈছে দেৱী দুৰ্গাৰ নৱ-ৰূপৰ (নৱদুৰ্গা) উপাসনাৰ সৈতে জড়িত এক পবিত্ৰ ধৰ্মীয় উৎসৱ। ভাৰতৰ বিভিন্ন অঞ্চলত এই ন দিনৰ পূজা-বিধি আৰু পৰম্পৰাত পাৰ্থক্য দেখা যায়। কিছুমান অঞ্চলত অষ্টমী বা নৱমীৰ দিনা বিশেষ পূজা, হোম, কুমাৰী পূজা আৰু নৈবেদ্য উৎসৰ্গ কৰা হয়, য'ত বলিৰ আচাৰো অন্তৰ্ভুক্ত থাকে। কিন্তু নৱৰাত্ৰি পালন কৰা প্ৰতিজন ভক্তয়েই পশুবলি দিব লাগে—এনে কোনো সৰ্বজনীন শাস্ত্ৰীয় নিয়ম নাই।
বহু ভক্তৰ বাবে নৱৰাত্ৰি হৈছে উপবাস, প্ৰাৰ্থনা, আত্মসংযম আৰু অন্তৰৰ অশুভ প্ৰবৃত্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক পবিত্ৰ সময়। ক্ৰোধ, লোভ, অহংকাৰ, ঈৰ্ষা আৰু অন্যায়ৰ দৰে মানৱীয় দুৰ্বলতাসমূহ নিয়ন্ত্ৰণ কৰাৰ মাজতো দেৱী উপাসনাৰ গভীৰ অৰ্থ বিচাৰি পোৱা যায়। এই দৃষ্টিভংগীয়ে বলি প্ৰথাৰ আলোচনাক কেৱল বাহ্যিক আচাৰৰ সীমাৰ পৰা উলিয়াই আত্মিক আৰু নৈতিক পৰিৱৰ্তনৰ বহল পৰিসৰলৈ লৈ যায়।

পশুবলি আৰু প্ৰতীকী বলি (সাত্ত্বিক বলি): দুটা পৃথক পথ 

GPC Chronicle · October 202695
CONTINUED · PART 6 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

বলি প্ৰথাৰ বিতৰ্কত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে—পশুবলি আৰু প্ৰতীকী বলিৰ মাজৰ পাৰ্থক্য। পশুবলিত জীৱ-জন্তুক ধৰ্মীয় আচাৰৰ অংশ হিচাপে উৎসৰ্গ কৰা হয়। ইয়াৰ সমৰ্থকসকলে ইয়াক পূৰ্বপুৰুষৰ পৰম্পৰা আৰু শাস্ত্ৰীয় আচাৰৰ অংশ হিচাপে ব্যাখ্যা কৰে। আনহাতে, সমালোচকসকলে জীৱৰ প্ৰতি দয়া, অহিংসা আৰু আধুনিক নৈতিকতাৰ প্ৰশ্ন উত্থাপন কৰে।
ইয়াৰ বিকল্প হিচাপে বহু উপাসকে প্ৰতীকী বলি বা 'সাত্ত্বিক বলি'ৰ পথ গ্ৰহণ কৰে। ইয়াত নাৰিকল, কোমোৰা, কুঁহিয়াৰ বা আন ফল-মূল উৎসৰ্গ কৰাৰ পৰম্পৰা আছে। নাৰিকল ভাঙি উৎসৰ্গ কৰাক অহংকাৰ, আত্মকেন্দ্ৰিকতা আৰু নিজৰ ভিতৰৰ অশুভ প্ৰবৃত্তি ত্যাগ কৰাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। কোমোৰা বা আন সামগ্ৰীৰ উৎসৰ্গও প্ৰতীকী বলিৰ এক সুন্দৰ অহিংস ৰূপ। এই শান্তিপূৰ্ণ ব্যাখ্যাক আধুনিক যুগত ভক্তি আৰু অহিংসাৰ শ্ৰেষ্ঠ নিদৰ্শন হিচাপে সমাজত অধিক যুক্তিসংগত বুলি গণ্য কৰা হৈছে।

বলি প্ৰথাক লৈ সমাজত মতভেদ কিয় ?

GPC Chronicle · October 202696
CONTINUED · PART 7 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

বলি প্ৰথাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী একে নহয়। ইয়াৰ মূলতঃ তিনিটা কাৰণ নিহিত হৈ আছে:
প্ৰথমতে, ধৰ্মীয় গ্ৰন্থ আৰু পৰম্পৰাৰ ব্যাখ্যা সকলোৰে একে নহয়। একেটা আচাৰক কোনোবাই শাস্ত্ৰীয় কৰ্তব্য বুলি গণ্য কৰে, আন কোনোবাই তাক এক ঐতিহাসিক প্ৰথা হিচাপে লয়।
দ্বিতীয়তে, ভাৰতীয় দৰ্শনত 'অহিংসা পৰমো ধৰ্ম:' নীতিৰ এক সুউচ্চ স্থান আছে। জীৱৰ প্ৰতি দয়া আৰু হিংসা পৰিহাৰৰ আদৰ্শই পশুবলিৰ নৈতিকতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে।
তৃতীয়তে, সময়ৰ লগে লগে সমাজৰ মূল্যবোধ, পশুকল্যাণৰ আইন আৰু ধৰ্মীয় আচাৰ সম্পৰ্কে জনসাধাৰণৰ বৌদ্ধিক উত্তৰণ ঘটিছে। সেয়েহে বহুতে পৰম্পৰাৰ আধ্যাত্মিক তাৎপৰ্য অক্ষুণ্ণ ৰাখি ইয়াৰ অহিংস বিকল্প বিচাৰে।
এই আলোচনাত দুয়োপক্ষৰ বিশ্বাস আৰু যুক্তিক সন্মান কৰাটো প্ৰয়োজন। ধৰ্মীয় পৰম্পৰাৰ সুস্থ সমালোচনা মানেই কোনো সম্প্ৰদায়ক অপমান কৰা নহয়; ঠিক একেদৰে, কোনো আচাৰক 'পৰম্পৰা' বুলি ক'লেই তাৰ নৈতিক দিশ সম্পৰ্কে প্ৰশ্ন কৰিব নোৱাৰি—এনে কথাও ধৰ্মত কোৱা হোৱা নাই।
বলিৰ প্ৰকৃত অৰ্থ: বাহ্যিক আচাৰৰ পৰা আভ্যন্তৰীণ পৰিৱৰ্তনলৈ
দেৱী দুৰ্গাৰ উপাসনাৰ মূল আখ্যানৰ পৰা এটা গুৰুত্বপূৰ্ণ নৈতিক শিক্ষা গ্ৰহণ কৰিব পাৰি—মানুহে নিজৰ ভিতৰৰ অন্যায়, অহংকাৰ, লোভ আৰু নিষ্ঠুৰতাৰ বিৰুদ্ধেও নিৰন্তৰ সংগ্ৰাম কৰিব লাগে।
'বলি' শব্দটোৰ প্ৰকৃত আধ্যাত্মিক অৰ্থ হৈছে 'উৎসৰ্গ কৰা' বা 'ত্যাগ কৰা'। যদি বলিৰ ধাৰণাক আত্মিক অৰ্থত ব্যাখ্যা কৰা হয়, তেন্তে ইয়াৰ কেন্দ্ৰত থাকিব নিজৰ নেতিবাচক চিন্তা আৰু অনৈতিক প্ৰবৃত্তিৰ ত্যাগ। দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে যদি মানুহে দুৰ্বলক সহায় কৰে, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ে আৰু সমাজত ন্যায় প্ৰতিষ্ঠাৰ চেষ্টা কৰে, তেন্তে শক্তি উপাসনাৰ সাৰ্থকতা অধিক গভীৰ হৈ পৰে।

GPC Chronicle · October 202697
CONTINUED · PART 8 OF 8

নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ পৰম্পৰা: ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় ব্যাখ্যা আৰু সময়ৰ প্ৰশ্ন

উপসংহাৰ: পৰম্পৰাৰ প্ৰতি সন্মান, বিবেকৰ প্ৰতি দায়িত্ব
নৱৰাত্ৰি আৰু দুৰ্গা পূজাত বলি প্ৰথাৰ ইতিহাস ভাৰতীয় ধৰ্মীয় সংস্কৃতিৰ এক জটিল আৰু বহুমাত্ৰিক অধ্যায়। ইয়াক বুজিবলৈ শাস্ত্ৰীয় উল্লেখ, তান্ত্ৰিক পৰম্পৰা, আঞ্চলিক ইতিহাস আৰু সমকালীন সামাজিক মূল্যবোধ—এই সকলো দিশ বিবেচনা কৰিব লাগিব।
দুৰ্গা পূজাৰ প্ৰকৃত তাৎপৰ্য কেৱল কোনো নিৰ্দিষ্ট আচাৰ পালন কৰাতেই সীমাবদ্ধ নহয়। দেৱী দুৰ্গাৰ 'মহিষাসুৰমৰ্দিনী' ৰূপে আমাক সোঁৱৰাই দিয়ে যে অন্যায় আৰু অহংকাৰৰ বিৰুদ্ধে সংগ্ৰাম প্ৰতিজন মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ।
সেয়েহে এই উৎসৱৰ সময়ত নিজকে এটা প্ৰশ্ন কৰা প্ৰাসংগিক যে—আমি দেৱীৰ ওচৰত প্ৰকৃততে কি উৎসৰ্গ কৰিছোঁ, আৰু তাৰ জৰিয়তে আমাৰ জীৱনলৈ কি পৰিৱৰ্তন আনিছোঁ?
যদিহে এই উপাসনাই মানুহৰ অন্তৰত সাহস, ন্যায়বোধ, দয়া আৰু আত্মসংযম জগাই তোলে, তেন্তে শক্তি সাধনাৰ আধ্যাত্মিক বাৰ্তা সমাজ জীৱনত অধিক অৰ্থৱহ হৈ উঠিব। কাৰণ, শক্তিৰ প্ৰকৃত প্ৰকাশ কেৱল বাহ্যিক অশুভক বিনাশ কৰাতেই সীমাবদ্ধ নহয়; বৰং নিজৰ ভিতৰৰ অশুভ প্ৰবৃত্তিক জয় কৰি এখন অধিক ন্যায়পূৰ্ণ, দয়াশীল আৰু মানৱীয় সমাজ গঢ়ি তোলাৰ মাজতেই ইয়াৰ প্ৰকৃত সাৰ্থকতা নিহিত হৈ আছে।

GPC Chronicle · October 202698
❦
Section

কবিতা

Poetry
01
এলবাম
Ranjit Patgiri
100
02
যেতিয়া আমি শেষবাৰৰ বাবে দেখা হৈছিলো
Udaijit Buragohain
102
03
শৰৎ
Dristirupa Bordoloi
104
04
পিতাই
DIGANTA DAS
106
05
খবৰ
Tushmita Gogoi
108
06
শৰতে মোৰ খিৰিকীৰে
Moni Mahanta
109
07
বিষাদৰ ডায়েৰী
KALYAN KUMAR KALITA
110
GPC Chronicle · October 202699
Writer
Poem

এলবাম

Ranjit Patgiri17 October 2026

এতিয়াও আছেনে তোমালোকৰ ড্রইংৰুমত
স্মৃতিৰঙা সেই এলবাম, য'ত
সযতনে সাঁচি ৰাখিছিলা হেৰুৱা সময়ৰ অযুত কথকতা।

তোমালোকৰ ঘৰলৈ প্ৰথম যোৱাৰ দিনা
কিয় জানো থাউকতে পোৱাকৈ এলবামটো থৈছিলা,
আৰু মই দুচকুৰ লাজৰ কুঁৱলী ফালি
ফটোবোৰত বুলাইছিলোঁ আঙুলি।

কোনোবাখন ফটোত তুমি ফ্ৰক পিন্ধি আছিলা
চুৰিদাৰ পিন্ধিছিলা
বেণী গুঁঠা চুলি,
কোনোবাখনত মিচিকিয়া হাঁহি
কোনোবাখনত কেৰাহিকৈ চাই আছিলা
কোনোবাখনত মুখ ওন্দোলাইছিলা, আৰু
নকৈ মেখেলা-চাদৰ পিন্ধিবলৈ শিকা ফটোলৈ চাই
ভিতৰি মোৰ যে কিমান হাঁহি উঠিছিল।

GPC Chronicle · October 2026100
CONTINUED · PART 2 OF 2

এলবাম

সৰু কালৰ ফটোখনত ফেকুৰি আছিলা
সৰু চকী এখনত বহিছিলা, টুল এখনত
কপালত ডাঙৰকৈ ক'লা ফোঁট,পাউদাৰ দিছিলে সানি
কণমানি কেঁচুৱাৰ ফটোখন দেখি
বিশ্বাসে হোৱা নাছিল যে সেয়া তুমি,
আৰু যে তোলনি বিয়াৰ ফটোবোৰ!
সেইদিনা গোপনে মই মনৰ মাজত
আঁকিছিলোঁ তোমাক কইনাৰ সাজত।

কিছুমান ফটো জ্বলি গৈছে
কিছুমানত চাউল দি ৰাখিছা
কিছুমান ফটোত তোমাক দূৰ-দূৰণিৰ
কোনো অচিনাকি ছোৱালী যেন লাগিছিল
কোনোবাখনত তোমাক এনে লাগিছিল যেন
ভিতৰি তুমি কিছু উদাস, কিছু বিষণ্ণ।

আজি অত বছৰ পাছত কিয় জানো
এলবামটোলৈ ইমানকৈ মনত পৰিছে!
ৰাখিছা নেকি তাতেই সাঁচি
আমাৰ সোণালী দিনৰো কিছু ছবি, নে
পাহৰণিৰ ঢৌত উটুৱাই দিছা
ভালপোৱাৰ অতবোৰ স্মৃতি।

GPC Chronicle · October 2026101
Writer
Poem

যেতিয়া আমি শেষবাৰৰ বাবে দেখা হৈছিলো

Udaijit Buragohain17 October 2026

যেতিয়া আমি শেষবাৰৰ বাবে দেখা হৈছিলো
তেতিয়া নদীখন শুকাই আহিছিল আৰু সৰি পৰিছিল হালধীয়া পাতবোৰ
গছবোৰ লঠঙা নোহোৱালৈকে

শুকান বালিচৰৰ ধূলিবোৰ উৰুৱাই উদভ্ৰান্ত বতাহজাক
দিক বিদিক শূন্যতাত দৌৰিছিল তেতিয়া বিষণ্ণ বিষাদৰ ছায়া সানি পশ্চিমৰ বেলিটো
বুৰ গৈছিল তেতিয়া নীলিম আকাশৰ নিঃসীম নীলিমাত

তেতিয়া ক'ৰবাত সাগৰে গৰ্জন তুলিছিল শোকৰ তৰংগায়িত কম্পনত ক'ৰবাত তেতিয়া বৃষ্টিকণাই বৰষুণ হৈ
উচুপি উঠিছিল

GPC Chronicle · October 2026102
CONTINUED · PART 2 OF 2

যেতিয়া আমি শেষবাৰৰ বাবে দেখা হৈছিলো

তেতিয়া নদীখন শুকাই আহিছিল
গৰুৰ পোৱালিবোৰে হেম্বেলিয়াইছিল চৰাইবোৰ উভতি গৈছিল বাহলৈ

তেতিয়া ক্রমশঃ সন্ধিয়াটো কৰুণ হৈ আহিছিল
প্ৰাৰ্থনা সংগীতবোৰ বাজি উঠিছিল
তুমি উভতি গৈছিলা

তুমি উভতি গৈছিলা নদীৰ বুকুৱেদি
বিদায় নোলোৱাকৈয়ে
বিদায় নজনোৱাকৈয়ে...

GPC Chronicle · October 2026103
Writer
Poem

শৰৎ

Dristirupa Bordoloi17 October 2026

স্তৱক (০১)

শাৰদী সুৱাসৰ সুঘ্ৰাণ মোৰ নাকত।
হে শৰৎ,
আহিবা নে সংগোপনে সদায়
মোৰ চোতালৰ শেৱালি সুৱাস বিলাই ।
গুটি ফুল বাছিম মই

তোমাৰ বাবে অপেক্ষাৰত

মোৰ সাৰদ জোনাকী মন

 

 

স্তৱক (০২)

GPC Chronicle · October 2026104
CONTINUED · PART 2 OF 2

শৰৎ

শেৱালি সুৱাসৰ সতে উৰি যাম মই আকাশলৈ
জোনাকী পৰুৱা হৈ
উমি উমি জ্বলি ৰ'ম
সাৰদ , প্ৰেম পৰশত ।
হে শৰৎ আজি মোৰ এয়া তোমালৈ লিখা দ্বিতীয়খন চিঠি ।
মেঘবৰষা দিনতে
লিখিম বুলি ভাবিছিলোঁ এখন চিঠি ।
পৃথিৱীৰ সেউজ সোণালী হাঁহি।

বুকু ভৰি উজাৰি দিম তোমাক
শাৰদী প্ৰেমৰ চিঠি ।
ভুল নুবুজিবা দে ,
মই শৰতৰ পুৰণা পাগল প্ৰেমিক ।

GPC Chronicle · October 2026105
Writer
Poem

পিতাই

DIGANTA DAS17 October 2026
উৰুখা পজাটো পকী কৰাৰ মন আছিল পিতাইৰ...
টিনৰ চালি খেৰতকৈ ভাল মজবুত...
পিতায়ে ভাবে !

GPC Chronicle · October 2026106
CONTINUED · PART 2 OF 2

পিতাই

খেৰী ঘৰটোৰ বাঁহৰ খুঁটাকেইটাও ৰজনজনাইছে
আহিনত সকলো হিচাপ হ'ব...
তেজ পানী হৈ গ'ল
বাঁহৰ খুঁটাকেইটাও ভৰ্তি হ'ল ...
নিশাটোৰ ভিতৰতে সকলো ভুল ভাঙিল...
অভিমানী দিখৌ দৰিকাই সপোন উটুৱাই নিলে
বাঁহৰ খুঁটাকেইটা হেৰাই গ'ল।
উটুৱাই নিলে আশা-সপোনবোৰ...
অতীত হ'ল মাকণৰ আশা, ডাঙৰ মা, সৰু বোপাৰ সপোন
হৃদয়ৱান এচাম অসমীয়াৰ মৰমে আৱৰি ৰাখিছে পিতাইক
চকুলোবোৰ তপত হৈছে...
পাই হেৰুওৱাৰ বেদনাই দগ্ধ কৰিছে হৃদয়খন।
কাক ক'ব কোনে শুনিব!
অকলশৰীয়া পিতাই আজি বাকৰুদ্ধ...
এৰা! সপোন দেখাই ভুল।

GPC Chronicle · October 2026107
Writer
Poem

খবৰ

Tushmita Gogoi17 October 2026

খবৰৰ ওপৰত খবৰ
বতাহত উৰে বেবেৰিবাং খবৰ
বেবেৰিবাং খবৰৰ জেলেপিৰ পাক
চাহৰ কাপত অথবা মদৰ গিলাচত
খবৰবোৰ চঞ্চল হয়
চঞ্চল খবৰবোৰ বাগৰি যায়
এখন কাণৰ পৰা আন এখন কাণলৈ
ওঁঠত লাগিলেই
খবৰবোৰ ৰসাল হয়
ৰসাল খবৰৰ চৰ্চা হয়
চৰ্চিত খবৰৰ অনেক ভাগ

 

সঁচা মিছা হ'ব পাৰে
মিছা সঁচা হ'ব পাৰে
সেয়েটো এই খবৰ
কেতিয়াবা আনন্দৰ
কেতিয়াবা বিৰহৰ

GPC Chronicle · October 2026108
Writer
Poem

শৰতে মোৰ খিৰিকীৰে

Moni Mahanta18 October 2026

শৰতে মোৰ খিৰিকীৰে
আহি তোমাৰ ঠিকনা সুধিছিলে ।
আৰু নিয়ৰ সনা
এপাহি হাঁহি হৈ
শেৱালিয়ে জোকালে।
মোক শেৱালিয়ে জোকালে।

নিশাৰ নিয়ৰক ক'লো
পুৱাৰ পখীকো শুনালো।
বহু গধূলিৰ মিঠা জোনাকত
তোমাৰ গানকে গালো।
গীটাৰত মোৰ
লাগি ৰোৱা যেন
চিনাকি সুৰ‌টি পালো।

পথৰ দাঁতিৰ
বিজুলী চাকিত
কুঁৱলী ওলমি ৰ'ল।
তুমি আহি ৰ'লা
কঁপা অধৰেৰে
মৰম উপচি গ'ল।
সেই সন্ধিয়াৰ সোঁৱৰণীৰে
শৰতো ধুনীয়া হ'ল।

 

GPC Chronicle · October 2026109
Writer
Poem

বিষাদৰ ডায়েৰী

KALYAN KUMAR KALITA17 October 2026

বুকুখন যদি সাৰে থাকে তেতিয়ালৈ
সোঁৱৰণিৰ চেলেংখন আকৌ এবাৰ
আঁৰি লম দেহত

শোৱনি কোঠাৰ বতাহজাকত
হাউলি পৰিব দিয়া নাই
দুঃসাহসী তেজৰ কবিতাবোৰ

ৰাতিৰ আকাশত এতিয়াও অবিৰাম
নৈশবিলাপ

 

মোৰ কলিজা কাটি কোনে গীত লিখিলে
কাৰ নিঃসংগতাত হাঁহিবোৰ হেৰুৱালে
আজিও এক নুবুজা সাঁথৰ হৈ ওলমি আছে
জীৱন জংঘলৰ অন্তিম গছডালত

GPC Chronicle · October 2026110
Writer
Other Writing

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

Subham Goswami18 October 2026

পুৱাৰ চাহকাপ হাতত লৈ বাতৰি কাকতখন মেলি লোৱাৰ দিনবোৰৰ পৰা আৰম্ভ কৰি আজি স্মাৰ্টফোনৰ পৰ্দাত আঙুলি বুলাই দিনটোৰ খবৰ জনাৰ অভ্যাসলৈকে— সলনি হৈছে বাতৰি পঢ়াৰ মাধ্যম, সলনি হৈছে বাতৰি লাভ কৰাৰ গতি আৰু পদ্ধতি। এসময়ত খবৰ-বাতৰি জানিবলৈ নিৰ্দিষ্ট সময়ৰ বাতৰিৰ বুলেটিন অথবা পিছদিনাৰ কাকতখনলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। আজি এটা ঘটনা সংঘটিত হোৱাৰ কেইমুহূৰ্তমানৰ ভিতৰতে সেই খবৰ পৃথিৱীৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ বিয়পি পৰে। এই পৰিৱৰ্তনৰ আঁৰত আছে ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া, স্মাৰ্টফোন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ।

কিন্তু এই দ্ৰুত পৰিৱৰ্তনে সাংবাদিকতাৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে— যেতিয়া এলগৰিদমে নিৰ্ধাৰণ কৰে আমি কি চাম, কি পঢ়িম আৰু কোনটো খবৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব, তেতিয়া সত্যৰ স্থান ক’ত? বাতৰিৰ ভৱিষ্যৎ কেৱল প্ৰযুক্তিয়ে নিৰ্ধাৰণ কৰিব নেকি, নে সত্যৰ সন্ধানত নিয়োজিত মানুহৰ বিবেক, বিচাৰবোধ আৰু দায়বদ্ধতাই ইয়াৰ প্ৰকৃত দিশ নিৰ্ণয় কৰিব?

বাতৰি এতিয়া কেৱল সম্পাদকে নিৰ্ধাৰণ নকৰে

GPC Chronicle · October 2026111
CONTINUED · PART 2 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

পৰম্পৰাগত সাংবাদিকতাত বাতৰি নিৰ্বাচনৰ ক্ষেত্ৰত সম্পাদকীয় বিচাৰবোধৰ গুৰুত্ব আছিল অপৰিসীম। কোনটো ঘটনা বাতৰি হ’ব, কোনটো বিষয় প্ৰথম পৃষ্ঠাত স্থান পাব, কোনটো বাতৰিৰ কিমান গুৰুত্ব থাকিব— এই সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ সম্পাদকীয় নীতি, জনস্বাৰ্থ আৰু ঘটনাৰ তাৎপৰ্যৰ ভিত্তিত গ্ৰহণ কৰা হৈছিল। ডিজিটেল যুগত এই ব্যৱস্থাৰ সমান্তৰালকৈ গঢ় লৈ উঠিছে আন এটা শক্তিশালী ব্যৱস্থা— এলগৰিদম। ছ’চিয়েল মিডিয়া, ছাৰ্চ ইঞ্জিন আৰু ডিজিটেল প্লেটফৰ্মসমূহে ব্যৱহাৰকাৰীৰ আগ্ৰহ, পূৰ্বৰ কাৰ্যকলাপ, অনুসন্ধান, ক্লিক আৰু অন্যান্য সংকেতৰ ভিত্তিত তেওঁলোকৰ সন্মুখত বিভিন্ন বিষয়বস্তু উপস্থাপন কৰে। ফলত একেজন ব্যক্তিয়ে বাৰে বাৰে ৰাজনীতিৰ বাতৰি দেখিবলৈ পোৱাৰ বিপৰীতে আন এজনৰ পৰ্দাত ক্ৰীড়া, মনোৰঞ্জন অথবা জীৱনশৈলীৰ বিষয়বস্তু অধিক দৃশ্যমান হ’ব পাৰে।

ইয়াৰ ফলত সংবাদ জগতখন অধিক ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে। কিন্তু এই সুবিধাৰ লগতে এটা আশংকাও জড়িত হৈ আছে। জনস্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিটো বিষয় মানুহৰ সন্মুখত সমানে উপস্থাপন নহ’বও পাৰে। যিটো বাতৰিয়ে অধিক ক্লিক, মন্তব্য, শ্বেয়াৰ অথবা দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, সেয়াই ডিজিটেল পৰিসৰত অধিক দৃশ্যমান হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অথচ তুলনামূলকভাৱে কম আকৰ্ষণীয় কোনো বিষয় অৱহেলিত হৈ ৰৈ যাব পাৰে। ইয়াতেই সাংবাদিকতা আৰু এলগৰিদমৰ মাজৰ মূল সংঘাতটো স্পষ্ট হৈ পৰে। সাংবাদিকতাৰ প্ৰশ্ন হ’ল— কোনটো বিষয় জনসাধাৰণে জনা উচিত? আনহাতে, বহু ডিজিটেল ব্যৱস্থাৰ প্ৰধান লক্ষ্য হ’ল— কোনটো বিষয়ত মানুহে অধিক সময় কটাব? এই দুয়োটা প্ৰশ্ন সদায় একে নহয়।

ক্লিকৰ প্ৰতিযোগিতা বনাম জনস্বাৰ্থ

GPC Chronicle · October 2026112
CONTINUED · PART 3 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

ডিজিটেল সংবাদ মাধ্যমৰ বাবে পাঠকৰ মনোযোগ অতি মূল্যৱান। পাঠকৰ সংখ্যা, পৃষ্ঠাদৰ্শন, ৱেবছাইটত কটোৱা সময় আৰু সামাজিক মাধ্যমত বিষয়বস্তুৰ প্ৰতিক্ৰিয়াই সংবাদ মাধ্যমৰ ডিজিটেল উপস্থিতি আৰু ব্যৱসায়িক সফলতাত প্ৰভাৱ পেলায়। ফলত বহু সময়ত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত দ্ৰুততা আৰু দৃশ্যমানতাৰ প্ৰতিযোগিতা তীব্ৰ হৈ উঠে। এই প্ৰতিযোগিতাৰ মাজতে জন্ম লয় ক্লিকবেইটৰ প্ৰৱণতা। বাতৰিৰ শিৰোনাম এনেদৰে প্ৰস্তুত কৰা হয় যাতে পাঠকৰ কৌতূহল বৃদ্ধি পায়, কিন্তু কেতিয়াবা সেই শিৰোনামে বাতৰিৰ প্ৰকৃত বিষয়বস্তুৰ সম্পূৰ্ণ প্ৰতিফলন ঘটাব নোৱাৰে। কোনো ব্যক্তিৰ বক্তব্যৰ এটা অংশ অপ্ৰাসংগিকভাৱে তুলি ধৰা হয়, কোনো ঘটনাৰ সম্ভাৱনাক নিশ্চিত সিদ্ধান্তৰ ৰূপ দিয়া হয় অথবা সাধাৰণ ঘটনাক অতিৰঞ্জিত ভাষাৰে উপস্থাপন কৰা হয়।

অৱশ্যে আকৰ্ষণীয় শিৰোনাম প্ৰস্তুত কৰাটো কোনো দোষ নহয়। ডিজিটেল যুগত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাটো সংবাদ পৰিৱেশনৰ এক প্ৰয়োজনীয় দক্ষতা। সমস্যা তেতিয়াহে সৃষ্টি হয়, যেতিয়া আকৰ্ষণৰ শিৰোনামত তথ্যৰ যথাৰ্থতা, প্ৰসংগ আৰু সত্যনিষ্ঠাৰ সৈতে আপোচ কৰা হয়। এটা বাতৰিয়ে লাখ লাখ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলেও যদি সেই বাতৰিয়ে মানুহক ভুল তথ্য দিয়ে, তেন্তে সেই দৃশ্যমানতাক সাংবাদিকতাৰ সফলতা বুলি ক’ব নোৱাৰি। সংবাদ মাধ্যমৰ দায়িত্ব কেৱল মানুহক বাতৰি পঢ়িবলৈ উৎসাহিত কৰাই নহয়; লগতে তেওঁলোকক ঘটনাৰ প্ৰকৃত অৰ্থ বুজিবলৈ সহায় কৰাও।

কৃত্ৰিম বুদ্ধিমত্তা: সহায়ক নে প্ৰত্যাহ্বান?

GPC Chronicle · October 2026113
CONTINUED · PART 4 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশে সাংবাদিকতাৰ ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। বৃহৎ পৰিমাণৰ তথ্য বিশ্লেষণ, নথি-পত্ৰৰ পৰা প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱা, সাক্ষাৎকাৰৰ প্ৰতিলিপি প্ৰস্তুত কৰা, ভাষান্তৰ, তথ্যৰ শ্ৰেণীবিভাজন আৰু সংবাদ পৰিৱেশনৰ বিভিন্ন কাৰিকৰী কামত কৃত্ৰিম বুদ্ধিমত্তা সহায়ক হ’ব পাৰে। সময়সাপেক্ষ কামসমূহ সহজ কৰি ই সাংবাদিকসকলক অনুসন্ধানমূলক কাম, তথ্য পৰীক্ষা আৰু বিশ্লেষণৰ বাবে অধিক সময় উলিয়াবলৈও সহায় কৰিব পাৰে। কিন্তু এই প্ৰযুক্তিৰ সীমাবদ্ধতাও উপেক্ষা কৰিব নোৱাৰি। কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াবা ভুল তথ্যক আত্মবিশ্বাসেৰে উপস্থাপন কৰিব পাৰে, অস্তিত্বহীন তথ্যসূত্ৰৰ উল্লেখ কৰিব পাৰে অথবা অসম্পূৰ্ণ তথ্যৰ ভিত্তিত বিভ্ৰান্তিকৰ সিদ্ধান্ত দিব পাৰে। একেদৰে, কৃত্ৰিমভাৱে সৃষ্টি কৰা ছবি, ভিডিঅ’ আৰু অডিঅ’ৰ জৰিয়তে কোনো ঘটনা সংঘটিত হোৱাৰ মিছা ধাৰণা সৃষ্টি কৰাটোও সম্ভৱ।

এনে পৰিস্থিতিত সাংবাদিকতাৰ বাবে তথ্য পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। কোনো তথ্য কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আহিছে বুলিয়েই সেয়া সত্য নহয়; আকৌ কোনো তথ্য মানুহে প্ৰস্তুত কৰিছে বুলিয়েই সেয়া নিৰ্ভুল নহয়। তথ্যৰ সত্যতা নিৰ্ধাৰণ কৰিব লাগিব বিশ্বাসযোগ্য উৎস, প্ৰমাণ, প্ৰসংগ আৰু স্বতন্ত্ৰ পৰীক্ষাৰ ভিত্তিত। কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰিব লাগে সহায়ক হিচাপে, চূড়ান্ত বিচাৰকৰ্তা হিচাপে নহয়। বাতৰিৰ বিষয়বস্তু, তথ্যৰ যথাৰ্থতা আৰু প্ৰকাশৰ সিদ্ধান্তৰ ক্ষেত্ৰত সাংবাদিক আৰু সম্পাদকৰ দায়বদ্ধতা অপৰিহাৰ্য হৈ থাকিব লাগিব।

ভুৱা বাতৰি আৰু বিশ্বাসযোগ্যতাৰ সংকট

GPC Chronicle · October 2026114
CONTINUED · PART 5 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

ডিজিটেল যুগত তথ্যৰ প্ৰচাৰ যিমান সহজ হৈছে, ভুৱা তথ্যৰ প্ৰচাৰো সিমানেই সহজ হৈছে। কোনো পুৰণি ছবি নতুন ঘটনাৰ বুলি প্ৰচাৰ কৰা, সম্পাদিত ভিডিঅ’ৰ জৰিয়তে ভুল ধাৰণা সৃষ্টি কৰা অথবা অপ্ৰমাণিত দাবীক সত্যৰ ৰূপত সামাজিক মাধ্যমত বিয়পাই দিয়াটো এতিয়া এক গুৰুতৰ প্ৰত্যাহ্বান। বিশেষকৈ সংকটৰ সময়ত— বানপানী, প্ৰাকৃতিক দুৰ্যোগ, সাম্প্ৰদায়িক উত্তেজনা অথবা ৰাজহুৱা স্বাস্থ্যৰ সৈতে জড়িত পৰিস্থিতিত— ভুৱা তথ্যই মানুহৰ মাজত আতংক সৃষ্টি কৰিব পাৰে আৰু পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে। এনে সময়ত সংবাদ মাধ্যমৰ সামান্য ভুলেও বৃহৎ সামাজিক প্ৰভাৱ পেলাব পাৰে।

ইয়াৰ বিপৰীতে, সঠিক তথ্য, প্ৰামাণিক সূত্ৰ আৰু দায়িত্বশীল পৰিৱেশনে মানুহক সচেতন সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। সেয়েহে কোনো খবৰ প্ৰকাশ কৰাৰ পূৰ্বে তথ্যৰ উৎস পৰীক্ষা কৰা, সংশ্লিষ্ট পক্ষৰ বক্তব্য লোৱা, ছবি আৰু ভিডিঅ’ৰ প্ৰসংগ নিশ্চিত কৰা আৰু প্ৰয়োজন সাপেক্ষে প্ৰকাশৰ পিছতো ভুল শুধৰোৱা— এইবোৰ সাংবাদিকতাৰ মৌলিক দায়িত্ব। দ্ৰুততাৰ প্ৰতিযোগিতাত প্ৰথম হোৱাটো গুৰুত্বপূৰ্ণ হ’ব পাৰে, কিন্তু ভুল তথ্যৰে প্ৰথম হোৱাতকৈ পৰীক্ষিত তথ্যৰে কিছু পলমকৈ উপস্থাপন কৰাটো অধিক দায়িত্বশীল। কাৰণ, বাতৰিৰ ক্ষেত্ৰত ভুল এটা কেৱল এটা বাক্যৰ ভুল নহ’বও পাৰে। ইয়াৰ ফলত কোনো ব্যক্তিৰ সন্মান ক্ষুণ্ণ হ’ব পাৰে, কোনো পৰিয়াল বিপদত পৰিব পাৰে অথবা সমাজত অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে।

আঞ্চলিক সাংবাদিকতাৰ সন্মুখত নতুন প্ৰত্যাহ্বান

GPC Chronicle · October 2026115
CONTINUED · PART 6 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

অসমৰ দৰে এখন বহুভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ ৰাজ্যত ডিজিটেল সাংবাদিকতাৰ ভূমিকা বিশেষ তাৎপৰ্যপূৰ্ণ। বানপানী, গৰাখহনীয়া, কৃষকৰ সমস্যা, চাহ শ্ৰমিকৰ জীৱন, অবৈধ বাংলাদেশীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, পৰিৱেশ আৰু বিভিন্ন জনগোষ্ঠীৰ জীৱন-জীৱিকাৰ দৰে বিষয়সমূহৰ বাবে আঞ্চলিক সংবাদ মাধ্যম এক গুৰুত্বপূৰ্ণ মঞ্চ। ডিজিটেল প্ৰযুক্তিয়ে এই বিষয়সমূহক বৃহত্তৰ পাঠকসমাজৰ ওচৰলৈ লৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে। স্থানীয় ঘটনাৰ তথ্য, প্ৰত্যক্ষদৰ্শীৰ অভিজ্ঞতা আৰু দূৰৱৰ্তী অঞ্চলৰ সমস্যাসমূহ এতিয়া তুলনামূলকভাৱে সহজে সংগ্ৰহ আৰু প্ৰচাৰ কৰিব পাৰি। একেদৰে, অসমীয়া ভাষাত ডিজিটেল বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি পালে ভাষাটোৰ প্ৰযুক্তিগত উপস্থিতিও শক্তিশালী হ’ব পাৰে।

কিন্তু ইয়াৰ বাবে কিছুমান প্ৰত্যাহ্বান অতিক্ৰম কৰাটো জৰুৰী। অসমীয়া ভাষাৰ বানান, স্থানৰ নাম, ব্যক্তিৰ নাম, উপভাষা আৰু স্থানীয় সাংস্কৃতিক প্ৰসংগৰ ক্ষেত্ৰত স্বয়ংক্ৰিয় প্ৰযুক্তিয়ে ভুল কৰিব পাৰে। আনহাতে, কোনো স্থানীয় বিষয়ৰ গুৰুত্ব কেৱল ডিজিটেল প্লেটফৰ্মৰ জনপ্ৰিয়তাৰ মাপকাঠিৰে নিৰ্ধাৰণ কৰাটোও উচিত নহয়। এখন গাঁৱৰ বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সমস্যাই হয়তো লাখ লাখ ক্লিক লাভ নকৰিব পাৰে। কিন্তু সেই পৰিয়ালটোৰ বাবে সমস্যাটো জীৱন-মৰণৰ প্ৰশ্ন। সাংবাদিকতাৰ জনস্বাৰ্থমূলক দায়িত্বই এনে বিষয়কো সমান গুৰুত্বৰে উপস্থাপন কৰাৰ দাবী কৰে। সেয়েহে আঞ্চলিক সংবাদ মাধ্যমৰ বাবে প্ৰযুক্তি গ্ৰহণ কৰাৰ লগতে স্থানীয় বাস্তৱতা, ভাষিক সংবেদনশীলতা আৰু মানুহৰ জীৱনৰ সৈতে জড়িত সমস্যাসমূহৰ প্ৰতি দায়বদ্ধ হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়।

সম্পাদকৰ ভূমিকা কিয় অধিক গুৰুত্বপূৰ্ণ?

GPC Chronicle · October 2026116
CONTINUED · PART 7 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

প্ৰযুক্তিৰ বিকাশৰ লগে লগে সম্পাদকৰ ভূমিকা কমি যাব বুলি কেতিয়াবা ধাৰণা কৰা হয়। কিন্তু বাস্তৱত তথ্যৰ পৰিমাণ যিমান বৃদ্ধি পাইছে, সেই তথ্যৰ মাজৰ পৰা বিশ্বাসযোগ্য আৰু জনস্বাৰ্থৰ বাবে প্ৰাসংগিক বিষয় নিৰ্বাচন কৰাৰ প্ৰয়োজনো সিমানেই বৃদ্ধি পাইছে। এলগৰিদমে তথ্যৰ মাজত আৰ্হি বিচাৰি উলিয়াব পাৰে, পাঠকৰ সম্ভাৱ্য আগ্ৰহ অনুমান কৰিব পাৰে আৰু বিষয়বস্তুৰ দৃশ্যমানতা বৃদ্ধি কৰিব পাৰে। কিন্তু কোনো বাতৰি প্ৰকাশ কৰিলে সমাজৰ কোনো দুৰ্বল গোটৰ ওপৰত কি প্ৰভাৱ পৰিব, কোনো অভিযোগ প্ৰকাশ কৰাৰ আগতে কিমানখিনি প্ৰমাণৰ প্ৰয়োজন অথবা ব্যক্তিগত গোপনীয়তা আৰু জনস্বাৰ্থৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব লাগিব— এই সিদ্ধান্তসমূহৰ বাবে মানৱীয় বিচাৰবোধ, নৈতিকতা আৰু প্ৰসংগৰ গভীৰ বুজাবুজি প্ৰয়োজন।

এইখিনিতে সম্পাদকৰ দায়িত্ব বিশেষভাৱে গুৰুত্বপূৰ্ণ। সম্পাদকীয় সিদ্ধান্ত কেৱল কোনটো বাতৰি অধিক জনপ্ৰিয় হ’ব তাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কোনটো বাতৰি গুৰুত্বপূৰ্ণ, কোনটো তথ্য পৰীক্ষাৰ প্ৰয়োজন আৰু কোনটো বিষয় অধিক অনুসন্ধান দাবী কৰে— এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ সম্পাদকীয় স্বাধীনতা আৰু পেছাদাৰী বিবেকৰ প্ৰয়োজন। প্ৰযুক্তি যিমানেই উন্নত নহওক, দায়িত্বশীল সাংবাদিকতাৰ কেন্দ্ৰবিন্দুত থাকিব লাগিব মানুহ, সত্য আৰু জনস্বাৰ্থ।

পাঠকৰো আছে দায়িত্ব

GPC Chronicle · October 2026117
CONTINUED · PART 8 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

ডিজিটেল যুগত সংবাদ মাধ্যমৰ দায়িত্বৰ লগতে পাঠকৰ দায়িত্বও বৃদ্ধি পাইছে। কোনো বাতৰিৰ শিৰোনাম পঢ়িয়েই সিদ্ধান্তত উপনীত হোৱা, উৎস পৰীক্ষা নকৰাকৈ তথ্য শ্বেয়াৰ কৰা অথবা কেৱল নিজৰ পূৰ্বৰ ধাৰণাক সমৰ্থন কৰা তথ্যহে গ্ৰহণ কৰা— এই অভ্যাসসমূহে ভুৱা তথ্যৰ প্ৰসাৰত সহায় কৰিব পাৰে। পাঠকে বাতৰিৰ উৎস পৰীক্ষা কৰা, প্ৰকাশৰ তাৰিখ লক্ষ্য কৰা, একাধিক বিশ্বাসযোগ্য সূত্ৰৰ সৈতে তথ্যৰ মিল বিচৰা আৰু সন্দেহজনক দাবীৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। কোনো বাতৰি আমাৰ বিশ্বাসৰ সৈতে মিলিলেই সেয়া সত্য হৈ নাযায়; একেদৰে আমাৰ মতৰ বিপৰীত হ’লেই সেয়া মিছা হৈ নাযায়। সংবাদ মাধ্যম আৰু পাঠকৰ মাজৰ সম্পৰ্ক কেৱল তথ্য প্ৰদান আৰু গ্ৰহণৰ সম্পৰ্ক নহয়। ই পাৰস্পৰিক বিশ্বাসৰ সম্পৰ্ক। এই বিশ্বাস গঢ়ি তুলিবলৈ সংবাদ মাধ্যমে স্বচ্ছতা আৰু দায়বদ্ধতা বজাই ৰাখিব লাগিব, আৰু পাঠকেও তথ্যৰ প্ৰতি সমালোচনাত্মক মনোভাৱ গঢ়ি তুলিব লাগিব।

ভৱিষ্যতৰ সাংবাদিকতা: প্ৰযুক্তিৰ সৈতে, কিন্তু সত্যৰ পক্ষত

ডিজিটেল যুগৰ সাংবাদিকতাই প্ৰযুক্তিক উপেক্ষা কৰি আগবাঢ়িব নোৱাৰে। কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ, স্বয়ংক্ৰিয় ব্যৱস্থা আৰু নতুন ডিজিটেল মাধ্যমৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পাব। সংবাদ মাধ্যমসমূহে এই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই নিজৰ কামৰ পদ্ধতি উন্নত কৰিব লাগিব। কিন্তু প্ৰযুক্তি গ্ৰহণ কৰাৰ অৰ্থ সাংবাদিকতাৰ মৌলিক নীতিসমূহ ত্যাগ কৰা নহয়। বৰং প্ৰযুক্তিৰ ব্যৱহাৰ এনে হ’ব লাগে, যাতে তথ্যৰ যথাৰ্থতা বৃদ্ধি পায়, ভুল চিনাক্ত কৰাটো সহজ হয়, সাংবাদিকৰ অনুসন্ধানৰ ক্ষমতা শক্তিশালী হয় আৰু জনসাধাৰণে অধিক নিৰ্ভৰযোগ্য তথ্য লাভ কৰে।

GPC Chronicle · October 2026118
CONTINUED · PART 9 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

ইয়াৰ বাবে সংবাদ প্ৰতিষ্ঠানসমূহে সাংবাদিকসকলক নতুন প্ৰযুক্তিৰ প্ৰশিক্ষণ দিয়াৰ লগতে তথ্য পৰীক্ষা, ডিজিটেল সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক ব্যৱহাৰ আৰু সম্পাদকীয় দায়বদ্ধতাৰ ক্ষেত্ৰতো দক্ষ কৰি তুলিব লাগিব। একে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতা, উৎসৰ সুৰক্ষা আৰু জনস্বাৰ্থৰ প্ৰতি দায়বদ্ধতা অক্ষুণ্ণ ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। প্ৰযুক্তিয়ে বাতৰি কেনেকৈ প্ৰস্তুত হ’ব, কেনেকৈ প্ৰকাশ পাব আৰু কিমান দ্ৰুততাৰে মানুহৰ ওচৰ পাব— সেই সকলো দিশ সলনি কৰিব পাৰে। কিন্তু বাতৰি কিয় প্ৰকাশ কৰা হয়, তাৰ উত্তৰ আজিও একেই— মানুহক সত্যৰ ওচৰলৈ লৈ যাবলৈ, ক্ষমতাক প্ৰশ্ন কৰিবলৈ, অন্যায়ক পোহৰলৈ আনিবলৈ আৰু জনসাধাৰণক সচেতন সিদ্ধান্ত গ্ৰহণত সহায় কৰিবলৈ।

এলগৰিদমৰ যুগত সাংবাদিকতাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান প্ৰযুক্তিৰ সৈতে প্ৰতিযোগিতা কৰাটো নহয়; বৰং প্ৰযুক্তিৰ মাজতো নিজৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখাটো। দ্ৰুততা, দৃশ্যমানতা আৰু জনপ্ৰিয়তা ডিজিটেল সংবাদ মাধ্যমৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে, কিন্তু এইবোৰেই সাংবাদিকতাৰ সফলতাৰ একমাত্ৰ মাপকাঠি হ’ব নোৱাৰে। এখন সমাজৰ বাবে সকলো সময়তে আটাইতকৈ আকৰ্ষণীয় বাতৰিটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি নহয়। কেতিয়াবা জনপ্ৰিয়তাৰ কোলাহলৰ আঁৰত লুকাই থাকে কোনো গ্ৰামাঞ্চলৰ মানুহৰ আৰ্তনাদ, কোনো শ্ৰমিকৰ ন্যায্য অধিকাৰৰ প্ৰশ্ন অথবা কোনো অন্যায়ৰ নীৰৱ সাক্ষ্য। সেই কণ্ঠসমূহক বিচাৰি উলিওৱা আৰু সমাজৰ সন্মুখত তুলি ধৰাই সাংবাদিকতাৰ প্ৰকৃত শক্তি।

GPC Chronicle · October 2026119
CONTINUED · PART 10 OF 10

সত্য নে এলগৰিদম: ডিজিটেল যুগত বাতৰিৰ ভৱিষ্যৎ

এলগৰিদমে হয়তো নিৰ্ধাৰণ কৰিব পাৰে কোনটো বাতৰি আমাৰ পৰ্দাত প্ৰথমে দেখা যাব। কিন্তু কোনটো তথ্য বিশ্বাসযোগ্য, কোনটো অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে আৰু কোনটো সত্য জনসাধাৰণৰ সন্মুখলৈ অনাটো জৰুৰী— সেই বিচাৰবোধ সাংবাদিকতাই হেৰুৱাব নালাগে। কাৰণ, শেষ বিচাৰত সাংবাদিকতাৰ মূল্য কেৱল কিমান মানুহে বাতৰিটো পঢ়িলে, চালে অথবা শ্বেয়াৰ কৰিলে, তাৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ প্ৰকৃত মূল্য নিৰ্ভৰ কৰে বাতৰিটোৱে কিমানখিনি সত্য উদ্‌ঘাটন কৰিলে, কিমানখিনি জনস্বাৰ্থ ৰক্ষা কৰিলে আৰু সমাজক কিমানখিনি অধিক সচেতন কৰি তুলিলে, তাৰ ওপৰত। এলগৰিদমে মনোযোগৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে, কিন্তু সত্যৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে। ডিজিটেল যুগতো সাংবাদিকতাৰ চূড়ান্ত দায়বদ্ধতা এলগৰিদমৰ প্ৰতি নহয়— সত্যৰ প্ৰতি, মানুহৰ প্ৰতি আৰু সমাজৰ প্ৰতি।

GPC Chronicle · October 2026120
PAGE 1
1 / 120
Click the page edge, use ← →, or swipe to turn pages